Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ টেলিফনিক কল


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰা  এটা ফোন কল লাভ কৰে। পশ্চিম এছিয়াৰ বিকাশশীল পৰিস্থিতিৰ বিষয়ত  দুয়োগৰাকী নেতাৰ মাজত  মত বিনিময় হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে উত্তেজনা প্ৰশমন আৰু অতি সোনকালে শান্তি পুনৰুদ্ধাৰৰ বিষয়টোক  সমৰ্থন কৰে। প্ৰধানমন্ত্ৰীয়ে বিশ্ব শান্তি স্থিতিশীলতা আৰু অৰ্থনৈতিক কল্যাণৰ বাবে অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি হৰমুজ জলদ্বীপ মুকলি কৰা তথা ইয়াক  সুৰক্ষিত  কৰি ৰখাৰ কথাটো নিশ্চিত কৰাৰ বিষয়ত গুৰুত্বৰ আৰোপ কৰে।দুয়োগৰাকী নেতাই অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা বৃদ্ধিৰ লক্ষ্যৰে চলি থকা প্ৰচেষ্টা সন্দৰ্ভত পৰৱৰ্তী সময়তো  যোগাযোগত থাকিবলৈ সন্মত হয়।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

‘ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পৰা ফোন কল পাইছো আৰু পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত এক ফলপ্ৰসূ মত বিনিময় কৰিলো।ভাৰতে অতি সোনকালে উত্তেজনা প্ৰশমন অনা আৰু শান্তি পুনৰুদ্ধাৰক সমৰ্থন কৰে।হৰমুজ জলদ্বীপ যাতে মুকলি, সুৰক্ষিত আৰু সুলভ হৈ থাকে সেয়া নিশ্চিত কৰাটো সমগ্ৰ বিশ্বৰ বাবে অতি প্ৰয়োজনীয়।শান্তি আৰু স্থিতিশীলতাৰ দিশত কৰা প্ৰচেষ্টা সন্দৰ্ভত আমি যোগাযোগত থাকিবলৈ সন্মত হ’লোঁ।

@realDonaldTrump

@POTUS”

 

*****

MJPS/ST/DM