Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ন্যায়াধীশ ৰঞ্জন গগৈ ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ নিযুক্ত


ন্যায়াধীশ ৰঞ্জন গগৈক আজি ৰাষ্ট্ৰপতিয়ে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰিছে৷ বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ অৱসৰৰ পাছত ২০১৮ৰ ৩ অক্টোবৰত তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিব৷  

১৯৫৪ চনৰ ১৮ নৱেম্বৰত জন্ম গ্ৰহণ কৰা ন্যায়াধীশ গগৈয়ে ১৯৭৮ত এগৰাকী অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁ সাংবিধানিক, কৰাৰোপন আৰু কোম্পানী সম্পৰ্কীয় দিশত প্ৰেক্টিচ কৰিছিল৷ ২০০১ৰ ২৮ ফেব্ৰুৱাৰীত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপতি নিযুক্ত হয়৷ ২০১০ৰ ৯ ছেপ্তেম্বৰত তেওঁ পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি হৈছিল৷ ২০১১ৰ ১২ ফেব্ৰুৱাৰীত গগৈয়ে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব লাভ কৰে৷ ২০১২ৰ ২৩ এপ্ৰিলত তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী বিচাৰক হিচাপে নিযুক্ত হয়৷

 

****

AKT/SH/SK/MS