Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পেচিফিক পেন্সন আৰু বিনিয়োগ প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সভাপতি শ্ৰী লিঅ’নেল চি জনছন নেতৃত্বাধীন পেচিফিক পেন্সন আৰু বিনিয়োগ প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গৰ সৈতে সাক্ষাৎ কৰে।

প্ৰতিনিধিবৰ্গই ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ক্ষীপ্ৰতাক প্ৰশংসা কৰে আৰু ইয়াৰ বিকাশৰ সম্ভাৱনীয়তাসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰে। পোনপটীয়া বৈদেশিক বিনিয়োগ, সামগ্ৰী আৰু সেৱা কৰকে ধৰি বিভিন্ন বিষয় আলোচনাৰ আওঁতালৈ অনা হয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতত বিনিয়োগৰ সুবিধা থকা বিভিন্ন সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ ভাৰতীয় নাগৰিকৰ ক্ৰমবৰ্দ্ধমান আশা, ব্যৱসায়ৰ প্ৰতি বাঢ়ি অহা আগ্ৰহ আদিৰ কথা উল্লেখ কৰে যাৰ ফলত বিনিয়োগৰ সুবিধা বৃদ্ধি পাইছে।তেওঁ পুনঃনৱীকৃত শক্তি খণ্ড, জৈৱিক কৃষি আদি ক্ষেত্ৰতো পেচিফিক পেন্সন আৰু বিনিয়োগ প্ৰতিষ্ঠানে মনোযোগ দিব পাৰে বুলি উল্লেখ কৰে। এই ক্ষেত্ৰত তেওঁ মহাত্মা গান্ধীৰ আদৰ্শৰ কথাও উল্লেখ কৰে।

****

AKT/NT/PRK