Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী এল কে আদৱানীক সাক্ষাৎ কৰি আশীৰ্বাদ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী শ্ৰী এল কে আদৱানীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি তেওঁৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। শ্ৰী মোদীয়ে শ্ৰী আদৱানীৰ কেইবা দশকজোৰা জনসেৱা আৰু ৰাষ্ট্ৰীয় জীৱনলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ কথা উল্লেখ কৰে।প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰগতিত শ্ৰী আদৱানীৰ অৱদানে এক স্থায়ী ছাপ এৰি গৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে—

“আদৱানীজীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। তেওঁৰ কেইবা দশকজোৰা জনসেৱা আৰু  ৰাষ্ট্ৰীয় জীৱনলৈ আগবঢ়োৱা অৱদানে এক স্থায়ী ছাপ এৰি গৈছে।ভাৰতৰ প্ৰগতি সুদৃঢ় কৰাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।”

 

****

MJPS/SS/VJ/DM