Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনক কথা পাতিলে প্ৰধানমন্ত্ৰী মোদীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম নবীনচন্দ্ৰ ৰামগুলমৰ সৈতে টেলিফোনত কথা পাতে।

এই বাৰ্তলাপৰ সময়ত দুয়োগৰাকী নেতাই ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত বাৰাণসীত অনুষ্ঠিত হোৱা অন্তিমখন বৈঠকৰ পিছত দুয়োগৰাকী নেতাই উন্নয়নৰ অংশীদাৰিত্ব, সামৰ্থ্য বিকাশ আৰু জনসাধাৰণৰ আদান-প্ৰদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰি ব্যাপক দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

ভাৰত আৰু মৰিচাছৰ মাজত বৰ্ধিত কৌশলগত অংশীদাৰিত্বক দুয়োখন দেশৰ  বাসিন্দাসকলৰ সুবিধাৰ্থে অধিক আগুৱাই নিয়াৰ বাবে তেওঁলোকে নিজৰ দায়বদ্ধতাৰ কথা  পুনৰবাৰ সুদৃঢ় কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ভিজন মহাসাগৰৰ সৈতে সংগতি ৰাখি  ভাৰতৰ চুবুৰী প্ৰথম নীতিৰ কথা দোহাৰি  মৰিচাছৰ উন্নয়নৰ প্ৰতি ভাৰতৰ অবিৰত সমৰ্থন তথা গ্ল’বেল চাউথৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা  পুনৰবাৰ উল্লেখ কৰে।দুয়োগৰাকী নেতাই ভাৰত মহাসাগৰ অঞ্চলত শান্তি আৰু স্থিতিশীলতাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি যাবলৈ সন্মত হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে  অহা সপ্তাহত এ আই ইমপেক্ট ছামিটৰ বাবে দিল্লীত মৰিচাছৰ প্ৰধানমন্ত্ৰীক  আদৰণি জনোৱাৰ বাবে তেওঁ আগ্ৰহী হৈ আছে।

 

****

MJPS/ST/DM