Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে স্বামীত্ব আঁচনিৰ অধীনত ৫০ লাখৰো অধিক সম্পত্তি কাৰ্ড বিতৰণ কৰিব


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ডিচেম্বৰত দিনৰ প্ৰায় ১২.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ১০খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২০০খন জিলাৰ ৪৬,০০০তকৈও অধিক গাঁৱৰ স্বামীত্ব কাৰ্ডৰ অধীনত ৫০লাখতকৈও অধিক সম্পত্তি কাৰ্ড বিতৰণ কৰিব।

গ্ৰাম্য অঞ্চলৰ আবাসিক অঞ্চলত বাস কৰা পৰিয়ালসমূহক অত্যাধুনিক জৰীপকাৰী ড্ৰোণ প্ৰযুক্তিৰ জৰিয়তে ‘ৰাইটছ ৰেকৰ্ড’ প্ৰদান কৰি গ্ৰাম্য ভাৰতৰ অৰ্থনৈতিক প্ৰগতিৰ বাবে স্বামীত্ব আঁচনিৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে।

এই আঁচনিয়ে সম্পত্তিৰ নগদীকৰণ আৰু বেংক ঋণৰ জৰিয়তে প্ৰতিষ্ঠানিক ঋণ প্ৰদান কৰাত সহায় কৰে; সম্পত্তি সম্পৰ্কীয় বিবাদ হ্ৰাস কৰে; গ্ৰামাঞ্চলত সম্পত্তি আৰু সম্পত্তি কৰৰ উন্নত মূল্যায়ন আৰু গাঁও পৰ্যায়ৰ বিস্তৃত পৰিকল্পনাত সহায় কৰে।

MJPS/VJ

৩.১ লাখতকৈও অধিক গাঁৱত ড্ৰোনেৰে জৰীপ সম্পন্ন কৰা হৈছে, য’ত ৯২ শতাংশ গাঁও সামৰি লোৱা হৈছে। এই পৰ্যন্ত প্ৰায় ১.৫ লাখ গাঁৱৰ বাবে প্ৰায় ২.২ কোটি প্ৰপাৰ্টি কাৰ্ড প্ৰস্তুত কৰা হৈছে।

ত্ৰিপুৰা, গোৱা, উত্তৰাখণ্ড আৰু হাৰিয়ানাত এই আঁচনিৰ সম্পূৰ্ণ ৰূপায়ণ হৈছে। মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু ছত্তীশগড়ৰ লগতে কেইবাখনো কেন্দ্ৰীয় শাসিত অঞ্চলত ড্ৰ’ন সমীক্ষা সম্পন্ন কৰা হৈছে।