পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি কেন্দ্ৰীয় কেবিনেট বৈঠকত তালিকাভুক্ত ভাৰতীয় বিমান সংস্থাসমূহৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনাৰ বাবে ইন্ধনৰ মূল্য সুস্থিৰ কৰি ৰাখিবলৈ তেল বিপণন কোম্পানীসমূহক ১০,০০০ কোটি টকাৰ এককালীন বাজেট সাহায্য অনুমোদন জনোৱা হৈছে। এই আৰ্থিক সাহায্য পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অনুদানৰ জৰিয়তে তেল বিপণন কোম্পানীসমূহক সুদ-মুক্ত অগ্ৰিম ধন হিচাপে প্ৰদান কৰা হ’ব। পশ্চিম এছিয়াৰ সংকটৰ বাবে ইন্ধনৰ মূল্যত যি অস্বাভাৱিক অস্থিৰতা দেখা দিছে, তাৰ মোকাবিলা কৰিবলৈ বিমান সংস্থাসমূহৰ বাবে ইন্ধনৰ মূল্য সুস্থিৰ কৰি ৰাখিবৰ উদ্দেশ্যে তেল বিপণন কোম্পানীসমূহক এই সাহায্য আগবঢ়োৱা হ’ব।
অনুমোদিত মূল্য সুস্থিৰতা পুঁজিৰ মূল উপাদানসমূহ:
১) তেল বিপণন কোম্পানীসমূহক সুদ-মুক্ত অগ্ৰিম ধন
তালিকাভুক্ত ভাৰতীয় বিমান সংস্থাসমূহৰ বাবে ইন্ধনৰ মূল্য সুস্থিৰ কৰি ৰাখিবলৈ সাহায্য কৰাৰ উদ্দেশ্যে তেল বিপণন কোম্পানীসমূহক সুদ-মুক্ত অগ্ৰিম ধন হিচাপে ১০,০০০ কোটি টকালৈকে এককালীন বাজেট সাহায্য প্ৰদান কৰা হ’ব। যেতিয়াই আমদানি সমতা মূল্য, অনুমোদিত পদ্ধতিৰ অধীনত নিৰ্ধাৰিত মূল্যতকৈ অধিক হ’ব, তেতিয়া উদ্ভৱ হোৱা লোকচানৰ বাবে এই পুঁজিয়ে তেল বিপণন কোম্পানীসমূহক ক্ষতিপূৰণ দিব।
২) পুনৰুদ্ধাৰ আৰু সমন্বয় ব্যৱস্থা
যেতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ মূল্য সুস্থিৰ হ’ব, তেতিয়া অতিৰিক্ত ধন তেল বিপণন কোম্পানীসমূহৰ পৰা পুনৰুদ্ধাৰ কৰি ভাৰতৰ একত্ৰিত পুঁজিলৈ ঘূৰাই অনা হ’ব। এই ব্যৱস্থা তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে বাজেট সাহায্যৰ ধন সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰা নহয়।
৩) ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনাৰ আওতা
এই আঁচনিখন সকলো তালিকাভুক্ত ভাৰতীয় বিমান সংস্থাৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা পৰিচালনাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব।
৪) বিমান ইন্ধনৰ নিৰ্দিষ্ট মূল্যৰ ব্যৱস্থা
এই পদ্ধতিয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনাৰ বাবে এটা নিৰ্দিষ্ট মূল্যৰ ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ ফলত ইন্ধনৰ আকস্মিক মূল্যবৃদ্ধিৰ ক্ষতিশংকাৰ পৰা বিমান সংস্থাসমূহ ৰক্ষা পৰিব।
৫) তেল বিপণন কোম্পানীসমূহক বিমান ইন্ধন যোগানৰ একচেটিয়া অধিকাৰ
এই ব্যৱস্থাটো অংশগ্ৰহণকাৰী ভাৰতীয় বিমান সংস্থা আৰু তেল বিপণন কোম্পানীসমূহৰ মাজত এখন বুজাবুজিৰ চুক্তিৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব। এই ক্ষেত্ৰত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় স্বাক্ষৰকাৰী হিচাপে থাকিব। এই এককালীন ব্যৱস্থাৰ অধীনত, অংশগ্ৰহণকাৰী বিমান সংস্থাসমূহে বাৰ্ষিক পৰ্যালোচনাৰ সাপেক্ষে সৰ্বাধিক তিনি বছৰ পৰ্যন্ত অথবা অগ্ৰিম হিচাপে প্ৰদান কৰা ধন সম্পূৰ্ণৰূপে আদায় নোহোৱালৈকে (যিটো আগেয়ে হৈছিল), তেতিয়ালৈকে কেৱল তেল বিপণন কোম্পানীসমূহৰ পৰাহে বিমানৰ ইন্ধন সংগ্ৰহ কৰিব।
৬) নিৰীক্ষণ আৰু পৰীক্ষণ
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু ব্যয় বিভাগৰ প্ৰতিনিধিৰে গঠিত এটা নিৰীক্ষণ সমিতিয়ে দাবী পৰীক্ষণ, সমন্বয় আৰু নিষ্পত্তিৰ তত্ত্বাৱধান কৰিব। সকলো দাবী আৰু আদায় প্ৰক্ৰিয়া অডিট বা পৰীক্ষণৰ অধীনত থাকিব।
৭) মূল্য সুস্থিৰতা সাহায্যৰ সময়সীমা
এই সাহায্য বাৰ্ষিক পৰ্যালোচনাৰ সাপেক্ষে ৩৬ মাহৰ বাবে অথবা অগ্ৰিম ধন সম্পূৰ্ণৰূপে আদায়/নিষ্পত্তি নোহোৱালৈকে কাৰ্যকৰী থাকিব, যিটো আগেয়ে হৈছিল। উপযুক্ত কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে এই প্ৰস্তাৱ ৩৬ মাহৰ পিছতো বৃদ্ধি কৰিব পৰা যাব।
প্ৰত্যাশিত ফলাফল:
· বিমানৰ সুস্থিৰ পৰিচালনাই বিমান সংস্থা, বিমানবন্দৰ, গ্ৰাউণ্ড হেণ্ডলিং সংস্থা, মেৰামতি আৰু পৰিচালনা, ট্ৰেভেল এজেন্সী, আতিথ্য আৰু লজিষ্টিক খণ্ডত কৰ্মসংস্থাপন অক্ষুণ্ণ ৰখাত সহায় কৰিব।
· নিৰৱচ্ছিন্ন বিমান সংযোগে যাত্ৰী, উচ্চ-মূল্যৰ কাৰ্গ’ (সামগ্ৰী), ব্যৱসায়ী আৰু পৰ্যটকৰ যাতায়ত সহজ কৰি তুলিব, যাৰ ফলত বিভিন্ন খণ্ডৰ অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত হ’ব।
· এই পদক্ষেপৰ ইতিবাচক প্ৰভাৱ পৰ্যটন, আতিথ্য খণ্ড, বাণিজ্য, ৰপ্তানি, আঞ্চলিক উন্নয়ন আৰু বিনিয়োগৰ ওপৰতো পৰিব।
· ই সমগ্ৰ দেশত গঢ়ি তোলা বিমানবন্দৰৰ আন্তঃগাঁথনিসমূহৰ, বিশেষকৈ উড়ান আঁচনিৰ অধীনত কাৰ্যক্ষম কৰা বিমানবন্দৰসমূহৰ সৰ্বোত্তম ব্যৱহাৰ নিশ্চিত কৰাত সহায় কৰিব।
· ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগ অক্ষুণ্ণ ৰাখি এই উদ্যোগে গোলকীয় বজাৰৰ সৈতে ভাৰতৰ সংবদ্ধতাক শক্তিশালী কৰিব আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশত সমৰ্থন জনাব।
পশ্চিম এছিয়াৰ সংকটৰ বাবে বিশ্ব বজাৰত বিমান ইন্ধনৰ অভূতপূৰ্ব মূল্যবৃদ্ধিয়ে বিমান পৰিবহণ খণ্ডক গভীৰভাৱে প্ৰভাৱিত কৰিছে।
· চলিত পশ্চিম এছিয়াৰ সংকটৰ বাবে, আন্তঃৰাষ্ট্ৰীয় বজাৰত এটিএফৰ মূল্য ২০২৬ চনৰ মাৰ্চ মাহৰ প্ৰতি লিটাৰত ৬০.৫০ টকাৰ পৰা প্ৰায় ২.৫ গুণ বৃদ্ধি পাই ২০২৬ চনৰ মে’ মাহত প্ৰতি লিটাৰত ১৪২ টকা হৈছেগৈ। যিহেতু এটা বিমান সংস্থাৰ পৰিচালনা ব্যয়ৰ প্ৰায় ৪০% কেৱল বিমান ইন্ধনৰ বাবেই খৰচ হয়, গতিকে এটিএফৰ মূল্যৰ এই অস্থিৰতাই বিমান সংস্থাসমূহৰ আৰ্থিক দিশত বৃহৎ লোকচানৰ চাপ সৃষ্টি কৰিছে।
· চৰম মূল্য অস্থিৰতাৰ সময়ত বিমান ইন্ধনৰ খৰচ বিমান সংস্থাসমূহৰ মুঠ পৰিচালনা ব্যয়ৰ ৬০% পৰ্যন্ত হ’বগৈ পাৰে।
· যদিও ঘৰুৱা পৰিচালনাৰ বাবে এটিএফৰ মূল্যৰ উৰ্ধসীমা নিৰ্ধাৰণ কৰা হৈছে, তথাপিও ভাৰতীয় বিমান সংস্থাসমূহে আন্তঃৰাষ্ট্ৰীয় পৰিচালনাৰ বাবে আমদানি সমতা মূল্যত (আইপিপি) এটিএফ ক্ৰয় কৰিবলগীয়া হৈছে, যাৰ ফলত তেওঁলোকে অত্যাধিক ইন্ধনৰ খৰচ বহন কৰিবলগীয়া হৈছে।
· অৱশ্যে, এটিএফ মূল্যৰ এই উৰ্ধসীমা এটা সাময়িক ব্যৱস্থাহে আৰু তেল বিপণন কোম্পানীসমূহৰ বাবে দীৰ্ঘম্যাদী ভিত্তিত ই বহনক্ষম নহয়। এই মূল্যৰ উৰ্ধসীমা নিৰ্ধাৰণ কৰাৰ বাবে, বিশেষকৈ পশ্চিম এছিয়াৰ সংকটৰ সময়ত এটিএফৰ মূল্য বৃদ্ধি পোৱাৰ ফলত তেল বিপণন কোম্পানীসমূহো লোকচানৰ সন্মুখীন হৈছে।
· ভাৰতীয় বিমানসমূহৰ বাবে পাকিস্তানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ ফলত ইউৰোপ, উত্তৰ আমেৰিকা আৰু মধ্য এছিয়ালৈ বিমান যাত্ৰাৰ পথ দীঘলীয়া হৈ পৰিছে, যাৰ ফলত ইন্ধনৰ ব্যৱহাৰ আৰু পৰিচালনা ব্যয় বৃদ্ধি পাইছে।
· দীৰ্ঘ দূৰত্বৰ বিমান যাত্ৰাৰ ভাড়া যথেষ্ট বৃদ্ধি পাইছে, আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰীৰ চাহিদা হ্ৰাস পাইছে আৰু বিমান সংস্থাসমূহে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পথত বিমান সেৱা হ্ৰাস বা স্থগিত ৰাখিবলৈ বাধ্য হৈছে।
***
MJPS/DB