Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু ব্ৰাজিলৰ মাজত সামাজিক নিৰাপত্তাৰ সন্দৰ্ভত চুক্তি স্বাক্ষৰ কৰিবলৈ কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু ব্ৰাজিলৰ মাজত সামাজিক নিৰাপত্তাৰ সন্দৰ্ভত চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে৷

পটভূমিঃ

বিদেশত কম সময়ৰ বাবে কৰ্মৰত ভাৰতৰ বিভিন্ন বৃত্তিধাৰী/দক্ষ শ্ৰমিকসকলৰ স্বাৰ্থ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তথা ভাৰতীয় কোম্পানীসমূহৰ প্ৰতিযোগিতামুলক দৃষ্টিভংগী বৃদ্ধিত গুৰুত্ব আৰোপ কৰি অন্যান্য দেশসমূহৰ সৈতে দ্বিপাক্ষিক সামাজিক নিৰাপত্তা চুক্তি (এছএছএ) স্বাক্ষৰ কৰি আহিছে৷ ইয়াৰ জৰিয়তে তিনিটা প্ৰধান সুবিধা প্ৰদান কৰিব৷ সেয়া

হৈছে-
i. শ্ৰমিক-কৰ্মচাৰীসকলে দুগুন সামাজিক নিৰাপত্তা বৰঙণি প্ৰদানৰ পৰা বিৰত থকাৰ সুবিধা;

ii. সহজে ধন প্ৰেৰণৰ সুবিধা;

iii. গড় বৰঙণিৰ সময়ত লাভালাভ হেৰুওৱাটো প্ৰতিৰোধ কৰাৰ সুবিধা৷ এই চুক্তিত বিদেশত কৰ্মৰত ভাৰতীয় কৰ্মচাৰীৰ অক্ষমতা বীমা প্ৰদানৰ সুবিধা আছে৷ বৰ্তমানলৈকে ভাৰতে ১৮খন দেশৰ সৈতে দ্বিপাক্ষিক সামাজিক নিৰাপত্তা চুক্তি সম্পাদন কৰিছে৷

উল্লেখ্য যে বৰ্তমান ভাৰতত প্ৰায় ১,০০০ ব্ৰাজিলিয়ানে আৰু ব্ৰাজিলত প্ৰায় ৪,৭০০ ভাৰতীয়ই বসবাস কৰি আছে৷ এই সকলো কৰ্মী তথা স্বাৱলম্বী লোকে এই প্ৰস্তাৱিত চুক্তিৰ জৰিয়তে কোনো বৈষম্য নথকাকৈ উপকৃত হ’ব৷

*****

SC/PK/SH/DB