Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত-ওমান ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

ভাৰত-ওমান ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাস্কটত ভাৰত–ওমান ব্যৱসায়িক মঞ্চত ভাষণ দিয়ে। সন্মিলনত  ওমানৰ বাণিজ্য, উদ্যোগ আৰু বিনিয়োগ প্ৰসাৰ দপ্তৰৰ  মন্ত্ৰী মহামহিম  কাইছ আল ইউছেফ; ওমান চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ মহামহিম শ্বেইখ ফৈছাল আল ৰাৱাছ; ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰীযুত পীয়ুষ গোৱেল; আৰু চি আই আইৰ সভাপতি শ্ৰী ৰাজীৱ মেমানীয়ে  অংশগ্ৰহণ কৰে।

এই সন্মিলনত  শক্তি, কৃষি, লজিষ্টিক, আন্তঃগাঁথনি, উৎপাদন, স্বাস্থ্য, বিত্তীয় সেৱা, সেউজ উন্নয়ন, শিক্ষা আৰু সংযোগৰ ক্ষেত্ৰত দুয়োখন দেশৰ আগশাৰীৰ ব্যৱসায়িক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

 

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত শতিকাজুৰি চলি অহা সামুদ্ৰিক বাণিজ্যিক সম্পৰ্কৰ  বিষয়ত আলোকপাত কৰে, মাণ্ডভিৰ পৰা মাস্কটলৈকে, যি  আজি বাণিজ্যিক বিনিময়ৰ  স্তম্ভ  হিচাপে গঢ় লৈ উঠিছে।

তেওঁ উল্লেখ কৰে যে ৭০ বছৰীয়া কূটনৈতিক সম্পৰ্কই শতিকাজুৰি গঢ় লৈ উঠা আস্থা আৰু বন্ধুত্বক প্ৰতিনিধিত্ব কৰে। প্ৰধানমন্ত্ৰীয়ে ব্যৱসায়িক নেতাসকলক ভাৰত-ওমান ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব [ CEPA] ৰ সম্পূৰ্ণ সম্ভাৱনা উপলব্ধি কৰিবলৈ আহ্বান জনায়, যাক তেওঁ ভাৰত-ওমানৰ ভৱিষ্যতৰ ব্লুপ্ৰিণ্ট বুলি অভিহিত কৰে। তেওঁ কয় যে চিইপিএই দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্কত নতুন শক্তিৰ প্ৰৱেশ ঘটাব তথা পাৰস্পৰিক বৃদ্ধি, উদ্ভাৱন আৰু নিয়োগৰ সুযোগ সৃষ্টি কৰিব।

বিগত ১১ বছৰত ভাৰতে লাভ কৰা অৰ্থনৈতিক সফলতাৰ বিষয়ত  আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ, নীতিৰ ভৱিষ্যদ্বাণীযোগ্যতা, সুশাসন আৰু উচ্চ বিনিয়োগকাৰীৰ আস্থাৰ ওপৰত ভিত্তি কৰি  দেশখনে বিশ্বৰ তৃতীয়  বৃহত্তম অৰ্থনীতি হোৱাৰ পথত আগবাঢ়িছে। তেওঁ লগতে  কয় যে বিশ্বৰ অনিশ্চয়তাৰ পৰিৱেশৰ মাজতো ভাৰতৰ লক্ষ্যণীয় বিকাশ হৈছে  – যোৱা তিনিমাহত ৮%তকৈ অধিক ।

তেওঁ  কয় যে ভাৰতে বিশ্বমানৰ আন্তঃগাঁথনি, লজিষ্টিক, সংযোগ, বিশ্বাসযোগ্য যোগান শৃংখল, উৎপাদন ক্ষমতা আৰু সেউজ বৃদ্ধি সৃষ্টিৰ বাবে দ্ৰুত আৰু পৰিসৰত কাম কৰি আছে যাতে “জীৱন-যাপনৰ সহজতা” তথা  “ব্যৱসায়ত সহজতা” বৃদ্ধি পায়। তেওঁ ওমানৰ ব্যৱসায়ীসকলক শক্তি, তেল আৰু গেছ, পেট্ৰ’কেমিকেল আৰু সাৰৰ পৰম্পৰাগত ক্ষেত্ৰসমূহৰ বাহিৰেও আন ক্ষেত্ৰলৈ   চাবলৈ আমন্ত্ৰণ জনায়। তেওঁ সেউজ শক্তি, সৌৰ উদ্যান, শক্তি সংৰক্ষণ, স্মাৰ্ট গ্ৰীড, কৃষি-টেক, ফিনটেক, এআই আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সুযোগসমূহ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়।

তেওঁ ব্যৱসায়িক অংশীদাৰিত্বৰ ভৱিষ্যত সাজু কৰি তুলিবলৈ ভাৰত-ওমান কৃষি উদ্ভাৱন হাব আৰু ইণ্ডিয়া-ওমান উদ্ভাৱন সেতু সৃষ্টিৰ প্ৰস্তাৱ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এইবোৰ কেৱল ধাৰণা নহয়, বিনিয়োগ, উদ্ভাৱন আৰু একেলগে ভৱিষ্যত গঢ়ি তোলাৰ আমন্ত্ৰণ।

প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত ব্যৱসায়িক নেতাসকলৰ সবল উপস্থিতিৰ শলাগ লৈ উদ্যোগ আৰু নীতিৰ সংমিশ্ৰণ ঘটাই চিইপিএক গতি দিবলৈ আহ্বান জনায়।

তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ভাৰত আৰু ওমান কেৱল ঘনিষ্ঠ প্ৰতিবেশী নহয়, বৰঞ্চ স্থিতিশীলতা, বৃদ্ধি আৰু ভাগ-বতৰা কৰা  সমৃদ্ধিৰ প্ৰতি দায়বদ্ধ কৌশলগত অংশীদাৰ।

 

***

MJPS/ST/DM