Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মেডিনাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয় নাগৰিকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱৰ মেডিনাত সংঘটিত দুৰ্ঘটনাত ভাৰতীয় লোকৰ প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰিয়জনক হেৰুওৱা পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰিয়াধত থকা ভাৰতৰ দূতাবাস আৰু জেদ্দাত থকা ভাৰতীয় কনছুলেটে প্ৰভাৱিত লোকসকলক সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াই আছে। তেওঁ লগতে অৱগত কৰে যে প্ৰয়োজনীয় সহায়তা আৰু সমন্বয় নিশ্চিত কৰিবলৈ ভাৰতীয় বিষয়াসকলে ছৌদি আৰৱ কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ যোগাযোগ ৰক্ষা কৰি আছে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;

 

“মেডিনাত ভাৰতীয় নাগৰিকৰ সৈতে সংঘটিত দুৰ্ঘটনাত গভীৰভাৱে শোকাভিভূত। মোৰ চিন্তা সেই পৰিয়ালসমূহৰ সৈতে আছে যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে। মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। ৰিয়াধত থকা আমাৰ দূতাবাস আৰু জেদ্দাত থকা কনছুলেটে সকলো সম্ভৱ সহায় আগবঢ়াই আছে। আমাৰ বিষয়াসকলেও ছৌদি আৰৱৰ কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ যোগাযোগত আছে।”

 

 

***

MJPS/ST/HS