পি এম ইণ্ডিয়া
নতুন দিল্লীত আজি অষ্টাদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিলিপাইন গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামান্য ফাৰ্ডিনাণ্ড আৰ মাৰ্ক’ছ জুনিয়ৰক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে বৰ্তমান আছিয়ানৰ অধ্যক্ষ হিচাপে ব্ৰিকছ সন্মিলনত ফিলিপাইনছৰ অংশগ্ৰহণক আদৰণি জনায়।
নেতাদ্বয়ে সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে আৰু প্ৰতিৰক্ষা তথা নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, মহাকাশ, ৰে’লৱে আন্তঃগাঁথনি, ফিনটেক, শিক্ষা, পৰ্যটন, বিজ্ঞান আৰু প্ৰযুক্তি, উদ্ভাৱনৰ লগতে জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ আৰু সম্প্ৰসাৰিত কৰিবলৈ সন্মত হয়। দুয়োগৰাকী নেতাই ৰাষ্ট্ৰপতি মাৰ্ক’ছৰ ভাৰত ভ্ৰমণৰ সময়ত ২০২৫ চনৰ আগষ্টত দুয়োখন দেশৰ মাজত স্থাপিত কৌশলগত অংশীদাৰিত্বৰ অধীনত দ্বিপাক্ষিক সম্পৰ্ক অধিক আগুৱাই নিয়াৰ বাবে সন্মতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ফিলিপাইনছৰ দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰতাত যোগদানৰ সিদ্ধান্তক আদৰণি জনায়।
দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে আৰু কৌশলগত অংশীদাৰিত্বৰ সকলো ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে।
*********
MJPS/SS/ST/MK
PM @narendramodi had a meeting with President @bongbongmarcos on the sidelines of the BRICS Summit. The two leaders reviewed the growing momentum in the India-Philippines Strategic Partnership and discussed cooperation in trade, technology, space, innovation, creative industries… pic.twitter.com/w3WwLf4h1V
— PMO India (@PMOIndia) September 13, 2026
Delighted to meet President Ferdinand Marcos Jr. on the sidelines of the BRICS Summit. Wished him a very happy birthday too.
— Narendra Modi (@narendramodi) September 13, 2026
We reviewed the growing momentum in the India-Philippines Strategic Partnership.
Key focus areas are:
Economic linkages.
Technology.
Trade.… pic.twitter.com/14Q2z7oHct