পি এম ইণ্ডিয়া
পোলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ড’নাল্ড টাস্কৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২১ৰ পৰা ২২ আগষ্টলৈ চৰকাৰী ভ্ৰমণসূচী লৈ পোলেণ্ডলৈ যায়। দুয়োখন ৰাষ্ট্ৰই তেওঁলোকৰ কূটনৈতিক সম্পৰ্কৰ ৭০ সংখ্যক বাৰ্ষিকী উদযাপন কৰাৰ সময়তে এই ঐতিহাসিক ভ্ৰমণ অনুষ্ঠিত হয়।
তেওঁলোকৰ দীৰ্ঘদিনীয়া সম্পৰ্কক স্বীকৃতি জনাই দেশ আৰু জনসাধাৰণৰ মাজত বন্ধুত্বৰ গভীৰ সম্পৰ্কক পুনৰ নিশ্চিত কৰি আৰু এই সম্পৰ্কৰ সম্পূৰ্ণ সম্ভাৱনা উপলব্ধি কৰাৰ প্ৰতিশ্ৰুতিৰে দুয়োগৰাকী নেতাই ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক সম্পৰ্কক ‘কৌশলগত অংশীদাৰিত্ব’ৰ স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ঐতিহাসিক সম্পৰ্কৰ লগতে গণতন্ত্ৰ, স্বাধীনতা আৰু নিয়ম-আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ অংশীদাৰী মূল্যবোধ বৰ্ধিত দ্বিপাক্ষিক অংশীদাৰিত্বৰ কেন্দ্ৰবিন্দু। তেওঁলোকে অধিক সুস্থিৰ, সমৃদ্ধিশালী আৰু বহনক্ষম বিশ্বৰ বাবে দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গভীৰ কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।
দুয়োগৰাকী নেতাই দ্বিপাক্ষিক ৰাজনৈতিক আলোচনা শক্তিশালী কৰিবলৈ আৰু পাৰস্পৰিকভাৱে লাভজনক পদক্ষেপ বিকশিত কৰিবলৈ নিয়মীয়া উচ্চ পৰ্যায়ৰ যোগাযোগ বৰ্তাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
নেতাসকলে দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্ক অধিক তীব্ৰ কৰা, বাণিজ্য আৰু বিনিয়োগক উৎসাহিত কৰা আৰু সহযোগিতাৰ নতুন পাৰস্পৰিক লাভজনক ক্ষেত্ৰসমূহ অন্বেষণ কৰাত সন্মতি প্ৰকাশ কৰে। এইক্ষেত্ৰত তেওঁলোকে অৰ্থনৈতিক সহযোগিতাৰ বাবে যুটীয়া আয়োগক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ সন্মত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বাণিজ্যৰ ভাৰসাম্য ৰক্ষা আৰু বাণিজ্য সম্প্ৰসাৰণৰ বাবে প্ৰচেষ্টা চলোৱা উচিত বুলিও মত প্ৰকাশ কৰে।
দুয়োগৰাকী নেতাই প্ৰযুক্তি, কৃষি, সংযোগ, খনন, শক্তি আৰু পৰিবেশৰ দৰে ক্ষেত্ৰত অৰ্থনৈতিক সহযোগিতা সম্প্ৰসাৰণৰ বৰ্ধিত গুৰুত্ব স্বীকাৰ কৰে।
অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত ডিজিটেলাইজেচনৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰি দুয়োপক্ষই দুয়োখন দেশৰ মাজত সুস্থিৰতা আৰু বিশ্বাস বৃদ্ধিৰ বাবে চাইবাৰ সুৰক্ষাকে ধৰি এইক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়।
প্ৰধানমন্ত্ৰীদ্বয়ে দুয়োখন দেশ আৰু নিজ নিজ অঞ্চলৰ মাজত সংযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান সংযোগৰ আৰম্ভণিক আদৰণি জনায় আৰু দুয়োখন দেশৰ নতুন গন্তব্য স্থানলৈ পোনপটীয়া বিমান সংযোগ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই সামুদ্ৰিক সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু আন্তঃগাঁথনি কৰিডৰসমূহৰ বাধাহীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
দুয়োগৰাকী নেতাই এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে বিশ্বৰ দুটা সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ইউৰোপীয় সংঘ আৰু ভাৰতৰ নিৰাপত্তা, সমৃদ্ধি আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰাৰ ক্ষেত্ৰত এক উমৈহতীয়া স্বাৰ্থ আছে। তেওঁলোকে ভাৰত-ইউৰোপীয় সংঘৰ কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি দোহাৰে, যি কেৱল দুয়ো পক্ষক লাভান্বিত কৰাই নহয়, বিশ্বব্যাপী এক সুদূৰপ্রসাৰী ইতিবাচক প্ৰভাৱ পেলাব।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ চনদৰ সৈতে শান্তি আৰু নিয়ম-আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে আৰু বিশ্বৰ বিভিন্ন অঞ্চলত গুৰুতৰ সংঘাত আৰু উত্তেজনাৰ সময়ত নিৰাপত্তাৰ ক্ষেত্ৰত ইয়াৰ একাধিক দিশত সহযোগিতা অতি গুৰুত্বপূৰ্ণ বুলি সন্মত হয়। তেওঁলোকে নিয়ম-আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি সন্মান বৃদ্ধি কৰিবলৈ আৰু বিশ্ব শান্তি, সুস্থিৰতা আৰু নিৰাপত্তা বজাই ৰাখিবলৈ বহুপাক্ষিক মঞ্চত সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।
দুয়োপক্ষই প্ৰতিৰক্ষা খণ্ডত সহযোগিতা শক্তিশালী আৰু গভীৰ কৰাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে। এই উদ্দেশ্যে, তেওঁলোকে প্ৰতিৰক্ষা সহযোগিতাৰ বাবে যুটীয়া কৰ্মগোষ্ঠীকে ধৰি বিদ্যমান দ্বিপাক্ষিক ব্যৱস্থাসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ সন্মত হয়।
দুয়োগৰাকী নেতাই ইউক্ৰেইনত সংঘটিত হোৱা যুদ্ধৰ লগতে ইয়াৰ ভয়ংকৰ আৰু দুখজনক মানৱীয় পৰিণতিৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান জনোৱাকে ধৰি ৰাষ্ট্ৰসংঘৰ চনদৰ উদ্দেশ্য তথা নীতিৰ সৈতে আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ সৈতে সংগতি ৰাখি এক ব্যাপক, ন্যায়সংগত আৰু স্থায়ী শান্তিৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। তেওঁলোকে বিশ্ব খাদ্য আৰু শক্তি সুৰক্ষাৰ ক্ষেত্ৰত ইউক্ৰেইনৰ যুদ্ধৰ নেতিবাচক প্ৰভাৱৰ কথাও উল্লেখ কৰে, বিশেষকৈ গ্লোবেল ছাউথৰ বাবে। এই যুদ্ধৰ সন্দৰ্ভত তেওঁলোকে পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ বা ব্যৱহাৰৰ ভাবুকি গ্ৰহণযোগ্য নহয় বুলি মত পোষণ কৰে। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় আইন সমৰ্থন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ সৈতে সংগতি ৰাখি পুনৰ কয় যে সকলো ৰাষ্ট্ৰই আঞ্চলিক অখণ্ডতা আৰু সাৰ্বভৌমত্ব বা ৰাজনৈতিক স্বাধীনতাৰ বিৰুদ্ধে ভাবুকি বা বল প্ৰয়োগৰ পৰা বিৰত থাকিব লাগিব।
দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশক নিন্দা কৰাৰ কথা দোহাৰে আৰু এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে কোনো দেশেই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পুঁজি যোগান ধৰা, পৰিকল্পনা কৰা, সমৰ্থন কৰা লোকসকলক সুৰক্ষিত আশ্ৰয় প্ৰদান কৰা উচিত নহয়। দুয়োপক্ষই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰাসংগিক প্ৰস্তাৱৰ দৃঢ় ৰূপায়ণৰ লগতে ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক সন্ত্ৰাসবাদবিৰোধী কৌশল ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ ওপৰত ব্যাপক সন্মিলন (চি চি আই টি) সোনকালে গ্ৰহণ কৰাৰ কথাও পুনৰ নিশ্চিত কৰে।
দুয়োপক্ষই ইউ এন চি এল অ’ এছত প্ৰতিফলিত হোৱাৰ দৰে সাগৰৰ আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি আৰু সামুদ্ৰিক সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুস্থিৰতাৰ লাভালাভৰ বাবে সাৰ্বভৌমত্ব, আঞ্চলিক অখণ্ডতা আৰু নৌ পৰিবহণৰ স্বাধীনতাৰ প্ৰতি সম্পূৰ্ণ সন্মানৰে এক মুক্ত, মুকলি আৰু নিয়ম-আধাৰিত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি শক্তিশালী কৰে।
জলবায়ু পৰিবৰ্তনৰ ফলত উদ্ভৱ হোৱা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰি দুয়োগৰাকী নেতাই জলবায়ু কাৰ্যকলাপৰ পদক্ষেপসমূহত সহযোগিতাৰ গুৰুত্বৰ ওপৰত সহমত পোষণ কৰে। ভাৰতীয় পক্ষই পোলেণ্ডৰ পক্ষক আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা (আই এছ এ) আৰু দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰতা (চি ডি আৰ আই)ৰ সদস্যপদ বিবেচনা কৰিবলৈ উৎসাহিত কৰে।
সংসদীয় সম্পৰ্কৰ ভূমিকাক প্ৰশংসা কৰি নেতাদ্বয়ে সন্মতি প্ৰকাশ কৰে যে তেওঁলোকৰ বিধান মণ্ডলসমূহৰ মাজত আদান-প্ৰদান আৰু সহযোগিতাৰ সম্প্ৰসাৰণে দ্বিপাক্ষিক সম্পৰ্ক আৰু পাৰস্পৰিক বুজাবুজি যথেষ্ট গভীৰ কৰিব।
প্ৰধানমন্ত্ৰীদ্বয়ে জনসাধাৰণৰ মাজত দীৰ্ঘদিনীয়া বিশেষ সম্পৰ্কৰ কথা উল্লেখ কৰে আৰু ইয়াক আৰু অধিক শক্তিশালী কৰিবলৈ সন্মত হয়। তেওঁলোকে সংস্কৃতি, শিক্ষা, বিজ্ঞান, গৱেষণা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰে। তেওঁলোকে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত ভৱিষ্যতমুখী অংশীদাৰিত্ব স্থাপনৰ বাবে অতিৰিক্ত পদক্ষেপৰ প্ৰচাৰ আৰু উৎসাহিত কৰাৰ প্ৰচেষ্টাক আদৰণি জনায়।
নেতাদ্বয়ে অৰ্থনৈতিক আৰু ব্যৱসায়িক সুযোগসমূহক চালিত কৰা আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত বুজাবুজি বৃদ্ধি কৰাত পৰ্যটনৰ ভূমিকাক স্বীকাৰ কৰে।
কৌশলগত অংশীদাৰিত্ব ৰূপায়ণৰ বাবে দুয়োপক্ষই ২০২৪-২০২৮ৰ বাবে পাঁচ বছৰীয়া যুটীয়া কাৰ্য্য পৰিকল্পনাত সন্মতি প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আৰু তেওঁৰ প্ৰতিনিধি দলক আগবঢ়োৱা আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰী টাস্ক আৰু পোলেণ্ডৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ প্ৰধানমন্ত্ৰী টাস্কক ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়।
*********
MJPS/ST/MK
Prime Ministers @narendramodi and @donaldtusk held a productive meeting in Warsaw, Poland. They explored avenues to enhance India-Poland cooperation in key sectors like food processing, AI, energy, and infrastructure. Both nations have also agreed on a social security agreement,… pic.twitter.com/ytoIIDY1rZ
— PMO India (@PMOIndia) August 22, 2024
I am glad to have met my friend, Prime Minister @donaldtusk. In our talks, we took stock of the full range of India-Poland relations. We are particularly keen to deepen linkages in areas such as food processing, urban infrastructure, renewable energy and AI. pic.twitter.com/a7VqCfj9Qa
— Narendra Modi (@narendramodi) August 22, 2024
PM @donaldtusk and I also discussed ways to expand cooperation in defence and security. It is equally gladdening that we have agreed on a social security agreement, which will benefit our people. pic.twitter.com/aQmb4zvPWR
— Narendra Modi (@narendramodi) August 22, 2024
Cieszę się, że dane mi było spotkać się z drogim Panem Premierem @donaldtusk. Podczas rozmowy podsumowaliśmy całość stosunków indyjsko-polskich. Szczególnie zależy nam na pogłębieniu relacji w dziedzinie przetwórstwa spożywczego, infrastruktury miejskiej, energii odnawialnej oraz… pic.twitter.com/ALDZVuokZK
— Narendra Modi (@narendramodi) August 22, 2024
Wraz z Premierem @donaldtusk dyskutowaliśmy również na temat poszerzenia współpracy w zakresie bezpieczeństwa i obronności. Równie zadowalające jest to, że przyjęliśmy wspólne założenia do porozumienia w sprawie zabezpieczenia społecznego, na którym skorzystają nowe narody. pic.twitter.com/p2s8RlNVEc
— Narendra Modi (@narendramodi) August 22, 2024