Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত ‘কাশী এক ৰূপ অনেক’ অনুষ্ঠানত অংশ লয়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে চৰকাৰে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যত উপনীত হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰি থাকিব৷ বাৰাণসীত এক অনুষ্ঠানত ভাষণ আগবঢ়াই তেওঁ কয় যে পৰম্পৰাগত হস্তশিল্প কৰ্মী, কলা-কুশলী, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীৰ সৱলীকৰণে দেশৰ ৫ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ লক্ষ্য পূৰণত সহায়ক হ’ব৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ বাদা লালপুৰস্থিত দীন দয়াল উপাধ্যায় বাণিজ্য কেন্দ্ৰত আয়োজিত ‘কাশী এক ৰূপ অনেক’ নামৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷ অনুষ্ঠানৰ সময়ত তেওঁ এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰে, য’ত উত্তৰ-প্ৰদেশৰ বিভিন্ন জিলাৰ লগতে কাশীৰ তাঁতশিল্পী আৰু হস্তশিল্পীসকলে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হয়৷ তেওঁ বিপনীসমূহ পৰিদৰ্শন কৰাৰ লগতে শিল্পীসকলৰ সৈতে মত-বিনিময়ো কৰে৷ হস্তশিল্পী আৰু তাঁতশিল্পীসকলৰ মাজত তেওঁ হস্তকৰ্মৰ বিভিন্ন সা-সজুলি আৰু বিত্তীয় সাহায্য বিতৰণ কৰে৷

আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় সামগ্ৰীৰ বাবে অধিক সুযোগ সৃষ্টিৰ ক্ষেত্ৰত গ্ৰহণ কৰা কেইবাটাও পদক্ষেপ আৰু হস্তশিল্পী তথা শিপিনীসকলক মেছিন, ঋণ আদিৰ দৰে সুবিধা আগবঢ়োৱাৰ বাবে উত্তৰ-প্ৰদেশ চৰকাৰক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ তেওঁ উল্লেখ কৰে যে উত্তৰ প্ৰদেশ চৰকাৰৰ এক জিলা, এক সামগ্ৰী আঁচনিৰ দৰে পদক্ষেপৰ বাবে ৰাজ্যখনৰ পৰা ৰপ্তানি যোৱা ২বছৰত লক্ষ্যণীয় হাৰত বৃদ্ধি পাইছে৷ উত্তৰ প্ৰদেশৰ সামগ্ৰীৰ পৰা সমগ্ৰ দেশ উপকৃত হৈছে৷

তেওঁ কয় যে ভাৰতবৰ্ষৰ প্ৰতিখন জিলাক কিছুমান একক কলা আৰু সামগ্ৰীৰ বাবে চিনাক্ত কৰিব পৰা যায়৷ এয়া হ’ল মেক ইন ইণ্ডিয়া আৰু এক জিলা এক সামগ্ৰী আদি ধাৰণাৰ সৰ্ববৃহৎ অনুপ্ৰেৰণা৷

প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে যোৱা ২বছৰত ৩০খন জিলাৰ ৩৫০০ৰো অধিক তাঁতশিল্পীক উত্তৰ-প্ৰদেশ ডিজাইন প্ৰতিষ্ঠানৰদ্বাৰা সমৰ্থন আগবঢ়োৱা হৈছে৷ ১০০০ৰো অধিক কৰ্মীক টোলকীটছ প্ৰদান কৰা হৈছে৷

২১শতিকাৰ চাহিদা অনুসৰি ভাৰতত নিৰ্মিত সামগ্ৰীসমূহৰ মান উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ পৰম্পৰাগত উদ্যোগীসকলক প্ৰতিষ্ঠানগত সহায়, বিত্তীয় সাহায্য, নতুন প্ৰযুক্তি আৰু মাৰ্কেটিঙৰ সুবিধা আগবঢ়োৱাটো অতি জৰুৰী৷ যোৱা পাঁচ বছৰত এই দিশত চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে৷ এক নতুন দৃষ্টিভংগীৰে আমি আগবাঢ়ি আছো, যিয়ে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ সৱলীকৰণত মনোনিৱেশ কৰিছে৷

উদ্যোগ আৰু সম্পদ সৃষ্টিকাৰীক সুবিধা আগবঢ়াবলৈ চৰকাৰে কেইবাটাও হাতত লোৱা পদক্ষেপসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰৰ বাজেটে নিৰ্মাণ খণ্ড আৰু ব্যৱসায়িক সুচলতাৰ প্ৰতি যথেষ্ট জোৰ প্ৰদান কৰিছে৷ ১৫০০কোটিৰ অনুমোদনেৰে ৰাষ্ট্ৰীয় কাৰিকৰী বস্ত্ৰশিল্প মিছনৰ প্ৰস্তাব লোৱা হৈছে৷ উত্তৰ-প্ৰদেশত ডিফেন্স ক’ৰিডৰৰ বাবে ৩৭০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ এই ক’ৰিডৰৰদ্বাৰা ক্ষুদ্ৰ উদ্যোগীসকল উপকৃত হ’ব আৰু ইয়ে সংস্থাপনৰ এক নতুন সুবিধা সৃষ্টি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ভাৰতবৰ্ষক নিৰ্মাণ খণ্ডৰ পাৱাৰহাউছ হিচাপে গঢ় দিবলৈ সন্মিলিত প্ৰচেষ্টা হাতত ল’বলৈ সকলোকে আহ্বান জনাই ভাষণৰ সামৰণি মাৰে৷

*******

VRRK/KP/MS