পি এম ইণ্ডিয়া
কুৰুক্ষেত্ৰত মহিলা পঞ্চায়ত নেত্ৰীক প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ শক্তি ২০১৯ বঁটাৰে সন্মানিত কৰে
ৰাষ্ট্ৰলৈ উচৰ্গা ঝাঝৰৰ ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠান
হাৰিয়ানাত প্ৰধানমন্ত্ৰীৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰ ভ্ৰমণ কৰে৷ তাতে তেওঁ মহিলা পঞ্চায়ত নেত্ৰীসকলৰ স্বচ্ছ শক্তি ২০১৯ সন্মিলনত অংশগ্ৰহণ কৰে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ মহিলা পঞ্চায়ত নেত্ৰীসকলক স্বচ্ছ শক্তি ২০১৯ বঁটাৰে সন্মানিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ সুন্দৰ শৌচালয় প্ৰদৰ্শনীও পৰিদৰ্শন কৰে৷ তেওঁ হাৰিয়ানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ এই অনুষ্ঠানত হাৰিয়ানাৰ মুখ্যমম্ত্ৰী লাল মনোহৰ খাট্টাৰ আৰু অন্যান্য প্ৰতিনিধিবৰ্গও উপস্থিত আছিল৷
প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ স্বচ্ছাগ্ৰহীসকলৰ একত্ৰীকৰণে নতুন ভাৰতৰ বাবে স্বচ্ছ ভাৰতৰ প্ৰয়াসক সৱলীকৰণ কৰাত শক্তিশালী ভূমিকা আগবঢ়াব৷
হাৰিয়ানাৰ জনতাক আৱেগসন্বলিত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বেটি বচাও বেটি পঢ়াও আন্দোলনত ৰাজ্যখনে এক নম্বৰ স্থান দখল কৰিছে আৰু আয়ুষ্মান ভাৰতৰ প্ৰথমগৰাকী হিতাধিকাৰীও হাৰিয়ানাৰে এগৰাকী কন্যা আছিল৷
প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱল মহিলা সৱলীকৰণৰ দ্বাৰা সমাজৰ সৱলীকৰণ তথা শক্তিশালী ৰাষ্ট্ৰৰ নিৰ্মাণ সম্ভৱ৷ তেওঁ বেটি বচাও বেটি পঢ়াও, উজ্বলা যোজনা, ৰাষ্ট্ৰীয় পুষ্টি অভিযানৰ কথা উল্লেখ কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব শিবিৰে প্ৰসূতিজনিত ছুটি ১২ সপ্তাহৰ পৰা ২৬ সপ্তাহলৈ বৃদ্ধি কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা গৃহসমূহৰ মালিকীস্বত্ব মহিলাই পোৱাটোৰ বিষয়েও উল্লেখ কৰি মহিলা সৱলীকৰণৰ দিশটো উনুকিয়াই দিয়ে৷ তেওঁ কয়, ‘‘ধৰ্ষণৰ বাবে শাস্তি হিচাপে মৃত্যুদণ্ড প্ৰদান কৰা আমিয়েই প্ৰথম চৰকাৰ৷’’
তেওঁ কয় যে মুদ্ৰা যোজনাৰ হিতাধিকাৰীসকলৰ প্ৰায় ৭৫%ই হ’ল মহিলা৷ দীন দয়াল অন্ত্যোদয়া আঁচনিৰ অধীনত প্ৰায় ৬ কোটি মহিলাই যোগদান কৰিছে আৰু এনেধৰণৰ আত্ম সহায়ক গোটসমূহলৈ ৭৫০০০ কোটি টকাতকৈও অধিক পৰিমাণৰ ঋণ প্ৰদান কৰা হৈছে৷ এই পৰিমাণ ২০১৪ চনলৈ আৱণ্টিত হোৱা পৰিমাণতকৈ ২.৫ গুণ অধিক৷
প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘স্বাস্থ্যসন্মত শৌচাগাৰৰ অভাৱত মাতৃ আৰু জীয়াৰীসকলে যি ব্যাথা ভুগিবলগীয়া হৈছিল সেয়াই মোক মনোকষ্ট দিছিল৷ আৰু সেয়ে মই লালকিল্লাৰ পৰা স্বচ্ছ ভাৰতৰ শপত গ্ৰহণ কৰিছিলো৷ স্বাধীনতাৰ পৰা ৭০ বছৰলৈ স্বচ্ছতাৰ পৰিমাণ আছিল ৪০% আৰু এতিয়া এয়া বৃদ্ধি হৈ ৯৮% স্পৰ্শ কৰিছে৷ যোৱা চাৰে চাৰি বছৰত ১০ কোটিতকৈও অধিক শৌচাগাৰ নিৰ্মাণ কৰা হৈছে৷ ৬০০ জিলাৰ ৫ লাখখন গাঁৱক মুক্তস্থানত কৰা মলত্যাগমুক্ত স্থান হিচাপে ঘোষণা কৰা হৈছে৷ ই সন্মানীয় জীৱনো প্ৰদান কৰিছে৷’’
প্ৰধানমন্ত্ৰী কুৰুক্ষেত্ৰৰ ঝাঝৰ জিলাৰ বাঢ়ছা গাঁৱত ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠান (এনচিআই) মুকলি কৰে৷ তেওঁ কয় যে চৰকাৰে ব্যয়সাধ্য স্বাস্থ্যসেৱা প্ৰদানৰ দিশত অগ্ৰসৰ হৈছে৷
প্ৰধানমন্ত্ৰীয়ে কুৰুক্ষেত্ৰত শ্ৰী কৃষ্ণ আয়ুস বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে যি আয়ুৰ্বেদ, যোগ, ইউনানি, সিদ্ধ আৰু হোমিঅ’পেথিক চিকিৎসা সেৱাৰ পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হ’ব৷
তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে পণ্ডিত দীন দয়াল উপাধ্যায় ইউনিভাৰ্ছিটী অব্ হেল্থ, কাৰ্নাল; নেচনেল ইন্সটিটিউট অব্ আয়ুৰ্বেদ, পঞ্চকুলা; আৰু ইএচআইচি মেডিকেল কলেজ এণ্ড হাস্পতাল, ফৰিদাবাদৰো আধাৰশিলা স্থাপন কৰে৷
‘পাণিপথ যুদ্ধৰ সংগ্ৰহালয়’ৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পাণিপথ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ জীৱন্ত নিদৰ্শনস্বৰূপ৷
এই সকলোবোৰ প্ৰকল্পই হাৰিয়ানাৰ জনতাৰ স্বাস্থ্য সৱল কৰি তোলাৰ লগতে যুৱ প্ৰজন্মৰ বাবে নিয়োজনৰ নতুন অৱকাশৰো সৃষ্টি হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে৷
নাইজেৰিয়াৰ এটা প্ৰতিনিধি দলে ভাৰতলৈ আহি স্বচ্ছ ভাৰত অভিযানে কিদৰে সফলতা লাভ কৰিছে তথা ইয়াক নাইজেৰিয়াত কিদৰে প্ৰণয়ন কৰিব পাৰি সেই সন্দৰ্ভত চলোৱা গৱেষণাক লৈ প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে৷
***
AKT/ VJ/MANN
नाइजीरिया का एक डेलीगेशन यहां मैं सामने देख सकता हूं।
— PMO India (@PMOIndia) February 12, 2019
I am told that you are here on a study tour since the past week to learn how the Swachh Bharat Mission achieved such dramatic success so quickly, and how it can be replicated in Nigeria. I sincerely wish you all success: PM
हरियाणा की धरती से हमने जो भी बड़े लक्ष्य तय किए, वो हासिल किए
— PMO India (@PMOIndia) February 12, 2019
वन रैंक, वन पेंशन का वादा यहीं से किया था और जो पूरा किया
बेटी बचाओ, बेटी पढ़ाओ की योजना यहीं से लॉन्च की थी और ये पूरे देश में जन आंदोलन के रूप में फैल गई
आयुष्मान भारत की पहली लाभार्थी भी हरियाणा की बिटिया है: PM
आज स्वास्थ्य और संस्कृति से जुड़ी परियोजनाओं का लोकार्पण और शिलान्यास किया गया है।
— PMO India (@PMOIndia) February 12, 2019
झज्जर का नेशनल कैंसर इंस्टीट्यूट,
कुरुक्षेत्र में आयुष यूनिवर्सिटी,
करनाल में हेल्थ साइंस यूनिवर्सिटी,
पंचकुला में नेशनल इंस्टीट्यूट ऑफ आयुर्वेद,
फरीदाबाद में ESIC मेडिकल कॉलेज और अस्पताल: PM
ये तमाम प्रोजेक्ट हरियाणावासियों के जीवन को स्वस्थ और सुगम बनाने वाले हैं।
— PMO India (@PMOIndia) February 12, 2019
साथ ही यहां के युवाओं को रोज़गार के नए अवसर भी इन प्रोजेक्ट्स के माध्यम से मिलने वाले हैं: PM
बेटी बचाओ बेटी पढ़ाओ से बच्चियों की जनसंख्या में सुधार आया है,
— PMO India (@PMOIndia) February 12, 2019
उज्जवला योजना से बहनों को धुएं से मुक्ति मिली है,
राष्ट्रीय पोषण अभियान और प्रधानमंत्री सुरक्षित मातृत्व अभियान से प्रसूता माताओं के जीवन पर आने वाला खतरा कम हुआ है: PM
बेटियों पर बलात्कार जैसे अत्याचार करने वालों को फांसी तक की सज़ा का प्रावधान भी हमारी सरकार ने किया है।
— PMO India (@PMOIndia) February 12, 2019
प्रधानमंत्री आवास योजना के तहत जो घर दिए जा रहे हैं, उसमें भी महिलाओं के नाम घर की रजिस्ट्री हो, इसे प्राथमिकता दी जा रही है: PM
बेटियों को किचन के दायरे से बाहर योगदान देने के लिए प्रोत्साहित किया जा रहा है।
— PMO India (@PMOIndia) February 12, 2019
देश में पहली बार बेटियां फाइटर पायलट बनी हैं।
महिलाओं को अपने नवजात शिशुओं के अच्छी तरह लालन-पालन के लिए पर्याप्त समय मिल सके, इसके लिए मैटरनिटी लीव को 12 सप्ताह से बढ़ाकर 26 सप्ताह किया गया है: PM
मुद्रा योजना में 15 करोड़ ऋणों में से लगभग 75% ऋण महिला उद्यमियों को मिले हैं।
— PMO India (@PMOIndia) February 12, 2019
‘दीन दयाल अंत्योदय योजना’ के तहत लगभग 6 करोड़ महिलाएं स्वयं सहायता समूहों से जुड़ी हुई हैं।
ऐसे सेल्फ हेल्प गुप्स को 75 हजार करोड़ रुपए से अधिक ऋण उपलब्ध कराया गया है: PM
आज़ादी के लगभग 70 वर्षों में स्वच्छता का जो दायरा करीब 40% था, वो आज 98% तक पहुंच चुका है।
— PMO India (@PMOIndia) February 12, 2019
साढ़े 4 वर्षों में 10 करोड़ से अधिक टॉयलेट्स बनाए जा चुके हैं।
600 जिलों के साढ़े 5 लाख गांवों ने खुद को खुले में शौच से मुक्त कर दिया है: PM
स्वास्थ्य चाहे गरीब का हो या फिर मध्यम वर्ग के परिवार का, सरकार व्यापक रूप से प्रयास कर रही है।
— PMO India (@PMOIndia) February 12, 2019
चाहे बड़े अस्पतालों का नेटवर्क हो, देशभर के गांवों में डेढ़ लाख वेलनेस सेंटर बनाने का अभियान हो या फिर गरीब को मुफ्त इलाज देने वाली आयुष्मान भारत, एक साथ अनेक काम हो रहे हैं: PM
केंद्र सरकार देश में बड़े अस्पतालों का नेटवर्क किस तेज़ी से बिछा रही है,
— PMO India (@PMOIndia) February 12, 2019
इसका अंदाज़ा इसी बात से लगाया जा सकता है कि आज 21 AIIMS देश में या तो काम कर रहे हैं या फिर निर्माण का कार्य चल रहा है।
इनमें से 14 एम्स पर काम 2014 के बाद शुरु हुआ है: PM
The Swachh Shakti- 2019 in Haryana’s Kurukshetra was a wonderful occasion to honour the outstanding people who are making the Swachh Bharat Movement stronger at the grassroots level.
— Narendra Modi (@narendramodi) February 12, 2019
In Kurukshetra, also inaugurated and laid foundation stones for various development works. pic.twitter.com/M8p9WXzISm
In Kurukshetra today, I had the opportunity to see glimpses of some of the toilets that have been painted.
— Narendra Modi (@narendramodi) February 12, 2019
I was impressed, both by the dexterity of the artists and the passion towards cleanliness.
Such awareness and efforts add valuable strength to the Swachh Bharat Mission. pic.twitter.com/BDLPxiZbjH