পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেটৱৰ্ক ১৮-ই আয়োজন কৰা ৰাইজিং ইণ্ডিয়া সন্মিলন সম্বোধন কৰে।
তেওঁ কয় যে, যেতিয়া আমি ৰাষ্ট্ৰ এখনৰ উদ্ভাৱনৰ কথা কওঁ, ইয়াৰ এক সামগ্ৰিক পটভূমি থাকে। ৰাইজিং ইণ্ডিয়াই ভাৰতৰ অৰ্থনীতিৰ উত্থানৰ উপৰি দেশবাসীৰ স্বাভিমানৰ প্ৰগতিক প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় মানুহৰ সামগ্ৰিক ইচ্ছা শক্তিয়ে অসম্ভৱকো সম্ভৱ কৰিব পাৰে। বৰ্তমান সময়ত, এই ইচ্ছা-শক্তিৰ জৰিয়তেই পুনৰাই নতুন ভাৰত নিৰ্মাণ হৈ আছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন ধৰণৰ ৰাষ্ট্ৰৰ দৃষ্টিভংগীৰ আধাৰত চৰকাৰ উন্নয়ন আৰু পৰিৰ্ৱতনৰ পথত অগ্ৰসৰ হৈছে, যিবোৰ নাগৰিকৰ অনুকৰণীয়। বিগত চাৰি বছৰৰ পৰা উন্নয়নৰ ধাৰাটো সলনি হোৱা দেখা গৈছে। এতিয়া নাগৰিকে নেতৃত্ব দিছে আৰু চৰকাৰে অণুসৰণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে- কম সময়ৰ ভিতৰতে স্বচ্ছ ভাৰত অভিযান গণ-আন্দোলন হৈ পৰিছে। নাগৰিকসকলে দুৰ্নীতি আৰু ক’লা ধনৰ বিৰুদ্ধে ডিজিটেল লেনদেনক আহিলা ৰূপে ব্যৱহাৰ কৰে। দেশখনৰ নাগৰিকে চৰকাৰক ডাঙৰ সিদ্ধান্ত লোৱাত আৰু সেইবোৰ কাৰ্যকৰী কৰাত অনুপ্ৰেৰণা যোগাইছে। তেওঁ লগতে উল্লেখ কৰে যে- ভাৰতবৰ্ষত যি পৰিৱৰ্তন হৈছে সেয়া ভাৰতবৰ্ষৰ নাগৰিকৰ প্ৰগতিৰ বাবে হোৱা পৰিবৰ্তন। চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত বৈষম্য দূৰ কৰাৰ বাবে সংকল্প লৈছে। এটা ভিডিঅ’ৰ জৰিয়তে তেওঁ কেনেকৈ “উজ্বলা যোজনা”ই অকল পাকঘৰেই নহয় গোটেই পৰিয়ালটোলৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে—তাক বুজোৱাৰ প্ৰয়াস কৰে। এনেদৰে প্ৰধানমন্ত্ৰীয়ে আমাৰ সামাজিক ব্যৱস্থাৰ এক ডাঙৰ ভাৰসাম্যহীনতাক বিশ্লেষণ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মণিপুৰত তেওঁ বিজ্ঞান কংগ্ৰেছৰ উদ্বোধন, মণিপুৰ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ লগতে উত্তৰ-পূৱৰ বাবে বিভিন্ন উন্নয়নমূলক প্ৰকল্প মূকলি কৰি ইয়ালৈ আহিছে৷ উত্তৰ-পূবৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ এক বিশেষ আৱেগ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত চৰকাৰে ‘এক্ট ইষ্ট এণ্ড এক্ট ফাষ্ট’ মন্ত্ৰৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ বাবে কাম কৰি আছে৷ তেওঁ লগতে এই কথাও কয় যে—এই মন্ত্ৰই উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ,উৰিষ্যা আদি ৰাজ্যসমূহো অৰ্ন্তভূক্ত কৰি লৈছে।
অসমৰ গেছ ক্ৰেকাৰ প্ৰকল্প, গোৰখপুৰ-বাৰানসী আৰু সিন্দ্ৰীত সাৰ-উদ্ভিদৰ পুনৰ উত্থান, জগদ্বীশপুৰৰ পৰা হলদিয়ালৈ যোৱা গেছৰ পাইপলাইন আৰু ধলা-শদিয়া দলঙৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে এই কথা উপস্থাপন কৰে যে কিদৰে উত্তৰ-পূব ভাৰতত প্ৰকল্পসমূহৰ কাম আগবঢ়াই নিয়া হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলত ১২ টা নতুন বিমান বন্দৰ স্থাপন কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে- দেশৰ মুঠ ১৮০০০ গাঁও এতিয়াও বিদ্যুত সংযোগৰ পৰা আঁতৰত আছে; ইয়াৰে ১৩,০০০ পূব-ভাৰতৰ আৰু ৫,০০০ উত্তৰ-পূৰ্বাঞ্চলৰ। শীঘ্ৰে এই গাওঁসমুহক বিদ্যুত সংযোগেৰে সাঙুৰি লোৱা হ’ব। সৌভাগ্য যোজনাৰ জৰিয়তে প্ৰত্যেক ঘৰতে বিদ্যুত সংযোগ আগবঢ়োৱা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে৷
স্বাস্থ্য সম্পৰ্কত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে—চৰকাৰে চাৰিটা স্তম্ভৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে—
· প্ৰতিৰোধক স্বাস্থ্যসেৱা
· সুলভমূল্যৰ স্বাস্থ্যসেৱা
· স্বাস্থ্যজড়িত সুবিধা
· লক্ষ্য পূৰণৰ মনোভাৱেৰে কাৰ্যৰূপায়ণ
প্ৰতিৰোধক স্বাস্থ্যসেৱা সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে-২০১৪ বৰ্ষত ৬.৫ কোটি মানুহৰ ঘৰত থকা শৌচালয়ৰ তুলনাত এতিয়া ১৩ কোটি মানুহৰ ঘৰত শৌচালয় আছে। স্বচ্ছতা বৰ্তমান ৩৮% ৰ পৰা ৮০% লৈ বৃদ্ধি পাইছে। যোগ এক গণ আন্দোলনত পৰিণত হ’বলৈ ধৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় বাজেটত সন্নিবিষ্ট হোৱা ‘কল্যাণ কেন্দ্ৰ’ৰ কথা উল্লেখ কৰে। টিকাকৰণ প্ৰক্ৰিয়াৰ কথাও প্ৰসংগক্ৰমে উত্থাপন কৰে৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে—সমগ্ৰ ভাৰতত ৩০০০তকৈও অধিক ‘জন ঔষধি কেন্দ্ৰ’ স্থাপন কৰা হৈছে য’ত কম মূল্যতে ৮০০ ঔষধ উপলব্ধ। ষ্টেণ্টছ আৰু আঠু সংৰোপন ব্যয়ো নিয়ন্ত্ৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷
প্ৰধানমন্ত্ৰীয়ে ভাষণত পুনৰ কয় যে আয়ুষ্মান ভাৰত আঁচনিয়ে প্ৰায় ১০ কোটি পৰিয়ালক স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়াব৷
প্ৰধানমন্ত্ৰীয়ে কয় যে চিকিৎসকৰ সংখ্যা কম হোৱাৰ বাবে চিকিৎসা মহাবিদ্যালয়সমূহত আসনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ‘ৰাষ্ট্ৰীয় পুষ্টীকৰণ অভিযান’ৰ আৰম্ভণি কৰে বুলিও তেওঁ উল্লেখ কৰে।
প্ৰতিটো খণ্ডৰ বাবে এক বিশেষ উন্নয়নৰ আৰ্হিত কেনেকৈ কেন্দ্ৰীয় চৰকাৰে কাম কৰি আছে সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা আগবঢ়ায়।
বিদ্যুৎ খণ্ডত স্থৱিৰতা ভংগ কৰি সমাধানৰ পথ বিচাৰি উলিওৱা বুলি প্ৰধানমন্ত্ৰীয়ে জোৰ প্ৰদান কৰে। বৰ্তমান শক্তি মন্ত্ৰালয়, নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয় আৰু কয়লা মন্ত্ৰালয় ঐক্যবদ্ধ হৈ কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে।
ভাৰতে নিজৰ অক্ষমতাসমূহ পিছ পেলাব পাৰিব। এই বিশ্বাসকেই উদ্ভাৱন ভাৰতৰ ভিত্তি বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ তেওঁ পুনৰ উল্লেখ কৰে যে—সমগ্ৰ বিশ্বই ভাৰতৰ এই প্ৰগতি লক্ষ্য কৰিছে। ভাৰতে নিজৰ লগতে সমগ্ৰ বিশ্বক প্ৰগতিৰ পথ দেখুৱাইছে। অলপতে হৈ যোৱা আন্ত:ৰাষ্ট্ৰীয় সৌৰমৈত্ৰী সন্মিলন মতে ভাৰতবৰ্ষই সৌৰশক্তি বিপ্লৱৰ মূখ্য ভূমিকা পালন কৰিছে। তেওঁ কয় যে, আন্ত:ৰাষ্ট্ৰীয় পটভূমিত যেনে জি-২০ আৰু ৰাষ্ট্ৰসংঘত ভাৰতবৰ্ষই কিছুমান বিষয় উত্থাপন কৰিবলৈ সক্ষম হৈছে যিবোৰে সমগ্ৰ পৃথিৱীৰ সন্ত্ৰাসবাদ, ক’লা ধন, দুৰ্নীতি আদিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল যে অৰ্থব্যৱস্থাৰ ফালৰপৰা যোৱা ৩-৪ বছৰৰপৰা ভাৰতবৰ্ষই গোলকীয় অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়নত শক্তি প্ৰদান কৰিছে। সূক্ষ্ম অৰ্থনৈতিক মানদণ্ডৰ ক্ষেত্ৰতো দেশখনে ফলপ্ৰসূ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয় বুলি তেওঁ কয়৷ তেওঁ লগতে কয় যে-ৰেটিং সংস্থাবোৰেও ভাৰতবৰ্ষৰ উত্থানৰ কথা ক’বলৈ ধৰিছে৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে-চৰকাৰে দুখীয়া, কম-মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ আশা-আকাংক্ষালৈ লক্ষ্য ৰাখি সমগ্ৰতা পৰিপূৰ্ণ মনোভাৱেৰে কাম কৰি আছে। নৱ-প্ৰজন্ম আৰু মহিলাসকলৰ সৱলীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাই প্ৰভাৱশালী মাধ্যম হিচাপে কাম কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে।
****
AKT/NT/MS
For me, Rising India signifies the rise of pride, prosperity and determination of 125 crore Indians. pic.twitter.com/ek1Xpk6eNd
— Narendra Modi (@narendramodi) March 16, 2018
In today’s India, it is the people who are leading the journey towards the country’s transformation. We can see this in several areas. pic.twitter.com/hWvT9GH6RV
— Narendra Modi (@narendramodi) March 16, 2018
I am proud that our Government has worked not only on emotional integration but also on harnessing the demographic dividend of the Northeast. We believe in ‘Act East and Act Fast for India’s East.’ pic.twitter.com/Uz5mXoIFJM
— Narendra Modi (@narendramodi) March 16, 2018
Unprecedented transformation of India’s health sector through focus on preventive health, affordable healthcare, supply side interventions and mission mode working. pic.twitter.com/fL4GQ0nCKC
— Narendra Modi (@narendramodi) March 16, 2018
Moving from silos to solutions. pic.twitter.com/2rGOr9L8AC
— Narendra Modi (@narendramodi) March 16, 2018
When we say India Rising, we also refer to India’s rising stature at the global stage. pic.twitter.com/g8D1l7sD6u
— Narendra Modi (@narendramodi) March 16, 2018
Strong economic growth and greater development. pic.twitter.com/F6ruYNlP9o
— Narendra Modi (@narendramodi) March 16, 2018
We attach topmost priority to the aspirations of the poor, neo-middle class and the middle class. pic.twitter.com/hGSlfT8qzs
— Narendra Modi (@narendramodi) March 16, 2018