Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰৱণ পূৰ্ণিমাৰ দিনা বিশ্ব সংস্কৃত দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আমি সংস্কৃতৰ কালজয়ী সমৃদ্ধি উদযাপন কৰো, যি ভাৰতৰ জ্ঞান, চিন্তা আৰু সৃষ্টিশীলতাৰ এক বিৰামহীন বাহন হিচাপে বিবেচিত হৈ আহিছে। ‘এই বিশেষ দিনটোত আমি ভাৰত আৰু সমগ্ৰ বিশ্বৰ সেই সকলোকে প্ৰশংসা কৰিছো, যিসকলে সংস্কৃত অধ্যয়ন কৰে আৰু শিক্ষা দিয়ে তথা যিসকলে এই ভাষাৰ কালজয়ী সম্পদসমূহ ভৱিষ্যত প্ৰজন্মলৈ হস্তান্তৰ কৰিবলৈ চেষ্টা কৰি আছে’, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

विश्वसंस्कृतदिवसस्य शुभाशयाः।

अद्य, श्रावणपूर्णिमादिने, वयं संस्कृतस्य चिरन्तन-समृद्धेः उत्सवम् आचरामः। एषा भाषा भारतस्य ज्ञानस्य, चिन्तनस्य, सर्जनशीलतायाः च निरन्तर-संवाहिका आसीत्। तस्याः सकारात्मकः प्रभावः बहुषु क्षेत्रेषु अद्यापि द्रष्टुं शक्यते।

एतस्मिन् विशिष्टे दिने, भारते विश्वे च ये संस्कृतं पठन्ति, पाठयन्ति तथा च एतस्यां निहितं कालातीतं निधिं अग्रिमसन्तत्यै प्रापयितुं प्रयत्नशीलाः सन्ति तान् सर्वान् वयं प्रशंसामः।

***

MJPS/SS/VJ/HS