Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিভিন্ন খণ্ডত মহিলা নেতৃত্বাধীন উন্নয়নৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব আৰোপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে যোৱা ১২ বছৰত চৰকাৰে মহিলা নেতৃত্বাধীন উন্নয়নৰ বাবে কৰা কাম সকলো ক্ষেত্ৰতে দৃশ্যমান হৈছে। তেওঁ উল্লেখ কৰে যে বিত্তীয় অন্তৰ্ভুক্তি আৰু উদ্যোগশীলতাৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্যসেৱা, অনাময়, আৱাস, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰশাসনলৈকে মহিলাসকলে বিভিন্ন ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

চৰকাৰৰ প্ৰচেষ্টা মৰ্যাদা, সুযোগ আৰু সবলীকৰণৰ ওপৰত আধাৰিত বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই সমূহে মহিলাসকলক তেওঁলোকৰ সম্পূৰ্ণ সামৰ্থ্য উপলব্ধি কৰাব পৰা আৰু ৰাষ্ট্ৰ নিৰ্মাণত অধিক শক্তিশালীভাৱে অৰিহণা যোগাব পৰাকৈ পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিছে।

ভাৰতৰ নাৰী শক্তিয়ে বিজ্ঞান, মহাকাশ আৰু উদ্ভাৱনৰ দৰে ক্ষেত্ৰত বিশেষ স্থান লাভ কৰা দেখি প্ৰধানমন্ত্ৰীয়ে বিশেষ আনন্দ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে ড্ৰোন প্ৰযুক্তিৰ দৰে উদীয়মান ক্ষেত্ৰত তেওঁলোকৰ বৰ্ধিত অংশগ্ৰহণে সুযোগৰ নতুন পথ মুকলি কৰিছে আৰু সমগ্ৰ দেশতে উন্নয়নৰ দৃশ্যপট সলনি কৰিছে।

শ্ৰী মোদীয়ে কয় যে চৰকাৰে সক্ৰিয়ভাৱে আত্মসহায়ক গোটসমূহক সমৰ্থন আগবঢ়াই থকাৰ ফলত মহিলাসকলৰ আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ বাট মুকলি হৈছে।

এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ নাৰী শক্তি হৈছে ৰাষ্ট্ৰ নিৰ্মাণৰ আধাৰশিলা। তেওঁ উল্লেখ কৰে যে আজি আমাৰ মাতৃ, ভগ্নী আৰু কন্যাসকলে প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ বিস্ময়কৰ প্ৰতিভা আৰু দক্ষতাৰে মা ভাৰতীৰ গৌৰৱ বৃদ্ধি কৰিছে।

এক্সত এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে এইদৰে শ্বেয়াৰ কৰিছেঃ

“যোৱা ১২  বছৰ ধৰি এন ডি এ চৰকাৰে মহিলা নেতৃত্বাধীন উন্নয়নৰ বাবে কাম কৰি আহিছে। আৰু এয়া সকলো খণ্ডতে দৃশ্যমান।

বিত্তীয় অন্তৰ্ভুক্তি আৰু উদ্যোগশীলতাৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্যসেৱা, অনাময় ব্যৱস্থা, গৃহ নিৰ্মাণ, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰশাসনলৈকে, মহিলাসকলে বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

এন ডি এ চৰকাৰৰ প্ৰচেষ্টা মৰ্যাদা, সুযোগ আৰু সবলীকৰণৰ ওপৰত আধাৰিত। তেওঁলোকে এনে এক পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিছে য’ত মহিলাসকলে তেওঁলোকৰ সম্পূৰ্ণ সামৰ্থ্য উপলব্ধি কৰিব পাৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণত আৰু অধিক শক্তিশালীভাৱে অৰিহণা যোগাব পাৰে।

#12YearsOfNariShakti”

“ভাৰতৰ নাৰী শক্তিয়ে বিজ্ঞান, মহাকাশ আৰু উদ্ভাৱনৰ দৰে ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰা দেখি মই বিশেষভাৱে সুখী। ড্ৰোন প্ৰযুক্তিৰ দৰে উদীয়মান ক্ষেত্ৰত তেওঁলোকৰ বৰ্ধিত অংশগ্ৰহণে সুযোগৰ নতুন পথ মুকলি কৰিছে আৰু সমগ্ৰ দেশতে উন্নয়নৰ দৃশ্যপট সলনি কৰিছে। আমাৰ চৰকাৰে সক্ৰিয়ভাৱে আত্মসহায়ক গোটসমূহক সমৰ্থন আগবঢ়াই আছে, যিয়ে মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই লৈ গৈছে।

#12YearsOfNariShakti”

“ভাৰতৰ নাৰী শক্তি হৈছে ৰাষ্ট্ৰ নিৰ্মাণৰ আধাৰশিলা। আমাৰ মাতৃ, ভগ্নী আৰু কন্যাসকলে আজি প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ বিস্ময়কৰ প্ৰতিভা আৰু দক্ষতাৰে মা ভাৰতীক গৌৰৱান্বিত কৰি তুলিছে।

নাৰী ত্ৰৈলোক্যজননী

নাৰী ত্ৰৈলোক্যৰুপিনী।

নাৰী ত্ৰিভুৱনাধাৰা

নাৰী শক্তিস্বৰুপিনী।।

#12YearsOfNariShakti”

নাৰী হৈছে তিনিও জগতৰ মাতৃ। নাৰী তিনিও ৰাজ্যৰ অভিব্যক্তি। তেওঁ হৈছে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ ভেটি আৰু শক্তিৰ প্ৰকৃত মূৰ্তি।

 

***

MJPS/SS/PRK/DD