পি এম ইণ্ডিয়া
হৰে কৃষ্ণ! আজিৰ এই পূণ্য উপলক্ষত আমাৰ সৈতে সংযোজিত হোৱা দেশৰ সাংস্কৃতিক মন্ত্ৰী শ্ৰীমান জি কিষাণ ৰেড্ডী, ইস্কন ব্যুৰো-ৰ অধ্যক্ষ শ্ৰী গোপাল কৃষ্ণ গোস্বামী জী আৰু পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আমাৰ সৈতে সংযোজিত হোৱা বন্ধু, কৃষ্ণ ভক্তসকল!
পৰহি শ্ৰী কৃষ্ণৰ জন্মাষ্টমী আছিল আৰু আজি আমি শ্ৰীল প্ৰভুপাদ জীৰ ১২৫সংখ্যক জন্মজয়ন্তী উদযাপন কৰিছো। এয়া এনেকুৱা কথা যেন সাধনাৰ সুখ আৰু সন্তোষ দুয়োটাই লাভ কৰিছো। এনে এক অনুভৱেই আজি সমগ্ৰ পৃথিৱী জুৰি থকা শ্ৰীল প্ৰভুপাদ স্বামীৰ লাখ লাখ অনুগামী, আৰু কোটি কোটি কৃষ্ণ ভক্তই হৃদয়ংগম কৰিছে। মই সন্মুখৰ স্ক্ৰীণত বেলেগ বেলেগ দেশৰ আপোনালোক সাধকবৃন্দক প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছো। এনেকুৱা লাগিছে যেন লাখ লাখ মন এটা মাত্ৰ ভাৱনাৰে একাত্ম হৈছে, লাখ লাখ শৰীৰ এক ‘কমন কনচিয়াছনেছ’-ৰে সংযোজিত হৈছে। এয়া সেই ‘কৃষ্ণ কনচিয়াছনেছ’ যাৰ জ্যোতি প্ৰভুপাদ জীয়ে সমগ্ৰ পৃথিৱীতে বিকিৰিত কৰিছিল।
বন্ধুসকল,
আমি সকলোৱে জানো যে প্ৰভুপাদ স্বামী এক অলৌকিক কৃষ্ণভক্ততো আছিলেই, লগতে তেওঁ এগৰাকী মহান ভাৰত ভক্তও আছিল। তেওঁ দেশৰ স্বতন্ত্ৰতা সংগ্ৰামত অৱতীৰ্ণ হৈছিল। তেওঁ অসহযোগ আন্দোলনৰ সমৰ্থনত স্কটিছ কলেজৰ পৰা ‘ডিপ্লোমা’ পৰ্যন্ত ল’বলৈ অস্বীকাৰ কৰিছিল। আজি এয়া এক সুখকৰ সংযোগেই হয়, দেশে এনে এগৰাকী মহান দেশভক্তৰ ১২৫সংখ্যক জন্মদিন এনে এক সময়ত পালন কৰিছে যি সময়ত ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষ উপলক্ষে আয়োজিত ‘অমৃত মহোত্সৱ’ উদযাপন কৰি আছে। শ্ৰীল প্ৰভুপাদ স্বামীয়ে সদায়ে কৈছিল যে তেওঁ পৃথিৱীৰ দেশ দেশে এইকাৰণেই ভ্ৰমণ কৰি ফুৰিছে কিয়নো তেওঁ ভাৰতৰ সকলোতকৈ অমূল্য নিধি পৃথিৱীক বিলাই দিব বিচাৰে। ভাৰতৰ জ্ঞান-বিজ্ঞান, আমাৰ জীৱন সংস্কৃতি আৰু পৰম্পৰা, চিন্তা-চেতনা— অথ-ভূত দয়াম্ প্ৰতি অৰ্থাত্, প্ৰতিটো জীৱৰ বাবে, প্ৰতিটো জীৱৰ কল্যাণৰ বাবেই! আমাৰ অনুষ্ঠানসমূহৰো শেষ মন্ত্ৰ এয়াই হয়— ইদম্ ন মমম্, অৰ্থা্ত্ এয়া কেৱল মোৰ নহয়। এয়া সমগ্ৰ ব্ৰহ্মাণ্ডৰ বাবে, সমগ্ৰ সৃষ্টিৰ কল্যাণৰ বাবে আৰু সেয়ে, স্বামী জীৰ পূজ্য গুৰুজী শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী জীয়ে তেওঁৰ হৃদয়ত সেই ক্ষমতা প্ৰত্যক্ষ কৰি, তেওঁক নিৰ্দেশ দিছিল যে তেওঁ ভাৰতৰ চিন্তা আৰু দৰ্শনক পৃথিৱীৰ প্ৰান্তে প্ৰান্তে বিস্তাৰিত কৰক। শ্ৰীল প্ৰভুপাদ জীয়ে গুৰুৰ এই আদেশক নিজৰ ‘মিছন’ হিচাপে গ্ৰহণ কৰিছিল আৰু তেওঁৰ তপস্যাৰ পৰিণাম আজি পৃথিৱীৰ চুকে-কোণে দৃষ্টিগোচৰ হৈছে।
‘অমৃত মহোত্সৱ’ত ভাৰতে ‘সকলোৰে সৈতে, সকলোৰে বিকাশ আৰু সকলোৰে বিশ্বাস’ৰ মন্ত্ৰৰ সৈতে এনে সংকল্পকে আগন্তুক যাত্ৰাৰ বুনিয়াদ কৰিছে। আমাৰ এই সংকল্পৰ কেন্দ্ৰত, আমাৰ এই লক্ষ্যসমূহৰ মূলতো বিশ্ব-কল্যাণৰে ভাৱনা সংপৃক্ত হৈ আছে। আৰু এই সংকল্পসমূহক বাস্তৱায়িত কৰাৰ বাবে সকলোৰে প্ৰয়াসৰ কিমান প্ৰয়োজন সেই কথা আপোনালোক সকলোৱেই জানে। আপোনালোকে ভাবকচোন, প্ৰভুপাদ জীয়ে যদি অকলেই বিশ্বক ইমানখিনি দিবলৈ সক্ষম হৈছিল, তেন্তে আমি যেতিয়া তেখেতৰ আশীৰ্বাদ শিৰত লৈ একত্ৰিত হৈ প্ৰয়াস কৰিম তেন্তে ইয়াৰ পৰিণাম কিমান বিশাল হ’বগৈ পাৰে! আমি নিশ্চিত ভাবেই মানৱীয় চেতনাৰ শীৰ্ষাৰোহণ কৰিবগৈ পাৰিম, য’ৰ পৰা আমি বিশ্বত আৰু বৃহত্ ভূমিকাত অৱতীৰ্ণ হ’বলৈ সক্ষম হ’ম, প্ৰেমৰ মহত্ব মানুহৰ মনে মনে বিয়পাব পাৰিম।
বন্ধুসকল,
মানৱতাৰ কল্যাণৰ বাবে ভাৰতে পৃথিৱীক কিমানখিনি যে দিব পাৰে, আজি তাৰে এক বহুত ডাঙৰ উদাহৰণ হৈছে বিশ্ব জুৰি বিয়পি পৰা আমাৰ ‘যোগ’-ৰ জ্ঞান! আমাৰ ‘যোগ’-ৰ পৰম্পৰা! ভাৰতৰ ‘ছাছটেইনেবল লাইফষ্টাইল’, আয়ুৰ্বেদৰ দৰে বিজ্ঞানৰ লাভ সমগ্ৰ পৃথিৱীকে প্ৰদান কৰিবলৈ আমি সংকল্প গ্ৰহণ কৰিছো। আত্মনিৰ্ভৰতা সন্দৰ্ভত যি মন্ত্ৰ শ্ৰীল প্ৰভুপাদ জীয়ে সদায়ে চৰ্চা কৰিছিল তাকে ভাৰতে নিজৰ লক্ষ্য হিচাপে গ্ৰহণ কৰিছে, আৰু সেই দিশেৰে আজি দেশ আগবাঢ়ি আছে। মই বহু সময়ত, যেতিয়া ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মে’ক ইন ইণ্ডিয়া’-ৰ লক্ষ্য সন্দৰ্ভত আলোচনা কৰো, তেতিয়া মই আমাৰ বিষয়াবৰ্গক, ব্যৱসায়িকসকলক ‘ইস্কন’-ৰ ‘হৰে কৃষ্ণ আন্দোলন’ৰ সাফল্যৰ উদাহৰণ দাঙি ধৰো। আমি যেতিয়াই আন দেশসমূহলৈ যাও, আৰু সেই সেই দেশসমূহত যেতিয়া মানুহৰ মুখত ‘হৰে কৃষ্ণ’ ধ্বনি শুনিবলৈ পাও আমাৰ কিমান যে আপোন আপোন লাগে, কিমান যে গৌৰৱবোধ হয়। ভাবকচোন, এই আপোনত্বই যেতিয়া ‘মে’ক ইন ইণ্ডিয়া প্ৰডাক্ট’ৰ বাবে আমি লাভ কৰিব পাৰো, তেতিয়া কেনেকুৱা লাগিব! ‘ইস্কন’-ৰ পৰা শিক্ষা লৈ আমি এই লক্ষ্যসমূহকো আহৰণ কৰিব পাৰিম।
বন্ধুসকল,
ভগবান কৃষ্ণই অৰ্জুনক কৈছিল— ন হি জ্ঞানেন সদৃশম্ পবিত্ৰ-মিহ বিদ্যতে
অৰ্থাত্, জ্ঞানৰ সমান পবিত্ৰ আন একোৱেই হ’ব নোৱাৰে। জ্ঞানক সৰ্বোচ্চতা দিয়াৰ পিচত তেওঁ আৰু এটা কথা কৈছিল। ময়্যেৱ মন আধতস্ব মপি বুদ্ধিম নিৱেশয়, অৰ্থাত্, জ্ঞান-বিজ্ঞান আহৰণ কৰাৰ পিচত নিজৰ মন, বুদ্ধিক কৃষ্ণৰ ওচৰত অৰ্পিত কৰা, তেওঁৰ ভক্তিত সমৰ্পিত কৰা। এই বিশ্বাস, এই বলো এক যোগেই হয়, যাক গীতাৰ ১২সংখ্যক অধ্যায়ত ‘ভক্তিযোগ’ বুলি অভিহিত কৰা হৈছে। আৰু এই ‘ভক্তিযোগ’ৰ সামৰ্থ্য আপাৰ। ভাৰতৰ ইতিহাসে ইয়াৰ সাক্ষ্য বহণ কৰিছে। যেতিয়া ভাৰত পৰাধীনতাৰ গ্ৰাসত পতিত হৈ আছিল, অন্যায়-অত্যাচাৰ আৰু শোষণৰে পীড়িত ভাৰতে নিজৰ জ্ঞান আৰু শক্তিক অনুধাৱন কৰিব পৰা নাছিল, তেতিয়া এই ভক্তিয়েই ভাৰতৰ চেতনাক জীৱন্ত কৰি ৰাখিছিল, ভাৰতৰ পৰিচিতিক অক্ষুন্ন ৰাখিছিল। আজিও বিদ্বানসকলে এই কথাৰ সমীক্ষা কৰে যে যদি ভক্তিকালৰ সামাজিক আন্দোলন নহ’লহেতেন তেতিয়া কোনে জানে আজি ভাৰতৰ কি দশা হ’লহেতেন! ইয়াৰ স্বৰূপেইবা হ’লহেতেন কি? কিন্তু, সেই কঠিন সময়ত চৈতন্য মহাপ্ৰভুৰ দৰে সন্তই আমাৰ সমাজক ভক্তিৰ ভাৱনাৰে একত্ৰিত কৰিছিল, তেওঁ ‘বিশ্বাসৰ পৰা আত্মবিশ্বাস’ৰ মন্ত্ৰ প্ৰদান কৰিছিল। আস্থাৰ ভেদ-ভাৱ, সামাজিক উচ্চ-নীচ, অধিকাৰ-অনাধিকাৰ, ভক্তিয়ে এই সকলো আঁতৰাই ‘শিৱ আৰু জীৱ’ৰ মাজত এক পোণপতীয়া সম্বন্ধ স্থাপন কৰিছিল।
বন্ধুসকল,
ভাৰতৰ ইতিহাস অধ্যয়ন কৰিলে আপোনালোকে ইয়াকো পাব যে ভক্তিৰ এই দৌৰক অব্যাহত ৰখাৰ বাবে বেলেগ বেলেগ সময়কালত ঋষি, মহৰ্ষি আৰু মনিষীৰ আগমন ঘটিয়েই আছে, অৱতাৰিত হায়ে আছে। এটা সময়ত যদি স্বামী বিবেকানন্দৰ দৰে মনিষী আহিছে যিয়ে বেদ-বেদান্তক পশ্চিমলৈ নিছিল, সেইদৰেই যেতিয়া বিশ্বক ভক্তিযোগ প্ৰদানৰ দায়িত্ব আহিল তেতিয়া শ্ৰীল প্ৰভুপাদ জী আৰু ‘ইস্কন’-য়ে এই মহান কাৰ্য সমাপনৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁলোকে ভক্তি বেদান্তক পৃথিৱীৰ চিন্তনেৰে সংযোজিত কৰাৰ কামত প্ৰবৃত্ত হয়। এয়া কম কথা নহয়। তেওঁ প্ৰায় ৭০বছৰ বয়সত ‘ইস্কন’ৰ দৰে বিশ্বজোৰা অভিযানৰ শুভাৰম্ভ কৰিছিল, যি সময়ত মানুহে জীৱনৰ পৰিসৰ আৰু সক্ৰিয়তা কম কৰিবলৈ ধৰে। এয়া আমাৰ সমাজ আৰু প্ৰতিগৰাকী ব্যক্তিৰ বাবেও বহুত ডাঙৰ প্ৰেৰণাৰ দৃষ্টান্ত। বহু সময়ত আমি দেখা পাও, মানুহে ক’বলৈ ধৰে যে ‘বয়স হ’ল, নহ’লে বহুত কিবা-কিবি কৰিব পাৰিলোহেতেন’! অথবা, ‘এতিয়াতো উচিত বয়সো হোৱা নাই সকলো কাম কৰা বাবে’! কিন্তু প্ৰভুপাদ স্বামীয়ে নিজৰ শৈশৱৰ পৰা সম্পূৰ্ণ জীৱন নিজৰ সংকল্প বাস্তৱায়িত কৰাৰ বাবে সক্ৰিয় হৈয়ে থাকিল। প্ৰভুপাদ জীয়ে সামুদ্ৰিক জাহাজত উঠি যেতিয়া আমেৰিকালৈ গৈছিল, তেতিয়া তেওঁ প্ৰায় উদং হাতৰেই গৈছিল। তেওঁৰ হাতত কেৱল এখন গীতা আৰু এখন শ্ৰীমদ্ ভাগৱতৰহে পুঁজি আছিল। যাত্ৰাপথত তেওঁ দুবাৰকৈ হৃদৰোগ আক্ৰান্ত হৈছিল! যাত্ৰাৰ সময়ত! তেওঁ যেতিয়া নিউয়ৰ্কত উপস্থিত হৈছিলগৈ তেতিয়া তেওঁৰ হাতত খোৱা-বোৱাৰ কোনো ব্যৱস্থাই নাছিল, থকাৰ বাবে আশ্ৰয়স্থল নাছিল। কিন্তু তাৰ পৰৱৰ্তি ১১টা বছৰত পৃথিৱীয়ে যি দৃশ্য দেখিলে, শ্ৰদ্ধেয় অটলজীৰ ভাষাত ক’বলৈ গ’লে- সেয়া কোনো আশ্চৰ্যতকৈ কোনো গুণে কম নাছিল।
আজি পৃথিৱীৰ বেলেগ বেলেগ দেশত কেবাশ ‘ইস্কন’ মন্দিৰ আছে, কিমান যে গুৰুকুলে ভাৰতীয় সংস্কৃতিক জীৱন্ত কৰি ৰাখিছে। ‘ইস্কন’-য়ে পৃথিৱীক অৱগত কৰাইছে যে ভাৰতৰ বাবে আস্থাৰ অৰ্থ হৈছে— আনন্দ, উত্সাহ আৰু উল্লাস আৰু মানৱতাৰ প্ৰতি বিশ্বাস। আজিৰ তাৰিখত প্ৰায়েই পৃথিৱীৰ বিভিন্ন দেশত মানুহক ভাৰতীয় বেশ-ভূষা পৰিধান কৰি কীৰ্তন কৰি থকা দেখিবলৈ পোৱা যায়। সাধাৰণ কাপোৰ, হাতত ঢোলক-মঞ্জীৰাৰ দৰে বাদ্যযন্ত্ৰ লৈ কৃষ্ণৰ সংগীতময় কীৰ্তন কৰে, আৰু সকলো এক আত্মিক শান্তিত সংপৃক্ত হৈ পৰে। এয়া দেখি বহুতে ভাবে যে কোনো উতসৱৰহে আয়োজন চলিছে। কিন্তু আমাৰ বাবেতো এই কীৰ্তন, এই আয়োজন জীৱনৰ সহজ অংগই হয়। আস্থাৰ এই উল্লাসময় স্বৰূপে নিৰন্তৰ সমগ্ৰ পৃথিৱীৰে মানুহক আকৰ্ষিত কৰি আহিছে, এই আনন্দই আজি মানসিক চাপত ডুবি থকা পৃথিৱীক আশাৰ কিৰণ দেখুৱাইছে।
বন্ধুসকল,
গীতাত ভগবান কৃষ্ণৰ বক্তব্য-
অদ্বেষ্টা সৰ্ব-ভুতানামেত্ৰঃ কৰুণ এৱ চ।
নিৰ্মমোনীৰ-হংকাৰঃ সম দুঃখ সুখঃ ক্ষমী।।
অৰ্থাত্, যিসকলে প্ৰতিটো জীৱকে ভাল পাই, তেওঁলোকৰ বাবে কৰুণা আৰু প্ৰেমৰ ভাব পোষণ কৰে, কাৰো অহিত চিন্তা নকৰে, তেঁৱেই ভগবানৰো প্ৰিয় হয়। এই মন্ত্ৰই সহস্ৰ বছৰ ধৰি ভাৰতৰ চিন্তা-চেতনাৰ আধাৰ হৈ আহিছে। আৰু সেই ভাৱনাকে সামাজিক বুনিয়াদ হিচাপে গঢ়ি তোলাৰ কাম আমাৰ মন্দিৰসমূহে কৰি আহিছে। ‘ইস্কন’ মন্দিৰসমূহ আজি এই সেৱা পৰম্পৰাৰ আধুনিক কেন্দ্ৰৰ ৰূপত উজ্জীৱিত হৈ উঠিছে। মোৰ মনত আছে যেতিয়া কচ্ছত ভূমিকম্প আহিছিল, তেতিয়া ‘ইস্কন’-ৰ মানুহখিনিয়ে কেনেধৰণে আগবাঢ়ি আহি সেৱা আগবঢ়াইছিলগৈ। যেতিয়াই দেশত কোনো দুৰ্যোগে দেখা দিয়ে, সেয়া লাগিলে উত্তৰাখণ্ডৰ কৰুণগাঁথাই হওক অথবা ওড়িশা আৰু বংগত সংঘটিত ঘূৰ্ণীৰ তাণ্ডৱেই হওক, ‘ইস্কন’-য়ে সমাজৰ সম্বল হোৱাৰ কাম কৰি আহিছে। ক’ৰোনা মহামাৰীৰ সময়তো আপোনালোকে কোটি কোটি আক্ৰান্তক, তেওঁলোকৰ পৰিয়ালবৰ্গক আৰু প্ৰবাসীসকলৰ বাবে নিৰন্তৰ আহাৰ আৰু অন্যন্য আৱশ্যকীয়তাসমূহ পূৰণৰ দিহা কৰি আহিছে। মহমাৰীৰ বাহিৰেও, লাখ লাখ দৰিদ্ৰৰ ভোজন আৰু সেৱাৰ অভিযান আপোনালোকে চলাই আহিছে। ক’ভিড ৰোগীৰ বাবে ‘ইস্কন’-য়ে যেনেদৰে হাস্পটাল নিৰ্মাণ কৰিছে আৰু এতিয়া প্ৰতিষেধক প্ৰদান অভিযানৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াই আহিছে সেইবোৰ কথাৰ খবৰ মই প্ৰায়েই পাই থাকো। মই ‘ইস্কন’-ক, ইয়াৰ সকলো ভক্তক আপোনালোকৰ এই সেৱাযজ্ঞৰ বাবে বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো।
বন্ধুসকল,
আজি আপোনালোকে ‘সত্য, সেৱা আৰু সাধান’ৰ মন্ত্ৰ আওৰাই কেৱল কৃষ্ণৰ সেৱাতে নিমগ্ন হৈ থকা নাই, বৰঞ্চ সমগ্ৰ পৃথিৱীতে ভাৰতীয় আদৰ্শ আৰু সংস্কাৰসমূহৰো ‘ব্ৰেণ্ড এম্বেছাডৰ’ৰ ভূমিকা পালন কৰি আহিছে। ভাৰতৰ শাশ্বত সংস্কাৰ হ’ল- সৰ্বে ভৱন্তু সুখীনঃ, সৰ্বে সন্তু নিৰাময়ঃ। এই চিন্তনেই ‘ইস্কন’-ৰ জৰিয়তে আজি আপোনালোক সকলোৰে, লাখ লাখ-কোটি কোটিজনৰ সংকল্প হৈ উঠিছে। ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু প্ৰতিটো জীৱৰ দেহতে ঈশ্বৰৰ দৰ্শন, এয়াই এই সংকল্পৰ সিদ্ধিৰ পথ। এই পথৰ কথাকে ‘বিভূতিযোগ’ অধ্যায়ত ভগবানে ব্যাখ্যা কৰিছে। আমাৰ বিশ্বাস বাসুদেৱঃ সৰ্বম্-ৰ এই মন্ত্ৰ আমি নিজৰ জীৱনতো জপিম আৰু মানৱজাতিকো এই একতাৰ অনুভূতি প্ৰদানৰ বাবে প্ৰয়াস কৰিম। এই ভাৱনাৰেই আপোনালোক আটাইকে বহুত বহুত ধন্যবাদ!
হৰে কৃষ্ণ!
***
DS/VJ/AV/AK/KB
Paying tributes to Srila Bhaktivedanta Swami Prabhupada Ji. https://t.co/Os4Z23Nv4P
— Narendra Modi (@narendramodi) September 1, 2021
परसो श्री कृष्ण जन्माष्टमी थी और आज हम श्रील प्रभुपाद जी की 125वीं जन्मजयंती मना रहे हैं।
— PMO India (@PMOIndia) September 1, 2021
ये ऐसा है जैसे साधना का सुख और संतोष एक साथ मिल जाए।
इसी भाव को आज पूरी दुनिया में श्रील प्रभुपाद स्वामी के लाखों करोड़ों अनुयाई और लाखों करोड़ों कृष्ण भक्त अनुभव कर रहे हैं: PM
हम सब जानते हैं कि प्रभुपाद स्वामी एक अलौकिक कृष्णभक्त तो थे ही, साथ ही वो एक महान भारत भक्त भी थे।
— PMO India (@PMOIndia) September 1, 2021
उन्होंने देश के स्वतन्त्रता संग्राम में संघर्ष किया था।
उन्होंने असहयोग आंदोलन के समर्थन में स्कॉटिश कॉलेज से अपना डिप्लोमा तक लेने से मना कर दिया था: PM
मानवता के हित में भारत दुनिया को कितना कुछ दे सकता है, आज इसका एक बड़ा उदाहरण है विश्व भर में फैला हुआ हमारा योग का ज्ञान!
— PMO India (@PMOIndia) September 1, 2021
भारत की जो sustainable lifestyle है, आयुर्वेद जैसे जो विज्ञान हैं, हमारा संकल्प है कि इसका लाभ पूरी दुनिया को मिले: PM @narendramodi
हम जब भी किसी दूसरे देश में जाते हैं, और वहाँ जब लोग ‘हरे कृष्ण’ बोलकर मिलते हैं तो हमें कितना अपनापन लगता है, कितना गौरव भी होता है।
— PMO India (@PMOIndia) September 1, 2021
कल्पना करिए, यही अपनापन जब हमें मेक इन इंडिया products के लिए मिलेगा, तो हमें कैसा लगेगा: PM @narendramodi
आज विद्वान इस बात का आकलन करते हैं कि अगर भक्तिकाल की सामाजिक क्रांति न होती तो भारत न जाने कहाँ होता, किस स्वरूप में होता!
— PMO India (@PMOIndia) September 1, 2021
लेकिन उस कठिन समय में चैतन्य महाप्रभु जैसे संतों ने हमारे समाज को भक्ति की भावना से बांधा, उन्होने ‘विश्वास से आत्मविश्वास’ का मंत्र दिया: PM @narendramodi
एक समय अगर स्वामी विवेकानंद जैसे मनीषी आए जिन्होंने वेद-वेदान्त को पश्चिम तक पहुंचाया, तो वहीं विश्व को जब भक्तियोग को देने की ज़िम्मेदारी आई तो श्रील प्रभुपाद जी और इस्कॉन ने इस महान कार्य का बीड़ा उठाया।
— PMO India (@PMOIndia) September 1, 2021
उन्होंने भक्ति वेदान्त को दुनिया की चेतना से जोड़ने का काम किया: PM
आज दुनिया के अलग अलग देशों में सैकड़ों इस्कॉन मंदिर हैं, कितने ही गुरुकुल भारतीय संस्कृति को जीवंत बनाए हुये हैं।
— PMO India (@PMOIndia) September 1, 2021
इस्कॉन ने दुनिया को बताया है कि भारत के लिए आस्था का मतलब है- उमंग, उत्साह, और उल्लास और मानवता पर विश्वास: PM @narendramodi