Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰীক্ষা পে চৰ্চাই কেনেদৰে এক জন আন্দোলনৰ ৰূপ লৈ ভাৰতৰ শৈক্ষিক যাত্ৰাৰ এক নিৰ্ণয়কাৰী দিশ পৰিবৰ্তনৰ লগতে বিকশিত ভাৰতৰ পথ নিৰ্মাণ কৰিছে, সেই সম্পৰ্কীয় প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


পৰীক্ষা পে চৰ্চাই কেনেদৰে এক জন আন্দোলনৰ ৰূপ লৈ ভাৰতৰ শৈক্ষিক যাত্ৰাৰ এক নিৰ্ণয়কাৰী দিশ পৰিবৰ্তনৰ লগতে বিকশিত ভাৰতৰ পথ নিৰ্মাণ কৰিছে, সেই সম্পৰ্কীয় প্ৰবন্ধ এটা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বেয়াৰ কৰিছে।

এক্সত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ এটা পোষ্টৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হেণ্ডেলে কৈছেঃ

‘এই প্ৰবন্ধটোত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @dpradhanbjp য়ে কেনেদৰে পৰীক্ষা পে চৰ্চা এক জন আন্দোলনত পৰিণত হৈছে সেই বিষয়ে বৰ্ণনা কৰিছে, যিয়ে ভাৰতৰ শৈক্ষিক যাত্ৰাত এক নিৰ্ণায়ক পৰিবৰ্তন চিহ্নিত কৰিছে আৰু বিকশিত ভাৰতৰ পথ প্ৰশস্ত কৰিছে।

মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে এনইপি ২০২০-এ ইয়াৰ শিশু-কেন্দ্ৰিক দৃষ্টিভংগীৰ সৈতে ভাৰতীয় জ্ঞান প্ৰণালীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু মাতৃভাষাৰ ওপৰত গুৰুত্ব দি শিক্ষাৰ্থীসকলক একবিংশ শতিকাৰ প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুত কৰিছে।

***

MJPS/SR/HS