Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পশ্চিমবংগৰ আনন্দপুৰত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ আনন্দপুৰত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে লগতে ইয়াত আহত হোৱাসকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফ-ৰ পৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স-গ্ৰেচিয়া ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ

“পশ্চিমবংগৰ আনন্দপুৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাটো অত্যন্ত মৰ্মান্তিক আৰু দুখজনক। ইয়াত আপোনজনক হেৰুৱাবলগীয়া হোৱা সকলক মই সমবেদনা জনাইছো। মই আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।

পিএমএনআৰএফ-ৰ পৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স-গ্ৰেচিয়া আগবঢ়োৱা হৈছেঃ প্ৰধানমন্ত্ৰী @narendramodi”

****

MJPS/VJ/SB