Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে বাৰ্বাডোছৰ নিৰ্বাচনত একেৰাহে তৃতীয়টো ঐতিহাসিক জয়ৰ বাবে মিয়া আমোৰ মটলীক অভিনন্দন জনাইছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী মিয়া আমোৰ মটলীক বাৰ্বাডোছৰ নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে ঐতিহাসিকভাৱে জয়লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতে বাৰ্বাডোছৰ সৈতে দীৰ্ঘদিনীয়া বন্ধুত্বক গভীৰ মূল্য দিয়ে, যি সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত সম্প্ৰসাৰণ অব্যাহত ৰাখিছে। শ্ৰী মোদীয়ে কয়, “২০২৪ চনত ভাৰত-কেৰিকম শীৰ্ষ সন্মিলনৰ সময়ত অনুষ্ঠিত আমাৰ বৈঠকক মই আন্তৰিকতাৰে মনত পেলাইছো আৰু আমাৰ জনসাধাৰণৰ সুবিধাৰ্থে আমাৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ মই আগ্ৰহী।”

 

 শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰে :

 

“প্ৰধানমন্ত্ৰী মিয়া আমোৰ মটলীক একেৰাহে তৃতীয়বাৰৰ বাবে ঐতিহাসিক নিৰ্বাচনী জয়ৰ বাবে উষ্ম অভিনন্দন জ্ঞাপন কৰিছো।” 

 

ভাৰতে বাৰ্বাডোছৰ সৈতে দীৰ্ঘদিনীয়া বন্ধুত্বক গভীৰ মূল্য দিয়ে, যি সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত সম্প্ৰসাৰণ অব্যাহত ৰাখিছে।

 

২০২৪ চনত ভাৰত-কেৰিকম শীৰ্ষ সন্মিলনৰ সময়ত অনুষ্ঠিত আমাৰ বৈঠকক মই আন্তৰিকতাৰে মনত পেলাইছো আৰু আমাৰ জনসাধাৰণৰ সুবিধাৰ বাবে আমাৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।”

 

@miaamormottley

 

****

 

MJPS/VJ/KD