পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বৃহস্পতিবাৰে (২১ এপ্রিল) নতুন দিল্লীৰ লালকিল্লাত গুৰু তেগ বাহাদুৰ জীৰ ৪০০তম প্রকাশ পৰব উদযাপনত অংশগ্রহণ কৰে। প্রধানমন্ত্রীয়ে শ্রী গুৰু তেগ বাহাদুৰক প্রার্থনা জনায়। প্রধানমন্ত্রী যেতিয়া প্রার্থনাত বহে তেতিয়া ৪০০ জন শিখ সঙ্গীত শিল্পীয়ে শব্দ/ কীর্তন পৰিবেশন কৰে। অনুষ্ঠানে শিখ নেতৃত্বৰ ফালৰ পৰা প্রধানমন্ত্রীক সন্মান জনোৱা হয়। আজি অনুষ্ঠানত প্রধানমন্ত্রীয়ে এটি স্মাৰক মুদ্রা আৰু ডাক টিকট প্রকাশ কৰে।
অনুষ্ঠানত প্রধানমন্ত্রীয়ে কয় যে গুৰুসকলৰ কৃপাত, শ্রদ্ধেয় গুৰুসকলৰ শিক্ষা অনুযায়ী দেশ আগুৱাই গৈছে। গুৰুসকলৰ চৰণত প্রণাম জনায় তেওঁ। শ্রী মোদীয়ে লালকিল্লাৰ ঐতিহাসিক তাৎপর্যৰ ওপৰত জোৰ দিয়ে। কাৰণ, এই স্থানত গুৰু তেগ বাহাদুৰ জীৰ আত্মবলিদান প্রত্যক্ষ কৰিছে আৰু ইয়াত দেশৰ ইতিহাস তথা আকাঙ্খা প্রতিফলিত হৈছে। এই প্রেক্ষাপটত ঐতিহাসিক স্থানত আজিৰ অনুষ্ঠান অত্যন্ত তাৎপর্যপূর্ণ বুলি মন্তব্য কৰে তেওঁ।
শত বছৰৰ দাসত্বৰ পৰা ভাৰতৰ স্বাধীনতা লাভৰ ওপৰত জোৰ দিয়ে প্রধানমন্ত্রীয়ে। তেওঁ কয় যে ভাৰতৰ স্বাধীনতাক তাৰ আধ্যাত্মিক তথা সাংস্কৃতিক যাত্রাৰ পৰা পৃথক কৰিব নোৱাৰি। সেই কাৰণেই দেশে আজাদী কা অমৃত মহোৎসৱ আৰু শ্রী গুৰু তেগ বাহাদুৰ জীৰ ৪০০তম প্রকাশ পৰব একেই সংকল্পৰ সৈতে উদযাপন কৰিছে। তেওঁ কয়, “আমাৰ গুৰুসকলে সর্বদা জ্ঞান আৰু আধ্যাত্মিকতাৰ সৈতে সমাজ আৰু সংস্কৃতিৰ দায়িত্ব লৈছিল। তেওঁলোকে শক্তিক সেৱাৰ মাধ্যম হিচাপে চায়।”
শ্রী মোদীয়ে কয়, “ভাৰতৰ এই ভূমি কেৱল এখন দেশ নহয়, ইয়াত আমাৰ মহান ঐতিহ্য আৰু গুৰুত্বপূর্ণ পৰম্পৰাগত প্রথা আছে। এয়া আমাৰ ঋষি, গুৰুসকলৰ মাধ্যমত শত সহস্র বছৰৰ তপস্যাৰ ফল আৰু ইয়াত চিন্তাধাৰাই সমৃদ্ধি লাভ কৰিছে।” প্রধানমন্ত্রীয়ে জনায় যে নিকটৱর্তী গুৰুদ্বাৰ শীশগঞ্জ চাহিব, যি গুৰু তেগ বাহাদুৰ জীৰ অমৰ আত্মত্যাগৰ প্রতীক। ই আমাক গুৰু তেগ বাহাদুৰৰ আত্মত্যাগৰ কথা স্মৰণ কৰাই দিয়ে। প্রধানমন্ত্রীয়ে সেই সময়ত ধর্মৰ নামত যিসকলে হিংসা চলাইছিল, তেওঁলোকৰ ধর্মীয় উগ্রতা আৰু চৰম নৃশংসতাৰ কথাও স্মৃতিচাৰণ কৰে। শ্রী মোদীয়ে কয়, “সেই সময়ত গুৰু তেগ বাহাদুৰ জীয়ে ভাৰতৰ পৰিচয় ৰক্ষাৰ বাবে এটা ডাঙৰ আশা লৈ আবির্ভূত হৈছিল। ঔৰঙ্গজেবৰ অত্যাচাৰী চিন্তাধাৰাৰ সন্মুখত গুৰু তেগ বাহাদুৰ জী ‘হিন্দ দি চাদৰ’ হৈ পাথৰৰ দৰে থিয় দিছিল।” তেওঁ কয় যে গুৰু তেগ বাহাদুৰ জীৰ আত্মত্যাগে ভাৰতৰ বহু প্রজন্মক তেওঁলোকৰ সাংস্কৃতিক মর্যাদা আৰু সন্মান ৰক্ষার্থে বাচিবলৈ আৰু শ্বহীদ হ’বলৈ অনুপ্রাণিত কৰিছে। তেওঁ লগতে কয় যে ডাঙৰ শক্তিবিলাক অদৃশ্য হৈ গৈছে, ডাঙৰ স্ৰোত শান্ত হৈছে, কিন্তু ভাৰত এতিয়াও অমৰ হৈ থিয় দি আছে, আগুৱাই গৈছে। শ্রী মোদীয়ে জোৰ দি কয় যে বিশ্বই আকৌ আশা আৰু প্রত্যাশা লৈ ভাৰতৰ ফালে চাই আছে। প্রধানমন্ত্রীয়ে জনায়, “আমি ‘নতুন ভাৰতৰ’ পোহৰত সর্বত্র গুৰু তেগ বাহাদুৰ জীৰ আশীর্বাদ অনু্ভৱ কৰো।”
দেশৰ প্রতিটো কোণত গুৰুৰ প্রভাৱ আৰু তেওঁৰ জ্ঞানৰ আলোকৰ উপস্থিতিৰ কথা তুলি ধৰি প্রধানমন্ত্রীয়ে কয় যে গুৰু নানক দেৱ জীয়ে সমগ্র দেশক এডাল সুতাৰে বান্ধিছিল। গুৰু তেগ বাহাদুৰৰ অনুগামীসকল সর্বত্র আছে। পাটনাৰ পৱিত্র পাটনা চাহিব আৰু দিল্লীৰ ৰাকাবগঞ্জ চাহিবৰ কথা উল্লেখ কৰি শ্রী মোদীয়ে জনায়, “আমি গুৰুসকলৰ জ্ঞান আৰু আশীর্বাদৰ মাজত সর্বত্র ‘এক ভাৰত’ দেখিবলৈ পাওঁ।” শিখ ঐতিহ্য উদযাপনৰ বাবে চৰকাৰৰ প্রয়াস তুলি ধৰি প্রধানমন্ত্রীয়ে উল্লেখ কৰে যে, যোৱা বছৰ চৰকাৰে চাহিবজাদাসকলৰ মহান আত্মত্যাগৰ স্মৰণত ২৬ ডিচেম্বৰত বীৰ বাল দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লৈছে। একেদৰে কেন্দ্রীয় চৰকাৰে শিখ ঐতিহ্যৰ সৈতে যুক্ত তীর্থস্থানসমূহক যুক্ত কৰাৰ বাবে নিৰন্তৰ প্রয়াস চলাই গৈছে। কর্তাৰ চাহিবৰ বাবে অপেক্ষাৰ দিন শেষ আৰু অনেক চৰকাৰী প্রকল্পই এই পৱিত্র স্থানসমূহৰ তীর্থযাত্রাক সহজ আৰু সুলভ কৰি তুলিছে। স্বদেশ দর্শন প্রকল্পৰ আওতাত আনন্দপুৰ চাহিব আৰু অমৃতসৰ চাহিব সহ একাধিক বিশিষ্ট স্থানৰ সমন্বয়ত এটি তীর্থযাত্রা ছার্কিট প্ৰস্তুত হৈছে। হেমকুণ্ড চাহিব ৰোপৱেৰ কাম চলিছে। গুৰু গ্রন্থ চাহিবৰ মহিমাক প্রণাম জনাই শ্রী মোদীয়ে কয়, “শ্রী গুৰু গ্রন্থ চাহিব জী আমাৰ বাবে আত্ম-উপলব্ধিৰ পথপ্রদর্শক আৰু লগতে ভাৰতৰ বৈচিত্র্য আৰু ঐক্যৰ জীৱন্ত উদাহৰণ। সেয়ে, আফগানিস্তানত যেতিয়া সঙ্কটে দেখা দয়ে,তেতিয়া চৰকাৰে কোনো অৱকাশ ৰখা নাই আৰু গুৰু গ্রন্থ চাহিবৰ পৱিত্র ‘স্বৰূপ’ যথাযথ সন্মানেৰে দেশলৈ লৈ অহা হৈছে।” তেওঁ লগতে কয় যে, নাগৰিকত্ব সংশোধনী আইনৰ মাধ্যমত প্রতিবেশী দেশবিলাকৰ পৰা অহা শিখ আৰু সংখ্যালঘুসকলৰ নাগৰিকত্বৰ পথ প্রশস্ত কৰা হৈছে।
ভাৰতৰ দর্শনৰ মূল কথা ক’বলৈ গৈ প্রধানমন্ত্রীয়ে জনায়, “ভাৰতে কেতিয়াও কোনো দেশ বা সমাজৰ বাবে ভীতি প্রদর্শনৰ কাৰণ হৈ থিয় নিদিয়ে। আজিও আমি সমগ্ৰ বিশ্বৰ কল্যাণৰ বাবে চিন্তা কৰো। আমি যেতিয়া আত্মনির্ভৰ ভাৰতৰ কথা কওঁ, তেতিয়া সমগ্র বিশ্বৰ অগ্রগতিক সন্মুখত ৰাখো।” আজিৰ ভাৰতে বিশ্বব্যাপী সংঘাতৰ মাজতো সম্পূর্ণ স্থিতিশীলতাৰে শান্তিৰ বাবে প্রয়াস চলাইছে আৰু ভাৰতে দেশৰ প্রতিৰক্ষা আৰু নিৰাপত্তা ক্ষেত্রত সমানে শক্তিশালী। আমাৰ সন্মুখত গুৰুসকলে দিয়া মহান শিখ ঐতিহ্য আছে বুলিও উল্লেখ কৰে তেওঁ।
গুৰুসকলে পুৰণা ভাবধাৰাবিলাক একাষৰীয়া কৰি থৈ নতুন চিন্তাধাৰাবিলাকক সন্মুখত ৰাখিছিল। তেওঁলোকৰ শিষ্যসকলেও সেই শিক্ষাই গ্রহণ কৰিছে। নতুন চিন্তাধাৰাৰ এই সামাজিক প্রচাৰাভিযান আছিল চিন্তন স্তৰৰ উদ্ভাৱন। প্রধানমন্ত্রীয়ে লগতে কয়, “নতুন চিন্তা, কঠোৰ পৰিশ্রম আৰু ১০০ শতাংশ নিষ্ঠা, এয়াই আজিও আমাৰ শিখ সমাজৰ পৰিচয়। আজাদী কা অমৃত মহোৎসৱৰ সময়ত এয়াই দেশৰ সংকল্প। আমাৰ পৰিচয়ক লৈ গর্ব কৰিব লাগিব। আমাৰ স্থানীয়সকলৰ বাবে গর্বিত হ’ব লাগিব, আমি এখন স্বনির্ভৰ ভাৰত গঢ়ি তুলিব লাগিব।”
***
DS
We bow to Sri Guru Tegh Bahadur Ji on his Parkash Purab. https://t.co/c1uRCOSZta
— Narendra Modi (@narendramodi) April 21, 2022
ਲਾਲ ਕਿਲੇ 'ਤੇ ਸ੍ਰੀ ਗੁਰੂ ਤੇਗ਼ ਬਹਾਦਰ ਜੀ ਦੇ 400ਵੇਂ ਪ੍ਰਕਾਸ਼ ਪੁਰਬ ਸਮਾਰੋਹ ਵਿੱਚ ਸ਼ਾਮਲ ਹੋਣ ਦਾ ਸੁਭਾਗ ਮਿਲਿਆ। pic.twitter.com/g91ZfRSVyg
— Narendra Modi (@narendramodi) April 21, 2022
Blessed to join the 400th Parkash Purab celebrations of Sri Guru Teg Bahadur Ji at the Red Fort pic.twitter.com/cj02zafDW0
— Narendra Modi (@narendramodi) April 21, 2022
गुरु तेग बहादुर जी के बलिदान ने भारत की अनेक पीढ़ियों को अपनी संस्कृति के मान-सम्मान के लिए जीने और मर-मिट जाने की प्रेरणा दी है। pic.twitter.com/DthGAji5bA
— Narendra Modi (@narendramodi) April 22, 2022
इसे मैं अपनी सरकार का सौभाग्य मानता हूं कि गुरुओं की सेवा के लिए इतना कुछ करने का अवसर मिल रहा है… pic.twitter.com/wggOcE5fep
— Narendra Modi (@narendramodi) April 22, 2022
श्री गुरुग्रंथ साहिब जी हमारे लिए आत्मकल्याण के पथप्रदर्शक के साथ-साथ भारत की विविधता और एकता का जीवंत स्वरूप भी हैं। pic.twitter.com/8Wyx78mgK2
— Narendra Modi (@narendramodi) April 22, 2022
ਅਲੌਕਿਕ ਨਜ਼ਾਰਾ
— Narendra Modi (@narendramodi) April 22, 2022
ਹੋ ਰਹੀ ਹੈ ਜੀ ਤੇਰੀ
ਜੈ ਜੈ ਕਾਰ pic.twitter.com/a7OzHcZKEE
अभी शबद कीर्तन सुनकर जो शांति मिली, वो शब्दों में अभिव्यक्त करना मुश्किल है।
— PMO India (@PMOIndia) April 21, 2022
आज मुझे गुरू को समर्पित स्मारक डाक टिकट और सिक्के के विमोचन का भी सौभाग्य मिला है।
मैं इसे हमारे गुरूओं की विशेष कृपा मानता हूं: PM @narendramodi
मुझे खुशी है आज हमारा देश पूरी निष्ठा के साथ हमारे गुरुओं के आदर्शों पर आगे बढ़ रहा है।
— PMO India (@PMOIndia) April 21, 2022
इस पुण्य अवसर पर सभी दस गुरुओं के चरणों में नमन करता हूँ।
आप सभी को, सभी देशवासियों को और पूरी दुनिया में गुरुवाणी में आस्था रखने वाले सभी लोगों को प्रकाश पर्व की हार्दिक बधाई देता हूँ: PM
ये लालकिला कितने ही अहम कालखण्डों का साक्षी रहा है।
— PMO India (@PMOIndia) April 21, 2022
इस किले ने गुरु तेग बहादुर जी की शहादत को भी देखा है और देश के लिए मरने-मिटने वाले लोगों के हौसले को भी परखा है: PM @narendramodi
ये भारतभूमि, सिर्फ एक देश ही नहीं है बल्कि हमारी महान विरासत है, महान परंपरा है।
— PMO India (@PMOIndia) April 21, 2022
इसे हमारे ऋषियों, मुनियों, गुरुओं ने सैकड़ों-हजारों सालों की तपस्या से सींचा है, उसके विचारों को समृद्ध किया है: PM @narendramodi
यहाँ लालकिले के पास में ही गुरु तेगबहादुर जी के अमर बलिदान का प्रतीक गुरुद्वारा शीशगंज साहिब भी है!
— PMO India (@PMOIndia) April 21, 2022
ये पवित्र गुरुद्वारा हमें याद दिलाता है कि हमारी महान संस्कृति की रक्षा के लिए गुरु तेगबहादुर जी का बलिदान कितना बड़ा था: PM @narendramodi
उस समय देश में मजहबी कट्टरता की आँधी आई थी।
— PMO India (@PMOIndia) April 21, 2022
धर्म को दर्शन, विज्ञान और आत्मशोध का विषय मानने वाले हमारे हिंदुस्तान के सामने ऐसे लोग थे जिन्होंने धर्म के नाम पर हिंसा और अत्याचार की पराकाष्ठा कर दी थी: PM @narendramodi
उस समय भारत को अपनी पहचान बचाने के लिए एक बड़ी उम्मीद गुरु तेगबहादुर जी के रूप में दिखी थी।
— PMO India (@PMOIndia) April 21, 2022
औरंगजेब की आततायी सोच के सामने उस समय गुरु तेगबहादुर जी, ‘हिन्द दी चादर’ बनकर, एक चट्टान बनकर खड़े हो गए थे: PM @narendramodi
गुरु तेग बहादुर जी के बलिदान ने, भारत की अनेकों पीढ़ियों को अपनी संस्कृति की मर्यादा की रक्षा के लिए, उसके मान-सम्मान के लिए जीने और मर-मिट जाने की प्रेरणा दी है।
— PMO India (@PMOIndia) April 21, 2022
बड़ी-बड़ी सत्ताएँ मिट गईं, बड़े-बड़े तूफान शांत हो गए, लेकिन भारत आज भी अमर खड़ा है, आगे बढ़ रहा है: PM
गुरु नानकदेव जी ने पूरे देश को एक सूत्र में पिरोया।
— PMO India (@PMOIndia) April 21, 2022
गुरु तेगबहादुर जी के अनुयायी हर तरफ हुये।
पटना में पटना साहिब और दिल्ली में रकाबगंज साहिब, हमें हर जगह गुरुओं के ज्ञान और आशीर्वाद के रूप में ‘एक भारत’ के दर्शन होते हैं: PM @narendramodi
पिछले वर्ष ही हमारी सरकार ने, साहिबजादों के महान बलिदान की स्मृति में 26 दिसंबर को वीर बाल दिवस मनाने का निर्णय लिया।
— PMO India (@PMOIndia) April 21, 2022
सिख परंपरा के तीर्थों को जोड़ने के लिए भी हमारी सरकार निरंतर प्रयास कर रही है: PM @narendramodi
श्री गुरुग्रंथ साहिब जी हमारे लिए आत्मकल्याण के पथप्रदर्शक के साथ साथ भारत की विविधता और एकता का जीवंत स्वरूप भी हैं।
— PMO India (@PMOIndia) April 21, 2022
इसलिए, जब अफ़ग़ानिस्तान में संकट पैदा होता है, हमारे पवित्र गुरुग्रंथ साहिब के स्वरूपों को लाने का प्रश्न खड़ा होता है, तो भारत सरकार पूरी ताकत लगा देती है: PM
भारत ने कभी किसी देश या समाज के लिए खतरा नहीं पैदा किया।
— PMO India (@PMOIndia) April 21, 2022
आज भी हम पूरे विश्व के कल्याण के लिए सोचते हैं।
हम आत्मनिर्भर भारत की बात करते हैं, तो उसमें पूरे विश्व की प्रगति लक्ष्य का सामने रखते हैं: PM @narendramodi
नई सोच, सतत परिश्रम और शत प्रतिशत समर्पण, ये आज भी हमारे सिख समाज की पहचान है।
— PMO India (@PMOIndia) April 21, 2022
आजादी के अमृत महोत्सव में आज देश का भी यही संकल्प है।
हमें अपनी पहचान पर गर्व करना है।
हमें लोकल पर गर्व करना है, आत्मनिर्भर भारत का निर्माण करना है: PM @narendramodi