Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নেদাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ৰব জেটেনক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেদাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ৰব জেটেনক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু নেদাৰলেণ্ডছৰ মাজত থকা ব্যাপক সম্পৰ্কৰ ওপৰত আলোকপাত কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁ দুয়োখন ৰাষ্ট্ৰ আৰু তেওঁলোকৰ জনসাধাৰণৰ মাজত বৰ্ধিত সম্পৰ্ক ত্বৰান্বিত কৰিবলৈ প্ৰধানমন্ত্ৰী জেটেনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘নেদাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে ৰব জেটেনক অভিনন্দন জনাইছো। ভাৰত আৰু নেদাৰলেণ্ডছৰ মাজত বিভিন্ন ক্ষেত্ৰত এক বিস্তৃত সম্পৰ্ক আছে। আমাৰ দুয়োখন দেশ আৰু জনসাধাৰণৰ মাজত বৰ্ধিত সম্পৰ্কক আৰু অধিক গতি প্ৰদান কৰিবলৈ মই আপোনালোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।’

***

MJPS/VJ/PKK/DD