Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো ব্যক্তিক কৃতজ্ঞতাৰে স্মৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা গান্ধীৰ প্ৰেৰণাদায়ক নেতৃত্বত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো বীৰ ব্যক্তিলৈ গভীৰ কৃতজ্ঞতাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ সাহসে দেশপ্ৰেমৰ স্ফুলিংগ জ্বলাই তুলিছিল,  যিয়ে অগণন লোকক স্বাধীনতা প্ৰাপ্তিৰ  বাবে  একত্ৰিত কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;

“বাপুৰ প্ৰেৰণাদায়ক নেতৃত্বত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সেই সকলো সাহসী ব্যক্তিক  আমি গভীৰ কৃতজ্ঞতাৰে মনত পেলাইছো।তেওঁলোকৰ সাহসে দেশপ্ৰেমৰ স্ফুলিংগ জ্বলাইছিল,  যিয়ে অগণন লোকক স্বাধীনতা প্ৰাপ্তিৰ  বাবে   একত্ৰিত কৰিছিল।”

 

***

MJPS/ST/DM