পি এম ইণ্ডিয়া
নমস্কাৰ!
যোৱা সপ্তাহত বাজেট ৱেবিনাৰ ছিৰিজৰ প্ৰথমখন ৱেবিনাৰ অনুষ্ঠিত হয়। মোক কোৱা হৈছিল যে ই এক বৃহৎ সফলতা, বাজেটৰ বিধানসমূহ কাৰ্যকৰী কৰাৰ সন্দৰ্ভত সকলোৱে উৎকৃষ্ট পৰামৰ্শ আগবঢ়াইছিল। সকলোৰে সক্ৰিয় অংশগ্ৰহণক আদৰণি জনাইছোঁ। আজি এই ছিৰিজৰ দ্বিতীয়খন ৱেবিনাৰ অনুষ্ঠিত হৈছে। মোক কোৱা হৈছে যে বিস্তৃত বিষয়ত হাজাৰ হাজাৰ লোকে নিজৰ পৰামৰ্শ আগবঢ়াব। বিষয় বিশেষজ্ঞসকলেও আমাৰ সৈতে অংশগ্ৰহণ কৰিব। ইমান বৃহৎসংখ্যক বাজেটৰ বিষয়ে আলোচনা কৰাটো নিজৰ বাবেই এক অতি সফল পৰীক্ষা। এই ৱেবিনাৰত যোগদান কৰিবলৈ সময় দিয়াৰ বাবে আপোনালোক সকলোকে অভিনন্দন আৰু আদৰণি জনাইছোঁ। এই ৱেবিনাৰৰ বিষয়বস্তু হৈছে দেশৰ অৰ্থনৈতিক বিকাশক অবিৰতভাৱে শক্তিশালী কৰা। আজি যেতিয়া ভাৰতৰ শক্তিশালী অৰ্থনীতি সমগ্ৰ বিশ্বৰ বাবে আশাৰ উৎস হৈ পৰিছে, আৰু যেতিয়া বিশ্বৰ যোগান শৃংখলে নতুন ৰূপ লৈছে, তেতিয়াই দ্ৰুত অৰ্থনৈতিক অগ্ৰগতি হৈছে। এখন বিকশিত ভাৰতৰ বাবে ই এক প্ৰধান ভেটি। আমাৰ দিশ স্পষ্ট, আমাৰ সংকল্প স্পষ্ট : অধিক নিৰ্মাণ কৰক, অধিক উৎপাদন কৰক, অধিক সংযোগ কৰক আৰু এতিয়া প্ৰয়োজন হৈছে অধিক ৰপ্তানিৰ। আৰু নিশ্চিতভাৱে, আজি আপোনালোকৰ মাজত যি মানসিক চিন্তাৰ উদয় হৈছে, এই চিন্তাৰ পৰা ওলোৱা পৰামৰ্শবোৰে ইয়াত মুখ্য ভূমিকা পালন কৰিব।
বন্ধুসকল,
আপোনালোক সকলোৱে জানে যে উৎপাদন, পৰিবহণ, আমাৰ এম এছ এম ই, ক্ষুদ্ৰ উদ্যোগ, কুটিৰ উদ্যোগ আৰু কেৱল সেয়াই নহয়, আমাৰ সৰু-বৰ চহৰবোৰ অৰ্থনীতিৰ পৃথক স্তম্ভ যেন লাগিব পাৰে, কিন্তু এই সকলোবোৰ আন্তঃসংযোগী। উদাহৰণস্বৰূপে, শক্তিশালী উৎপাদনে নতুন সুযোগৰ সৃষ্টি কৰে, যি পাছলৈ ৰপ্তানি বৃদ্ধি কৰে। প্ৰতিযোগিতামূলক এম এছ এম ইয়ে নমনীয়তা আৰু উদ্ভাৱনক লাভান্বিত কৰে। উন্নত পৰিবহণ ব্যৱস্থাৰ দ্বাৰা ব্যয় হ্ৰাস পায়। সুপৰিকল্পিত চহৰবোৰে বিনিয়োগ আৰু প্ৰতিভা দুয়োটাকে আকৰ্ষণ কৰে। এইবাৰৰ বাজেটত এই সকলোবোৰ স্তম্ভ যথেষ্ট শক্তিশালী হৈছে।
কিন্তু বন্ধুসকল,
কোনো দিশ স্বয়ংক্ৰিয়ভাৱে ফল নহয়; ক্ষেত্ৰভিত্তিক পৰিৱৰ্তন তেতিয়াহে ঘটে যেতিয়া উদ্যোগ, বিত্তীয় প্ৰতিষ্ঠান আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰি ইয়াক বাস্তৱত পৰিণত কৰে। মই আশা কৰোঁ যে এই ৱেবিনাৰত আপুনি আপোনাৰ চিন্তা-চেতনাত কিছুমান বিশেষ বিষয়ক অগ্ৰাধিকাৰ দিব, যেনে- কেনেকৈ নিৰ্মাণ তথা উৎপাদন বৃদ্ধি কৰিব পাৰি, ব্যয় গাঁথনি কেনেকৈ প্ৰতিযোগিতামূলক কৰিব পাৰি, বিনিয়োগৰ প্ৰবাহ কেনেকৈ ত্বৰান্বিত কৰিব পাৰি আৰু উন্নয়ন কেনেকৈ দেশৰ প্ৰতিটো চুকে-কোণে পোৱাটো নিশ্চিত কৰিব পাৰি। আপোনাৰ পৰামৰ্শ এই দিশত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব।
বন্ধুসকল,
আজি দেশখনে উৎপাদন খণ্ডত নিজৰ মূল ঔদ্যোগিক সামৰ্থ্য শক্তিশালী কৰি তুলিছে। আৰু এই পথত থকা প্ৰত্যাহ্বানসমূহো মোকাবিলা কৰা হৈছে। ডেডিকেটেড ৰেয়াৰ আৰ্থ কৰিডৰ আৰু কণ্টেইনাৰ নিৰ্মাণৰ দৰে খণ্ডত গুৰুত্ব দি আমি আমাৰ বাণিজ্যিক পৰিৱেশতন্ত্ৰক শক্তিশালী কৰাৰ বাবে চেষ্টা কৰিছোঁ। বাজেটত বায়’ফাৰ্মা শক্তি অভিযানৰ কথাও ঘোষণা কৰা হয়। এই অভিযানৰ লক্ষ্য হৈছে- ভাৰতক বায়’লজিকেল আৰু পৰৱৰ্তী প্ৰজন্মৰ থেৰাপীৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলা। আমি উন্নত বায়’ফাৰ্মা গৱেষণা আৰু উৎপাদনত নেতৃত্বৰ দিশত আগবাঢ়িব বিচাৰো।
বন্ধুসকল,
আজি বিশ্বই নিৰ্ভৰযোগ্য আৰু স্থিতিস্থাপক উৎপাদন অংশীদাৰৰ সন্ধানত আছে। এই ভূমিকা শক্তিশালীভাৱে পালন কৰাৰ সুযোগ ভাৰতে লাভ কৰিছে। ইয়াক লাভ কৰিবলৈ সকলো অংশীদাৰে আত্মবিশ্বাসেৰে বিনিয়োগ কৰিব লাগিব, নতুন প্ৰযুক্তি গ্ৰহণ কৰিব লাগিব আৰু গৱেষণাৰ ক্ষেত্ৰত কৃপণালি কৰাৰ যুগ শেষ হ’ল। এতিয়া আমি গৱেষণাত যথেষ্ট বিনিয়োগ কৰিব লাগিব আৰু বিশ্ব মানদণ্ডৰ সৈতে সংগতি ৰাখি গুণগত মান নিশ্চিত কৰিব লাগিব। মই বাৰে বাৰে কওঁ যে এতিয়া আমি আগবাঢ়ি যোৱাৰ সুযোগ পাইছোঁ, আমাৰ একমাত্ৰ মন্ত্ৰ হ’ব লাগে গুণগত মান, গুণগত মান, গুণগত মান।
বন্ধুসকল,
ভাৰতে বহু দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে। আমাৰ বাবে সুযোগৰ এটা বিশাল পথ মুকলি হৈছে। এনে পৰিস্থিতিত গুণগত মানৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰাটো আমাৰ দায়িত্ব। যদি আমি আমাৰ সৰ্বোচ্চ প্ৰচেষ্টা, বুদ্ধিমত্তা, শক্তি, বুজাবুজি এটা কথাত কেন্দ্ৰীভূত কৰিব বিচাৰোঁ তেন্তে আমি গুণগত মানৰ ওপৰত প্ৰবল গুৰুত্ব দিব লাগিব। আমাৰ সামগ্ৰীৰ মানদণ্ডই গোলকীয় মানদণ্ডই নহয়, তাতোকৈ অধিক মানদণ্ড পূৰণ কৰিব লাগে । আৰু ইয়াৰ বাবে আমি আন দেশৰ প্ৰয়োজনীয়তা আৰু তেওঁলোকৰ মানুহৰ আশা-আকাংক্ষাৰ বিষয়ে অধ্যয়ন, গৱেষণা আৰু বোধগম্য হব লাগিব। আন দেশৰ মানুহৰ পছন্দ আৰু সুচলতাৰ স্তৰ অধ্যয়ন কৰাটো এটা সৰ্বোচ্চ প্ৰয়োজনীয়তা আৰু আমি এই বিষয়ে গৱেষণা কৰিব লাগিব। ধৰি লওক, কোনোবাই সৰু অংশ এটা বিচাৰিছে আৰু তেওঁলোকে এখন ডাঙৰ জাহাজ নিৰ্মাণ কৰি আছে। কিন্তু আমি সেইটো যদি দিব পাৰোঁ, কি লাভ হব ? আপোনাৰ অংশ কোনে কিনিব? আপোনাৰ বাবে ই এটা সৰু অংশ হ’ব পাৰে যদিও এটা বৃহৎ উৎপাদন গোটৰ বাবে ইয়াৰ তাৎপৰ্য অপৰিসীম। গতিকে এই প্ৰতিযোগিতামূলক জগতখনত গুণগত মানে আমাৰ বাবে এক সোণালী সুযোগৰ সৃষ্টি কৰে। সেই অনুসৰি আমি ব্যৱহাৰকাৰী-অনুকূল সামগ্ৰী সৃষ্টি কৰিব লাগিব। তেতিয়াহে আমি এই সুযোগসমূহক মূলধন হিচাপে ব্যৱহাৰ কৰিব পাৰিম। এতিয়া মুক্ত বাণিজ্য চুক্তিখন স্থাপন হোৱাৰ লগে লগে উন্নয়নৰ এই মূল পথটো এতিয়া আপোনালোকৰ বাবে মুকলি। আশা কৰোঁ আপোনালোক সকলোৱে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিব আৰু এই ৱেবিনাৰত আলোচনা কৰিব।
বন্ধুসকল,
এম এছ এম ই শ্ৰেণীবিভাজনত আমি ৰূপায়ণ কৰা সংস্কাৰে যথেষ্ট প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত উদ্যোগসমূহৰ মাজত এই আশংকা দূৰ হৈছে যে উক্ত সম্প্ৰসাৰণৰ ফলত চৰকাৰী সুবিধা হেৰুৱাব লাগিব। এম এছ এম ইসমূহৰ ঋণ লাভৰ সুবিধা, প্ৰযুক্তি উন্নীতকৰণৰ প্ৰসাৰতা আৰু সামৰ্থ্য গঢ়ি তোলাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে।
কিন্তু বন্ধুসকল,
এই প্ৰচেষ্টাসমূহৰ প্ৰভাৱ তেতিয়াহে দেখা যাব যেতিয়া এম এছ এম ইসমূহে উন্নয়ন সাধনৰ লক্ষ্যৰে অধিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । এতিয়া এম এছ এম ইসমূহে নিজৰ উৎপাদনশীলতা আৰু অধিক বৃদ্ধি কৰাৰ সময়, গুণগত মান বৃদ্ধি কৰাৰ, ডিজিটেল প্ৰক্ৰিয়াসমূহ একত্ৰিত কৰাৰ আৰু মূল্য শৃংখল শক্তিশালী কৰাৰ সময়। এই ক্ষেত্ৰত আপোনাৰ পৰামৰ্শ গুৰুত্বপূৰ্ণ হ’ব।
বন্ধুসকল,
আন্তঃগাঁথনি আৰু সামগ্ৰী পৰিবহণ আমাৰ উন্নয়ন কৌশলৰ মূল স্তম্ভ। এইবাৰৰ বাজেটত অভিলেখ সৃষ্টিকাৰী মূলধনী ব্যয়ৰ প্ৰস্তাৱ দিয়া হৈছে। উচ্চ ক্ষমতাসম্পন্ন পৰিবহণ ব্যৱস্থা নিৰ্মাণ, ৰেলপথ, ঘাইপথ, বন্দৰ, বিমানবন্দৰ আৰু জলপথৰ মাজত উন্নীত সমন্বয় আৰু বিভিন্ন মালবাহী কৰিডৰ তথা মাল্টিমডেল সংযোগ সম্প্ৰসাৰণ আদি সকলোবোৰ ব্যয় হ্ৰাস আৰু দক্ষতা বৃদ্ধিৰ বাবে অপৰিহাৰ্য পদক্ষেপ। গতিকে নতুন জলপথ, জাহাজ মেৰামতিৰ সুবিধা আৰু আঞ্চলিক উৎকৃষ্টতা কেন্দ্ৰই আমাৰ লজিষ্টিক পৰিৱেশতন্ত্ৰক শক্তিশালী কৰিব। সাতটা নতুন দ্ৰুতবেগী ৰে’ল কৰিডৰ সংযোগ কৰা হ’ব। কিন্তু আপুনি এইটোও জানে যে এই আন্তঃগাঁথনিৰ প্ৰকৃত সুবিধা তেতিয়াহে উপলব্ধি হ’ব যেতিয়া উদ্যোগ আৰু বিনিয়োগকাৰীয়ে এই দৃষ্টিভংগীৰ সৈতে নিজৰ কৌশলসমূহ একত্ৰিত কৰিব। এই কৌশলসমূহৰ বিষয়েও আপুনি বিতংভাৱে আলোচনা কৰা উচিত আৰু মই নিশ্চিত যে আপুনি এই কৌশলসমূহৰ প্ৰতি নিশ্চয় গুৰুত্ব আৰোপ কৰিব।
বন্ধুসকল,
ভাৰতৰ উন্নয়ন যাত্ৰাত নগৰায়নে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতৰ ভৱিষ্যতৰ বৃদ্ধি নিৰ্ভৰ কৰিব আমি আমাৰ চহৰসমূহ কিমান ফলপ্ৰসূভাৱে পৰিকল্পনা আৰু পৰিচালনা কৰোঁ তাৰ ওপৰত। এই বাজেট ৱেবিনাৰত আপোনাৰ পৰামৰ্শসমূহ আমাৰ টায়াৰ-টু আৰু টায়াৰ-থ্ৰী চহৰসমূহ কেনেকৈ নতুন উন্নয়নৰ প্ৰতিভূ হ’ব পাৰে তাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব।
বন্ধুসকল,
আজি বিশ্ব অৰ্থনীতিত এক বৃহৎ পৰিৱৰ্তন অব্যাহত আছে। বজাৰসমূহে এতিয়া কেৱল খৰচৰ কথালৈয়ে নাচায়, তেওঁলোকে বহনক্ষমতাৰ কথাও বিবেচনা কৰে। কাৰ্বন কেপচাৰ, ইউটিলাইজেচন এণ্ড ষ্ট’ৰেজ মিছন এই দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ। এতিয়া, বহনক্ষমতাক আপোনাৰ মূল ব্যৱসায়িক কৌশলৰ অংশ হিচাপে গঢ়ি তুলিব লাগিব। সময়মতে স্বচ্ছ প্ৰযুক্তিত বিনিয়োগ কৰা উদ্যোগসমূহে অনাগত বছৰবোৰত নতুন বজাৰত দ্ৰুততাৰে প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব। এইবাৰৰ বাজেটত নতুন দিশৰ সৃষ্টি হৈছে। উদ্যোগ, বিনিয়োগকাৰী আৰু বিভিন্ন প্ৰতিষ্ঠানক এই লক্ষ্যত উপনীত হ’বলৈ একেলগে কাম কৰিবলৈ আহ্বান জনাইছোঁ।
বন্ধুসকল,
এখন বিকশিত ভাৰতৰ লক্ষ্য সামূহিক মালিকীস্বত্বৰ জৰিয়তেহে লাভ কৰিব পৰা যায়। এই বাজেট ৱেবিনাৰখন কেৱল আলোচনাৰ মঞ্চ হ’ব নালাগে, য’ত আমি কেৱল আমাৰ জ্ঞান বিতৰণ কৰোঁ। বৰঞ্চ ইয়াত সামূহিক মালিকীস্বত্ব প্ৰতিফলিত হোৱাটো অতি গুৰুত্বপূৰ্ণ। এই বাজেটত পৰিকাঠামোৰ ব্যৱস্থা কৰা হৈছে; এতিয়া আপোনালোকে সামূহিকভাৱে গতি দিব লাগিব। আপুনি আমাৰ এই প্ৰচেষ্টাৰ অংশীদাৰ হ’ব লাগিব। আপোনাৰ প্ৰতিটো পৰামৰ্শ আৰু প্ৰতিটো অভিজ্ঞতাই তৃণমূল পৰ্যায়লৈ উৎকৃষ্ট ফলাফল কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। আপোনাৰ পৰামৰ্শ দেশৰ প্ৰগতিৰ মাইলৰ খুঁটি হৈ পৰিব বুলি বিশ্বাস কৰি আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
নমস্কাৰ!
****
MJPS/ST/RK/KD
Addressing a post-budget webinar, highlighting how this year’s Union Budget reinforces our commitment to sustaining and strengthening economic growth. https://t.co/ddRJ2gS9vq
— Narendra Modi (@narendramodi) March 3, 2026
हमारी दिशा स्पष्ट है... हमारा संकल्प स्पष्ट है...
— PMO India (@PMOIndia) March 3, 2026
Build more, produce more, connect more...Export more: PM @narendramodi
आज दुनिया विश्वसनीय और resilient manufacturing partners की तलाश में है।
— PMO India (@PMOIndia) March 3, 2026
भारत के पास यह अवसर है कि वह इस भूमिका को मजबूती से निभाए: PM @narendramodi
भारत ने बहुत सारे देशों के साथ Free Trade Agreement किए हैं।
— PMO India (@PMOIndia) March 3, 2026
हमारे लिए अवसरों का बहुत बड़ा द्वार खुला है।
ऐसे में हमारी ज़िम्मेदारी है कि हम quality पर कभी भी समझौता न करें: PM @narendramodi
इस दिशा में Carbon Capture, Utilisation and Storage Mission एक महत्वपूर्ण पहल है।
— PMO India (@PMOIndia) March 3, 2026
अब sustainability को आपको core business strategy का हिस्सा बनाना ही होगा।
जो उद्योग समय रहते clean technology में निवेश करेंगे, वे आने वाले वर्षों में नए बाजारों तक बेहतर पहुंच बना पाएंगे: PM
आज दुनिया की अर्थव्यवस्था में एक बड़ा परिवर्तन चल रहा है।
— PMO India (@PMOIndia) March 3, 2026
बाजार अब केवल लागत नहीं देखते, वे sustainability भी देखते हैं: PM @narendramodi