Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ওমান ভ্ৰমণ

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ওমান ভ্ৰমণ


১) ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি

– ঘনিষ্ঠ অৰ্থনৈতিক আৰু বাণিজ্যিক সংহতি শক্তিশালী কৰাৰ লগতে  অধিক বিকশিত কৰা।

 

– বাণিজ্যিক বাধা হ্ৰাস কৰি আৰু সুস্থিৰ কাঠামো সৃষ্টিৰে দুয়োখন দেশৰ মাজত বাণিজ্য বৃদ্ধি কৰা।

 

– অৰ্থনীতিৰ সকলো ডাঙৰ খণ্ডতে সুযোগ মুকলি কৰা, অৰ্থনৈতিক বৃদ্ধি ত্বৰান্বিত  কৰা, চাকৰিৰ সৃষ্টি কৰা আৰু দুয়োখন দেশৰ মাজত বিনিয়োগৰ প্ৰবাহ বৃদ্ধি কৰা।

২) সামুদ্ৰিক ঐতিহ্য আৰু সংগ্ৰহালয়ৰ ক্ষেত্ৰত বুজাবুজি চুক্তি

– লোথালৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সকে ধৰি সামুদ্ৰিক সংগ্ৰহালয়সমূহক সহায় কৰিবলৈ সহযোগিতামূলক অংশীদাৰিত্ব স্থাপন কৰা।

– ভাগ-বতৰা কৰা সামুদ্ৰিক ঐতিহ্যক প্ৰসাৰিত কৰিবলৈ, পৰ্যটনক উন্নীত কৰিবলৈ , দ্বিপাক্ষিক সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰিবলৈ শিল্পকৰ্ম তথা বিশেষজ্ঞতাৰ বিনিময়, যৌথ প্ৰদৰ্শনী, গৱেষণা  আৰু সামৰ্থ্য বিকাশৰ সুবিধা প্ৰদান কৰা।

 

৩) কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ ক্ষেত্ৰত বুজাবুজি চুক্তি

– কৃষিৰ লগতে পশুপালন আৰু মীনপালনৰ সংশ্লিষ্ট খণ্ডসমূহৰ কাঠামো সম্পৰ্কীয়  নথি ।

– কৃষি বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ ক্ষেত্ৰত সহযোগিতা, উদ্যান শস্য, সংহত কৃষি ব্যৱস্থা, আৰু ক্ষুদ্ৰ জলসিঞ্চনৰ উন্নতি।

৪) উচ্চ শিক্ষাৰ ক্ষেত্ৰত বুজাবুজি চুক্তি

– মানৱ আৰু আৰ্থ-সামাজিক উন্নয়নৰ লক্ষ্যসমূহ আগবঢ়াই নিয়াৰ বাবে প্ৰয়োজনীয় নতুন জ্ঞান আৰু উদ্ভাৱনীমূলক পদ্ধতি সৃষ্টিৰ বাবে পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰত যৌথ গৱেষণা, বিশেষকৈ প্ৰয়োগমূলক গৱেষণা গ্ৰহণ কৰাৰ লগতে অধ্যাপক, গৱেষক তথা পণ্ডিতসকলৰ মাজত নতুন জ্ঞানৰ আদান-প্ৰদানৰ সুবিধা প্ৰদান কৰা।

৫) বাজৰা খেতি আৰু কৃষি খাদ্য উদ্ভাৱনত সহযোগিতাৰ বাবে  কাৰ্যসূচী গ্ৰহণ ।

– বাজৰা উৎপাদন, গৱেষণা, আৰু প্ৰচাৰক আগুৱাই নিবলৈ ভাৰতৰ বৈজ্ঞানিক বিশেষজ্ঞতা আৰু ওমানৰ অনুকূল কৃষি জলবায়ুৰ পৰিস্থিতিত কাঠামো বিষয়ক সহযোগিতা স্থাপন কৰা।

৬) সামুদ্ৰিক সহযোগিতাৰ বিষয়ত  যৌথ দৃষ্টিভংগীৰ নথি গ্ৰহণ

– আঞ্চলিক সামুদ্ৰিক সুৰক্ষা, নীলা অৰ্থনীতি আৰু সাগৰীয় সম্পদৰ বহনক্ষম ব্যৱহাৰৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰা।

 

****

MJPS/ST/DM