প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নাৰী শক্তিৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰাৰ সংগ্ৰাম দশক দশক ধৰি চলি আহিছে আৰু তেৱোঁ বছৰ বছৰ ধৰি এই দিশত প্ৰচেষ্টা চলাই অহাসকলৰ মাজৰ এজন।
প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলা সৱলীকৰণৰ প্ৰতি থকা সংকল্প অটল আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ সৰ্বোপৰি। তেওঁ লক্ষ্য কৰে যে যেতিয়া ৰাষ্ট্ৰীয় স্বাৰ্থতকৈ কেইটামান দলৰ স্বাৰ্থই অগ্ৰাধিকাৰ পায়, তেতিয়া নাৰী শক্তি আৰু ৰাষ্ট্ৰীয় স্বাৰ্থই ইয়াৰ পৰিণাম ভুগিবলগীয়া হয়।
শ্ৰী মোদীয়ে কয় যে নাৰী শক্তি বন্দন সংশোধনী বৰ্তমান সময়ৰ আহ্বান। তেওঁ দৃঢ়তাৰে কয় যে এই সংকল্প অটল হৈ আছে আৰু দেশৰ আধা সংখ্যক জনসাধাৰণৰ সপোন তথা দেশৰ ভৱিষ্যতৰ বাবে ইয়াক পূৰণ কৰিবই লাগিব।
এটা ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে এক্সৰ পোষ্টত কয়;
“ভাৰতৰ প্ৰগতি, নাৰীশক্তিৰ সপোনৰ উৰণ…”
भारत की प्रगति, नारीशक्ति के सपनों की उड़ान… https://t.co/pSBPebrlEW
— Narendra Modi (@narendramodi) November 29, 2026
***
NKR/SS/ST/SS/DB
भारत की प्रगति, नारीशक्ति के सपनों की उड़ान... https://t.co/pSBPebrlEW
— Narendra Modi (@narendramodi) November 29, 2026