Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশবাসীৰ নামত চৰ্দাৰ সৰোবৰ বান্ধ উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে; ডাভোইত নৰ্মদা মহোৎসৱৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী দেওবাৰে চর্দাৰ সৰোবৰ বান্ধ প্রকল্পক দেশবাসীৰ নামত উৎসর্গা কৰে। এই উপলক্ষে কেভাড়িয়াত নিৰ্মাণ কৰা প্রকল্প স্থলত প্রার্থনা আৰু মন্ত্রোচ্চাৰণেৰে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়। বান্ধটো দেশবাসীৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানক যুগমীয়া কৰিবলৈ এখনি ফলকো মুকলি কৰে প্রধানমন্ত্রীয়ে।

ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে চর্দাৰ সৰোবৰ বান্ধৰ নাতি দূৰৈৰ সাধুবেট অঞ্চলত চৰ্দাৰ বল্লভ ভাই পেটেলৰ ষ্টেচু অৱ ইউনিটীৰ নির্মাণ কাৰ্যও পৰিদর্শন কৰে। এই উপলক্ষে নির্মাণকাৰ্যৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ সন্দৰ্ভতো প্রধানমন্ত্রীক জনোৱা হয়।

দাভোইত আয়োজিত এক বিশেষ ৰাজহুৱা সভাত প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰীয় আদিবাসী স্বাধীনতা সংগ্রামীসকলৰ স্মাৰক সংগ্রহালয় নির্মাণৰ আধাৰশিলাৰ ফলকো উন্মোচন কৰে প্ৰধানমন্তীয়ে। এই দিনটোৱেই আছিল ‘নর্মদা মহোৎসৱ’ৰ সামৰণীৰ মুহূর্ত। গুজৰাটৰ বিভিন্ন জিলাত নর্মদা নদীৰ গুৰুত্ব সন্দৰ্ভত সজাগতা প্রসাৰৰ লক্ষ্যৰে এই ‘নর্মদা মহোৎসৱ’ উদযাপন কৰা হয়।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্রধানমন্ত্রীয়ে কয় যে মা নর্মদাক সাধাৰণ মানুহে কিমান শ্রদ্ধা কৰে, সেয়া এই বিশাল সমাবেশৰ পৰাই অনুভৱ কৰিব পাৰি। জাতি গঠনৰ কামত যিসকলে পৰিশ্রম কৰি আহিছে, বিশ্বকর্মা পূঁজা উপলক্ষে তেওঁলোকক মই অভিবাদন জনাইছো। প্রধানমন্ত্রীয়ে অহা ২০২২ চনৰ ভিতৰত এক নতুন ভাৰত গঠনৰ সপোন বাস্তৱ কৰিবলৈ চেষ্টাৰ কোনো ত্রুটি নাথাকে বুলি উল্লেখ কৰি সকলোকে এই ক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে বান্ধ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ দৃষ্টিভংগীকো স্মৰণ কৰে। তেওঁ কয় যে চৰ্দাৰ পেটেল আৰু ড০ বাবা চাহেব আম্বেদকাৰ দুয়োগৰাকীয়ে জলসিঞ্চন আৰু জলপৰিবহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

প্রধানমন্ত্রীয়ে কয় যে অপৰ্যাপ্ত জলসম্পদেই উন্নয়নৰ বিশেষ অন্তৰায়। সীমান্ত নিৰাপত্তাৰক্ষী বাহিনীৰ সদস্যসকলে যি পর্যাপ্ত জলৰ অভাৱ অনুভৱ কৰে, এইকথাও পূৰ্বতে তেওঁ কৰা সীমান্ত অঞ্চল পৰিদর্শনৰ অভিজ্ঞতা পৰা ব্যক্ত কৰে। প্রধানমন্ত্রীয়ে কয় যে নর্মদাৰ পানীক সীমান্ত অঞ্চলৰ জোৱানসকলৰ ওচৰত পঠিয়াবলৈ আমি সক্ষম হৈছোঁ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চর্দাৰ সৰোবৰ বান্ধ নির্মাণৰ ক্ষেত্ৰত গুজৰাটৰ সাধু-সন্তসকলে এক বিশেষ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। নর্মদা নদীৰ পানীয়ে যে নাগৰিকসকলৰ জীৱনলৈ এক বিশেষ পৰিৱর্তন আনিছে, সেই বিষয়েও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

প্রধানমন্ত্রী কয় যে দেশৰ পশ্চিম প্রান্তত যেতিয়া পানীৰ যোগান প্রচুৰ পৰিমাণে কমিছে, একেসময়তে পূর্বাঞ্চলত বিদ্যুৎ আৰু গেছৰ অভাৱে দেখা দিছে। এই ধৰণৰ অভাৱ পূৰণত চৰকাৰ যি নিৰলস পৰিশ্রম কৰি আহিছে, সেই কথাও উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে উন্নয়নৰ এক নতুন শিখৰত উপনীত হোৱাৰ পথত অগ্ৰসৰ হৈছে।

প্ৰধানমন্ত্ৰী মোদী কয় যে ষ্টেচু অৱ ইউনিটীৰ নির্মাণ সম্পূর্ণ হ’লেই চর্দাৰ পেটেলৰ প্ৰতি এক যথার্থ শ্রদ্ধা নিবেদন কৰা হ’ব আৰু দেশ-বিদেশৰ পর্যটকসসকলক আকর্ষণৰ ক্ষেত্রতো এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰিব। ঔপনিৱেশিকতাৰ বিৰুদ্ধে আদিবাসী সমাজৰ যিসকল স্বাধীনতা সংগ্রামীয়ে যুঁজ দিছিল, তেওঁলোককো শ্রদ্ধাৰে স্মৰণ কৰে প্রধানমন্ত্রীয়ে।

******

AKT/HS/DB