পি এম ইণ্ডিয়া
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতি মহামহিম ছাবা কোৰোছি,
ৰাষ্ট্ৰসংঘৰ উপ-মহাসচিব মহামহিম আমিনা মহম্মদ,
নিউয়ৰ্কৰ মেয়ৰ মহামহিম এৰিক এডামছ
আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ প্ৰিয় বন্ধুসকল,
নমস্কাৰ!
বন্ধুসকল,
এই সুন্দৰ ৰাতিপুৱাটোত আমি ইয়াত ৰাষ্ট্ৰসংঘত গোট খাইছো।
সমগ্ৰ মানৱতাৰ মিলন কেন্দ্ৰত! নিউয়ৰ্কৰ এই আচৰিত চহৰখনত! মই জানো, আপোনালোকৰ বহুতেই বহু দূৰৈৰ পৰা আহিছে। আপোনালোকৰ বেছিভাগেই সূৰ্য্য উদয়ৰ আগতেই সাৰ পাইছে, আৰু ইয়ালৈ আহিবলৈ চেষ্টা কৰিছে।
আপোনালোক সকলোকে দেখি মই আনন্দিত হৈছো। আৰু, অহাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো!
বন্ধুসকল,
মোক কোৱা হৈছে যে আজি ইয়াত প্ৰায় প্ৰতিটো জাতিৰ প্ৰতিনিধিত্ব কৰা হৈছে। আৰু, আমাক সকলোকে একত্ৰিত কৰাৰ কি আচৰিত এক কাৰণ – যোগাসন!
যোগৰ অৰ্থ হ’ল – একত্ৰিত কৰা। গতিকে, আপোনাৰ একত্ৰিত হোৱাটো যোগৰ আন এটা ৰূপৰ প্ৰকাশ। মনত আছে, প্ৰায় ন বছৰ আগতে, ঠিক ইয়াত ৰাষ্ট্ৰসংঘত, ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তাৱ দিয়াৰ গৌৰৱ অৰ্জন কৰিছিলো।
তেতিয়াৰ দিনত সমগ্ৰ বিশ্বই এই ধাৰণাটোক সমৰ্থন কৰিবলৈ একত্ৰিত হোৱাটো আচৰিত আছিল। মই মাত্ৰ ৰাষ্ট্ৰসংঘৰ সাহসী শান্তিৰক্ষী বাহিনীক শ্ৰদ্ধাঞ্জলি জনাইছো। ২০১৫ চনত তেওঁলোকৰ স্মৃতিত ৰাষ্ট্ৰসংঘত নতুন স্মৃতিসৌধ নিৰ্মাণৰ আহ্বান জনাইছিলোঁ।
আৰু যোৱা সপ্তাহত সমগ্ৰ বিশ্বই ভাৰতৰ সৈতে হাত মিলাই এই কথাটো অতি সোনকালে বাস্তৱত পৰিণত কৰিছিল। সৰ্ববৃহৎ সৈন্যৰ অৱদান আগবঢ়োৱা জাতি হিচাপে আমি এই উদাৰ কাৰ্য্যৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰাৰ বাবে সকলো জাতিৰ প্ৰতি কৃতজ্ঞ।
যোৱা বছৰ সমগ্ৰ বিশ্বই একত্ৰিত হৈ ভাৰতে ২০২৩ চনক আন্তৰ্জাতিক বাজৰাৰ (মিলেট) বছৰ হিচাপে উদযাপন কৰাৰ প্ৰস্তাৱক সমৰ্থন কৰিছিল। বাজৰা এটা ছুপাৰফুড। ইহঁতে সামগ্ৰিক স্বাস্থ্যৰ প্ৰসাৰ ঘটায় আৰু পৰিৱেশৰ বাবেও ভাল। আৰু আজি, যোগৰ বাবে সমগ্ৰ বিশ্বই পুনৰ একত্ৰিত হোৱাটো আচৰিত কথা!
বন্ধুসকল,
যোগ ভাৰতৰ পৰা আহে। আৰু, ই এক অতি পুৰণি পৰম্পৰা। কিন্তু সকলো প্ৰাচীন ভাৰতীয় পৰম্পৰাৰ দৰে ইও জীৱন্ত আৰু গতিশীল। যোগাসন বিনামূলীয়া – কপিৰাইটৰ পৰা, পেটেণ্টৰ পৰা মুক্ত, আৰু ৰয়েল্টি পেমেণ্টৰ পৰা মুক্ত। যোগাসন খাপ খোৱা – আপোনাৰ বয়স, লিংগ, আৰু ফিটনেছ স্তৰৰ লগত। যোগাসন পৰ্টেবল – আপুনি ঘৰতে, বা কৰ্মস্থলীত, বা যাত্ৰাপথতো কৰিব পাৰে।
যোগ নমনীয় – আপুনি ইয়াক অকলেও কৰিব পাৰে, গোট হৈও অনুশীলন কৰিব পাৰে, শিক্ষকৰ পৰাও শিকিব পাৰে, বা নিজেও শিকিব পাৰে। যোগ একত্ৰিতকাৰী এক শক্তি – ই সকলোৰে বাবে, সকলো জাতি-জনগোষ্ঠীৰ বাবে, সকলো ধৰ্মৰ বাবে, আৰু সকলো সংস্কৃতিৰ বাবে। যোগ সঁচাকৈয়ে সাৰ্বজনীন।
বন্ধুসকল,
যোগাসন কৰিলে আমি শাৰীৰিকভাৱে সুস্থ, মানসিকভাৱে শান্ত আৰু আৱেগিকভাৱে সন্তুষ্ট অনুভৱ কৰো। কিন্তু কেৱল মেটত ব্যায়াম কৰাটোৱেই নহয়। যোগ হৈছে এক জীৱনশৈলী। স্বাস্থ্য আৰু সুস্থতাৰ এক সামগ্ৰিক দৃষ্টিভংগী। চিন্তা আৰু কৰ্মত সতেজ সপ্ৰতিভ হৈ থকাৰ এটা উপায়। নিজৰ সৈতে, আনৰ সৈতে আৰু প্ৰকৃতিৰ সৈতে মিলাপ্ৰীতিৰে জীয়াই থকাৰ এক উপায়। মই আনন্দিত যে আপোনালোকৰ বহুতেই যোগৰ বিভিন্ন দিশক বৈজ্ঞানিকভাৱে বৈধতা প্ৰদানৰ কাম কৰি আছে। সঁচাকৈয়ে এইটোৱেই হৈছে পথ।
বন্ধুসকল,
মই জানো আপোনালোক সকলোৱে আৰম্ভ কৰিবলৈ আগ্ৰহী! বাৰু, মইও তেনেকুৱাই। আজি আমাক ইয়াত আতিথ্য প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰসংঘক ধন্যবাদ জনাইছো। এই অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে মেয়ৰ আৰু নিউয়ৰ্ক চহৰৰ সকলো সহায় আৰু সহায়ৰ বাবে মই কৃতজ্ঞ। আৰু সৰ্বোপৰি আজি ইয়াত উপস্থিত হোৱাৰ বাবে আপোনালোক সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছো। আহক আমি যোগৰ শক্তিক কেৱল সুস্থ আৰু সুখী হোৱাৰ বাবেই নহয়, দয়ালু হ’বলৈও ব্যৱহাৰ কৰো – নিজৰ প্ৰতি, আৰু ইজনে সিজনৰ প্ৰতি।
আহক আমি যোগৰ শক্তিৰ সহায় লৈ বন্ধুত্বৰ সেতু, শান্তিপূৰ্ণ পৃথিৱী, আৰু স্বচ্ছ, সেউজ আৰু বহনক্ষম ভৱিষ্যত গঢ়ি তোলোঁ। আহক আমি একেলগে হাত মিলাই লক্ষ্য বাস্তৱায়িত কৰোঁ – “এখন পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত”। এক মঙ্গল কাৰমনাৰে সামৰণি মাৰো: सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः – অৰ্থাৎ সকলো সুখী হওক, সকলোৱে সুস্থ হৈ থাকক!
ধন্যবাদ!
আপোনাক অশেষ ধন্যবাদ!
*******
Delighted to take part in the #YogaDay programme at @UN HQ. Let us make Yoga a part of our lives and further wellness. https://t.co/XvsB8AYfGs
— Narendra Modi (@narendramodi) June 21, 2023
About nine years ago, right here at the @UN, I had the honour to propose celebrating the International Day of Yoga on 21st June: PM @narendramodi pic.twitter.com/cEi4XWMnwi
— PMO India (@PMOIndia) June 21, 2023
Last year, the entire world came together to support India’s proposal to celebrate 2023 as the International Year of Millets: PM @narendramodi pic.twitter.com/FQ1Dxo0oMY
— PMO India (@PMOIndia) June 21, 2023
Yoga comes from India. Like all ancient Indian traditions, it is also living and dynamic. pic.twitter.com/YWx5PUZ6cP
— PMO India (@PMOIndia) June 21, 2023
Yoga is truly universal. pic.twitter.com/fc9Yazjf9v
— PMO India (@PMOIndia) June 21, 2023
Yoga is a way of life. pic.twitter.com/u7RGvos5eS
— PMO India (@PMOIndia) June 21, 2023