Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে দিব্যাংগজনৰ মৰ্য্যাদা, প্ৰৱেশ আৰু সুযোগ সুনিশ্চিতকৰণৰ প্ৰতি দায়বদ্ধতাৰ কথা দোহাৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে দিব্যাংগ ভ্ৰাতৃ-ভগ্নীসকলৰ মৰ্য্যাদা, প্ৰৱেশ আৰু সুযোগ সুনিশ্চিতকৰণৰ প্ৰতি দায়বদ্ধতাৰ কথা দোহাৰে। শ্ৰী মোদীয়ে কয় যে দিব্যাংগসকলে স্বকীয় সৃষ্টিশীলতা আৰু দৃঢ়তাৰে একাধিক খণ্ডত নিজকে বিশিষ্ট কৰি তুলিছে তথা আমাৰ ৰাষ্ট্ৰীয় প্ৰগতিক যথেষ্ট সমৃদ্ধ কৰিছে। “বিগত বৰ্ষসমূহত ভাৰতে আইন, সুগম আন্তঃগাঁথনি, সৰ্বাংগীন শিক্ষা নীতি আৰু সহায়ক প্ৰযুক্তি উদ্ভাৱনৰ জৰিয়তে দিব্যাংগ কল্যাণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আগন্তুক সময়তো তেওঁলোকৰ সুবিধাৰ্থে আমি অধিক কাম কৰি যাম”, শ্ৰী মোদীয়ে কয়।  

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ

“আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে আমি আমাৰ দিব্যাংগ ভ্ৰাতৃ-ভগ্নীসকলৰ মৰ্য্যাদা, প্ৰৱেশ আৰু সুযোগ সুনিশ্চিতকৰণৰ প্ৰতি দায়বদ্ধতাৰ কথা দোহাৰিছো। তেওঁলোকে স্বকীয় সৃষ্টিশীলতা আৰু দৃঢ়তাৰে একাধিক খণ্ডত নিজকে বিশিষ্ট কৰি তুলিছে। একে সময়তে তেওঁলোকে আমাৰ ৰাষ্ট্ৰীয় প্ৰগতিক যথেষ্ট সমৃদ্ধ কৰিছে। বিগত বৰ্ষসমূহত ভাৰতে আইন, সুগম আন্তঃগাঁথনি, সৰ্বাংগীন শিক্ষা নীতি আৰু সহায়ক প্ৰযুক্তি উদ্ভাৱনৰ জৰিয়তে দিব্যাংগ কল্যাণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আগন্তুক সময়তো তেওঁলোকৰ সুবিধাৰ্থে আমি অধিক কাম কৰি যাম।”

***

MJPS/VJ/SB