Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেৱী দুৰ্গাৰ আশীৰ্বাদ তথা সুৰক্ষা প্ৰদানকাৰী কৃপাক আলোকপাত কৰা এটি সংস্কৃত সুভাষিতম শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী দুৰ্গাৰ আশীৰ্বাদ আৰু সুৰক্ষা প্ৰদানকাৰী কৃপাৰ মহিমা প্ৰকাশ কৰা এটা সংস্কৃত সুভাষিতম সমাজিক মাধ্যম ‘এক্স’ত শ্বেয়াৰ কৰিছে।

সুভাষিতমটোৰ জৰিয়তে এই কথা প্ৰকাশ কৰা হৈছে যে ভক্তিভাৱে দেৱী দুৰ্গাক স্মৰণ কৰা ভক্তসকলৰ উন্নতি আৰু সমৃদ্ধি সাধন হয়। লগতে শ্লোকটোত এইবুলি উল্লেখ কৰা হৈছে যে যিসকলে দেৱীক ধ্যান কৰে, তেওঁলোকক দেৱীয়ে সকলো বিপদ-আপদৰ পৰা ৰক্ষা কৰে ।

সংস্কৃত সুভাষিতমটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম ‘এক্স’ত এনেদৰে লিখিছে—

“যিসকলে ভক্তিভাৱে তোমাক স্মৰণ কৰে, নিশ্চয় তেওঁলোকৰ উন্নতি সাধন হয়। হে দেৱীশ্বৰী, যিসকলে তোমাক স্মৰণ কৰে, তুমি তেওঁলোকক ৰক্ষা কৰা—ইয়াত কোনো সন্দেহ নাই।”

“यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते।

ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः॥”

 

 

*************

MJPS/SS/ST/DM