Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহানায়ক উত্তম কুমাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিংবদন্তি অভিনেতা মহানায়ক উত্তম কুমাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁক এগৰাকী কিংবদন্তি আখ্যা দি কয় যে তেওঁৰ কালজয়ী প্ৰদৰ্শনে প্ৰজন্মৰ পিছত প্ৰজন্ম মানুহৰ মন স্পৰ্শ কৰি আহিছে। তেওঁ শেহতীয়াকৈ মন কী বাত অনুষ্ঠানত প্ৰসিদ্ধ অভিনেতাজনৰ বিষয়ে তেওঁ প্ৰকাশ কৰা মনোভাৱৰ উল্লেখ কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ

“মহানায়ক উত্তম কুমাৰ এগৰাকী কিংবদন্তি যাৰ কালজয়ী প্ৰদৰ্শনে প্ৰজন্মৰ পিছত প্ৰজন্মৰ মানুহক স্পৰ্শ কৰি আহিছে।

জন্ম শতবাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।

লগতে যোৱা দেওবাৰে #MannKiBaat ৰ সময়ত মই তেওঁৰ বিষয়ে প্ৰকাশ কৰা মনোভাৱ শ্বেয়াৰ কৰিছো।

মহানায়ক উত্তম কুমার… এক কিংবদন্তি যাঁর কালজয়ী পরিবেশনা প্রজন্মান্তরের মানুষের সঙ্গে সংযোগ স্থাপন করে চলেছে।

তাঁর জন্মশতবার্ষিকীতে শ্রদ্ধাঞ্জলি।

গত রবিবার #MannKiBaat অনুষ্ঠানে আমি তাঁর সম্পর্কে যা বলেছিলাম, তাও শেয়ার করছি।”

 

***

MJPS/SS/PRK/DD