Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় গোলকীয় সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ডিচেম্বৰ ২০২৫ তাৰিখে বিয়লি ৪:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় বিশ্ব স্বাস্থ্য সংস্থাৰ গোলকীয়  সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব  ।

সামৰণি অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে  ভাষণ দিব। এই কাৰ্যসূচীয়ে বিশ্বব্যাপী, বিজ্ঞানভিত্তিক আৰু জনকেন্দ্ৰিক পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ভেটি  গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান নেতৃত্ব তথা অগ্ৰণী পদক্ষেপসমূহৰ বিষয়ত গুৰুত্ব আৰোপ কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে গৱেষণা, মানকৰণ আৰু বিশ্ব সহযোগিতাৰ জৰিয়তে পৰম্পৰাগত চিকিৎসা আৰু ভাৰতীয় জ্ঞান ব্যৱস্থাক মূলসুঁতিলৈ অনাৰ বাবে অহৰহ গুৰুত্ব আৰোপ কৰি আহিছে। এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আয়ুষ খণ্ডৰ বাবে মাষ্টাৰ ডিজিটেল পৰ্টেল মাই আয়ুছ ইন্টিগ্ৰেটেড চাৰ্ভিচেছ পৰ্টেল (এম এ আই এছ পি)কে ধৰি আয়ুষৰ কেইবাটাও উল্লেখনীয়   পদক্ষেপ আৰম্ভ কৰিব।

আয়ুষৰ সামগ্ৰী আৰু সেৱাৰ মানৰ বাবে বিশ্বব্যাপী মাপকাঠী হিচাপে গ্ৰহণ  কৰা আয়ুষ মাৰ্কো তেওঁ উন্মোচন কৰিব।

এই উপলক্ষ্যে  প্ৰধানমন্ত্ৰীয়ে যোগৰ প্ৰশিক্ষণ সম্পৰ্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰিকৰী প্ৰতিবেদন আৰু “ফ্ৰম ৰুটছ টু গ্ল’বেল ৰিচ: ১১ ইয়েৰছ অৱ ট্ৰেন্সফৰ্মেচন ইন আয়ুষ” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰিব।

ভাৰতৰ পৰম্পৰাগত ঔষধি ঐতিহ্যৰ বিশ্বব্যাপী অনুৰণনৰ প্ৰতীক হিচাপে অশ্বগন্ধা বিষয়ক  স্মাৰক ডাক ডাকটিকটো  মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে দিল্লীত ডব্লিউ এইচ অ’ৰ-দক্ষিণ-পূব এছিয়া আঞ্চলিক কাৰ্যালয়  চৌহদটোও উদ্বোধন কৰিব, য’ত বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে ভাৰতৰ অংশীদাৰিত্বৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ডব্লিউ এইচ অ’ৰ ভাৰতৰ দেশীয় কাৰ্যালয়ো থাকিব।

প্ৰধানমন্ত্ৰীয়ে যোগ আৰু ইয়াৰ বিশ্বজুৰি  প্ৰচাৰৰ প্ৰতি  স্থায়ী সমৰ্পণক স্বীকৃতি দি ২০২১–২০২৫ বৰ্ষৰ যোগৰ প্ৰসাৰ আৰু উন্নয়নত অসাধাৰণ অৱদানৰ বাবে আগবঢ়োৱা  প্ৰধানমন্ত্ৰীৰ বঁটা প্ৰাপকসকলকো সম্বৰ্ধনা জনাব।

এই বঁটাসমূহে যোগক ভাৰসাম্য, সুস্থতা আৰু সমন্বয়ৰ বাবে এক কালজয়ী অনুশীলন হিচাপে দৃঢ়তা প্ৰদান কৰিছে, যিয়ে এখন সুস্থ আৰু শক্তিশালী নতুন ভাৰতত অৰিহণা যোগায়।

প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু সমগ্ৰ বিশ্বৰ পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ জ্ঞান ব্যৱস্থাৰ বৈচিত্ৰ্য, গভীৰতা আৰু সমসাময়িক প্ৰাসংগিকতাক প্ৰদৰ্শন কৰা পৰম্পৰাগত চিকিৎসা আৱিষ্কাৰ স্থান বিষয়ক প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব।

 

বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ যৌথ উদ্যোগত আয়োজন কৰা এই সন্মিলনখন ২০২৫ চনৰ ১৭ৰ পৰা ১৯ ডিচেম্বৰলৈ “ভাৰসাম্য পুনৰুদ্ধাৰ: স্বাস্থ্য আৰু সুস্থতাৰ বিজ্ঞান তথা অনুশীলন” শীৰ্ষক বিষয়বস্তুৰে  নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হৈছে।

এই সন্মিলনত বিশ্বৰ নেতা, নীতি নিৰ্ধাৰক, বিজ্ঞানী, ব্যৱহাৰকাৰী, খিলঞ্জীয়া জ্ঞানেৰে পুষ্ট লোক  আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলৰ উপস্থিতিত সমতাপূৰ্ণ, বহনক্ষম তথা  প্ৰমাণ-নিৰ্ভৰ স্বাস্থ্য ব্যৱস্থাক আগুৱাই নিয়াৰ  বিষয়ত আলোচনা অনুষ্ঠিত হৈছে।

 

***

MJPS/ST/DM