Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পদ্ম বিভূষণ পণ্ডিত ছান্নুলাল মিশ্ৰৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ শোক বাৰ্তা


পদ্ম বিভূষণ পণ্ডিত ছান্নুলাল মিশ্ৰ জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে পণ্ডিত ছান্নুলাল মিশ্ৰ জীৰ মৃত্যু ভাৰতীয় সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁ মন্তব্য কৰে যে পণ্ডিত ছান্নুলাল মিশ্ৰই শিল্প আৰু সংস্কৃতিৰ প্ৰতি নিজৰ জীৱন উৎসৰ্গা কৰাৰ লগতে বেনাৰস ঘৰানাৰ সংগীত পৰম্পৰাক নতুন উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে পণ্ডিত মিশ্ৰই তেওঁৰ কণ্ঠ আৰু গীতেৰে কাশীৰ পৰম্পৰা আৰু উৎসৱক সমৃদ্ধ কৰিছিল। মণিকৰ্ণিকা ঘাটৰ হোলীয়েই হওক বা শাওন  মাহত তেওঁৰ কাজৰী পৰিবেশনেই হওক, তেওঁৰ সংগীতে চিৰদিনৰ বাবে কাশীত অনুৰণন ঘটাই থাকিব। প্ৰধানমন্ত্ৰীয়ে বিশ্ব মঞ্চত গুৰুত্বপূৰ্ণ লোক পৰম্পৰালৈ স্বীকৃতি অনাৰ ক্ষেত্ৰত পণ্ডিত মিশ্ৰ জীৰ অৱদানৰ শলাগ লয়।

ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ   কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ পণ্ডিত মিশ্ৰ জীক কেইবাবাৰো লগ পোৱাৰ লগতে তেওঁৰ মৰম লাভ কৰাৰ সৌভাগ্য লভিছিল। ২০১৪ চনৰ নিৰ্বাচনত পণ্ডিত ছান্নুলাল মিশ্ৰ জী তেওঁৰ অন্যতম প্ৰস্তাৱক আছিল বুলি স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কাশীৰ সৈতে পণ্ডিত মিশ্ৰ জীৰ থকা গভীৰ আবেগিক সংযোগ সঁচাকৈয়ে অনন্য।

প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে পণ্ডিত মিশ্ৰ জীয়ে তেওঁক প্ৰায়ে কাশীৰ বিকাশ আৰু পৰম্পৰা সম্পৰ্কে বহুমূলীয়া পৰামৰ্শ দিছিল। শ্ৰী মোদীয়ে মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ সময়ত কেনেকৈ তেওঁৰ বাসগৃহলৈ গৈছিল সেই কথাও মনত পেলাইছিল, যিটো স্মৃতি গান্ধী জয়ন্তীৰ বাৰ্তা লিখোতে তেওঁ অনুভৱ কৰিছিল।  প্ৰধানমন্ত্ৰীয়ে কয় যে যদিও পণ্ডিত মিশ্ৰ জী এতিয়া কাযিকভাবে  উপস্থিত নাই , ভাৰতৰ প্ৰতিজন সংগীতপ্ৰেমীয়ে তেওঁৰ জীৱনৰ পৰা প্ৰেৰণা লাভ কৰি যাব আৰু কাশীয়ে প্ৰতিটো উদযাপনত তেওঁৰ ভজনৰ জৰিয়তে তেওঁক স্মৰণ কৰিব।

পণ্ডিত মিশ্ৰ জীৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ দুখ তেওঁৰ ব্যক্তিগত দুখ। তেওঁ প্ৰাৰ্থনা কৰে যে বাবা বিশ্বনাথে পণ্ডিত ছান্নুলাল মিশ্ৰ জীক তেওঁৰ চৰণত স্থান প্ৰদান কৰক আৰু এই দুখৰ সময়ত তেওঁৰ শুভাকাংক্ষীসকলক শক্তি প্ৰদান কৰক।

 

 MJPS/SR/DM