Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিধায়নী সংস্থাত মহিলাৰ বাবে সংৰক্ষণৰ বিষয়ত লিখা তেওঁৰ প্ৰবন্ধৰ আভাস দাঙি ধৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিধায়নী সংস্থাত  মহিলাৰ বাবে সংৰক্ষণৰ বিষয়ত লিখা এটা  প্ৰবন্ধৰ আভাস দাঙি ধৰে । তেওঁ মন্তব্য কৰে যে ই কেৱল বিধায়িনী সংস্থাৰ  কচৰৎ নহয় , বৰঞ্চ ভাৰতৰ নাৰী শক্তিৰ আকাংক্ষাৰ প্ৰতিফলন।

এক্সত দিয়া ধাৰাবাহিক  প্ৰধানমন্ত্ৰীয়ে লিখিছে:

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  বিধানসভাত মহিলাৰ বাবে সংৰক্ষণৰ বিষয়ত এটা প্ৰৱন্ধ  লিখিছে।তেওঁ কয় যে ই কেৱল বিধায়িনী সংস্থাৰ  কচৰৎ নহয় , বৰঞ্চ ভাৰতৰ নাৰী শক্তিৰ আকাংক্ষাৰ প্ৰতিফলন।

এই  কথাই  লেখাটোৰ মূল কথাবোৰ উজ্জ্বল কৰি তুলিছে।”

“সমাজৰ উন্নতি হয় যেতিয়া মহিলাৰ উন্নতি হয়।”

“অৰ্থনৈতিক আৰু সামাজিক জীৱনত মহিলাৰ অংশগ্ৰহণৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে।”

“যেতিয়া মহিলাসকলে প্ৰশাসন আৰু সিদ্ধান্ত গ্ৰহণত অংশগ্ৰহণ কৰে, তেতিয়া তেওঁলোকে এনে অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টি বহন কৰে , যিয়ে ৰাজহুৱা জীৱনক  সমৃদ্ধ কৰে আৰু শাসন ব্যৱস্থাৰ মান উন্নত কৰে।”

“২০২৯ চনৰ লোকসভা নিৰ্বাচন আৰু আগন্তুক সময়ত বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত  মহিলাৰ বাবে  সংৰক্ষণৰ দিহা  কৰাটো অতি জৰুৰী।”

 

“২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সংসদে সহমতৰে নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত কৰিছিল।”

“মহিলাৰ প্ৰতিনিধিত্বক আগুৱাই নিয়াত হোৱা বিলম্ব , কাৰ্যতঃ আমাৰ গণতন্ত্ৰৰ গুণগত মান আৰু সৰ্বাংগীনতাক শক্তিশালী কৰাত হোৱা বিলম্ব।”

“মহিলা সংৰক্ষণৰ বাবে এখন বিধেয়ক গৃহীত হোৱাটোৱে বিস্তৃত সহমতৰ কথাই  প্ৰতিফলিত কৰিব লাগে আৰু বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ দ্বাৰা পৰিচালিত হ’ব লাগে।”

 

“আহক আমি একেলগে আগবাঢ়ি যাওঁ আৰু সাংবিধানিক মূল্যবোধক শক্তিশালী কৰি দেশৰ  প্ৰগতিৰ বাবে আমাৰ নাৰী শক্তিৰ সবলীকৰণ কৰোঁ।”

 

“প্ৰৱন্ধটো এই লিংকত পঢ়িব পাৰিব : https://nm-4.com/Tbn4Gs

 

***

MJPS/PRK/DM