পি এম ইণ্ডিয়া
নমস্কাৰ বন্ধুসকল,
আপোনালোকে বতৰটো উপভোগ কৰক।
বন্ধুসকল,
এই শীতকালীন অধিৱেশন কেৱল এক অনুষ্ঠান নহয়। বৰঞ্চ ই ৰাষ্ট্ৰৰ প্ৰগতিক ত্বৰান্বিতকৰণৰ বাবে অব্যাহত প্ৰচেষ্টাৰাজিক শক্তিশালী কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ভাৰতে গণতন্ত্ৰৰ জীৱন-যাপন কৰি আহিছে আৰু গণতন্ত্ৰৰ প্ৰতি বিশ্বাস দৃঢ় কৰি তোলা ধৰণেৰে নিজৰ উদ্যম আৰু উৎসাহ বাৰে-বাৰে প্ৰদৰ্শন কৰি আহিছে। শেহতীয়া বিহাৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটাৰৰ ভোটদান কাৰ্য্যই গণতন্ত্ৰৰ সৰ্বাধিক শক্তিকে প্ৰতিফলিত কৰিছে। ইয়াত মাতৃ-ভগ্নীসকলৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণে নতুন আশা আৰু আত্মবিশ্বাসৰ সৃষ্টি কৰে। এই গণতান্ত্ৰিক ব্যৱস্থাৰ ভিতৰত গণতন্ত্ৰৰ শক্তি আৰু শক্তিশালী অৰ্থনীতিক বিশ্বই গভীৰভাৱে নিৰীক্ষণ কৰি আছে। গণতন্ত্ৰই যে প্ৰদান কৰিব (Deliver) পাৰে, সেই কথা ভাৰতে প্ৰমাণ কৰিছে। এখনি উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত ভাৰতৰ অৰ্থনীতিয়ে যি গতিৰে নতুন শিখৰত আৰোহণ কৰিছে, যি দৰে আমাৰ মাজত নতুন আত্মবিশ্বাস আৰু সামৰ্থ্যৰ বীজ সিঁচিছে, এয়াই কেৱল নতুন আত্মবিশ্বাসৰ প্ৰেৰণা যোগোৱাই নহয়, বৰঞ্চ নতুন শক্তিও প্ৰদান কৰিছে।
বন্ধুসকল,
এই অধিৱেশনত সংসদে দেশৰ বাবে কি চিন্তা কৰিছে, সংসদে দেশৰ বাবে কি কৰিব বিচাৰিছে, সংসদে দেশৰ বাবে কি কৰিবলৈ ওলাইছে সেই সম্পৰ্কে গুৰুত্ব প্ৰদান কৰিব লাগে। বিৰোধীয়েও নিজৰ দায়িত্ব পালন কৰিব লাগে, বিতৰ্কত এনে বিষয় উত্থাপন কৰিব লাগে যিসমূহ শক্তিশালী। পৰাজয়ৰ হতাশাৰ পৰা ওলাই আহিব লাগে। আৰু দুৰ্ভাগ্যজনকভাৱে পৰাজয়ক মানি ল’ব নোৱাৰা কেইটামান দল আছে। মই ভাবিছিলো যে বিহাৰৰ ফলাফলৰ পিছত ইমান সময় পাৰ হৈ গ’ল, সেয়েহে তেওঁলোক হয়তো অলপ শান্ত হ’লহেঁতেন, কিন্তু কালি শুনা বক্তব্যৰ পৰা এনে লাগিল যেন পৰাজয়ে তেওঁলোকক অশান্তি দিছে। অৱশ্যে এই শীতকালীন অধিৱেশন যাতে পৰাজয়ৰ আতংকৰ ভিত্তি হৈ নুঠে, তাৰ বাবে সকলো পক্ষকে আহ্বান জনাইছো। আৰু এই শীতকালীন অধিৱেশনক বিজয়ৰ অহংকাৰলৈ পৰিণত কৰাটোও উচিত নহয়। অতি সুষমভাৱে, দায়িত্বসহ, আমি আগলৈ চিন্তা কৰা উচিত, একে সময়তে দেশৰ জনসাধাৰণৰ প্ৰতিনিধি হিচাপে দায়িত্ব আৰু আশা-আকাংক্ষাৰে মোকাবিলা কৰা উচিত। ইতিমধ্যে থকাখিনিৰে আমি কেনেকৈ অগ্ৰগতি সাধন কৰিব পাৰো? কিবা বেয়া কাম হ’লে আমি কেনেকৈ সেই বিষয়ে সঠিক মন্তব্য কৰিম, যাতে দেশৰ নাগৰিকসকলো আশ্বস্ত হয়? এয়া নিশ্চয় কঠোৰ পৰিশ্ৰম, কিন্তু দেশৰ বাবে কৰিব লাগিব। আৰু মই আশা কৰিছো যে দীৰ্ঘদিন ধৰি মোৰ এটা প্ৰধান চিন্তা হৈ আহিছে সকলো দলৰ সকলো সাংসদ, যিসকল নতুনকৈ সদনলৈ নিৰ্বাচিত হৈছে বা যিসকল কনিষ্ঠ, তেওঁলোক অতিশয় বিচলিত আৰু অসুখী। তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শনৰ, নিজৰ অঞ্চলৰ সমস্যাৰ কথা ক’বলৈ সুযোগ পোৱা নাই। ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাৰ অংশীদাৰ হ’বলৈ তেওঁলোকে নিজৰ মতামত ব্যক্ত কৰিব বিচাৰে, কিন্তু ইয়াত বাধা প্ৰদান কৰা হৈছে। দল যিয়েই নহওক কিয়, পোন-প্ৰথমবাৰৰ বাবে সাংসদ হোৱা এই যুৱ সাংসদসকলক আমি সুযোগ প্ৰদান কৰা উচিত। তেওঁলোকৰ অভিজ্ঞতাৰ পৰা আমাৰ সদন লাভৱান হোৱা উচিত। এই নতুন প্ৰজন্মৰ অভিজ্ঞতাই সদনৰ যোগেদিও ৰাষ্ট্ৰখনক উপকৃত কৰিব। আৰু সেইবাবে এই কথাখিনিক গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনাইছো। নাটকৰ বাবে যথেষ্ট ঠাই আছে; যিয়ে কৰিব বিচাৰে তেওঁ কৰিব লাগে। কিন্তু নাটক নহয়, আমাক ডেলিভাৰী লাগে। শ্ল’গানেৰে শূন্য হৈ পৰিছে সমগ্ৰ দেশ। কিন্তু ইয়াত নীতিৰ ওপৰতো সমানেই গুৰুত্ব প্ৰদান কৰা উচিত, শ্ল’গানৰ ওপৰতেই নহয়। আৰু সেয়াই আপোনাসৱৰ উদ্দেশ্য হ’ব লাগে।
বন্ধুসকল,
ৰাজনীতিত নেতিবাচকতা উপযোগী হ’ব পাৰে, কিন্তু শেষত ৰাষ্ট্ৰ-নিৰ্মাণৰ বাবে কিছু ইতিবাচক চিন্তাধাৰা থাকিব লাগে। আপোনালোকে নেতিবাচকতাক নিজৰ সীমাৰ ভিতৰত ৰাখক আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি আশা কৰিছো।
বন্ধুসকল,
এই শীতকালীন অধিৱেশন আন এটা কাৰণতো গুৰুত্বপূৰ্ণ। আমাৰ নতুন সন্মানীয় অধ্যক্ষ, তেওঁৰ আমাৰ উচ্চ সদনৰ পথ-প্ৰদৰ্শন কাৰ্য্য আজিৰে পৰা আৰম্ভ হৈছে। মই তেখেতক আন্তৰিক শুভেচ্ছা জনালোঁ।
বন্ধুসকল,
জিএছটিৰ সংস্কাৰ সাধনে দেশবাসীৰ মনত এই পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ প্ৰতি আস্থাৰ পৰিবেশৰ সৃষ্টি কৰিছে। এই অধিৱেশনত সেই দিশতো একাধিক কাম কৰা হ’ব। আমাৰ দেশবাসীয়ে, আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকলে বিশ্লেষণ কৰিলে তেওঁলোকে উপলব্ধি কৰিব যে বিগত কিছুদিনৰ পৰা আমাৰ সদনক হয় নিৰ্বাচনৰ বাবে উত্তপ্ত কৰি তুলিবলৈ নহয় পৰাজয়ৰ হতাশাক উলিয়াই আনিবলৈ ব্যৱহাৰ কৰা হৈছে। এতিয়া, মই একাংশ ৰাজ্য দেখিছো য’ত ক্ষমতাত থকাৰ পিছতো ইমানেই প্ৰতিষ্ঠান-বিৰোধী ঢৌ আছে যে তেওঁলোকে জনসাধাৰণলৈ হাত আগবঢ়াব নোৱাৰে। নিজৰ মতামত প্ৰকাশ কৰিবলৈ অক্ষম। সেয়ে ইয়াত সদনত তেওঁলোকৰ সকলো খং উদঙাই দিয়ে। আৰু একাংশ দলে নিজ-নিজ ৰাজ্যৰ ৰাজনীতিৰ বাবে সদনক ব্যৱহাৰ কৰাৰ নতুন পৰম্পৰা আৰম্ভ কৰিছে। এতিয়া তেওঁলোকে যোৱা ১০ বছৰ ধৰি খেলি অহা খেলখনৰ ওপৰত চিন্তা কৰা উচিত, কিয়নো দেশখনে এই পদ্ধতিসমূহক মানি লোৱা নাই। গতিকে, আপোনাসৱৰ কৌশল অলপ সলনি কৰক। কিন্তু অন্ততঃ সাংসদৰ অধিকাৰক লৈ যন্ত্ৰণাত ভুগিব নালাগে। তেওঁলোকক মনৰ কথা প্ৰকাশ কৰাৰ সুযোগ দিয়ক। নিজৰ হতাশা আৰু পৰাজয়ৰ বাবে সদনক ব্যৱহাৰ নকৰিব। আশা কৰো আমি সকলোৱে এই দায়িত্ব পালন কৰি যাম। কিন্তু মই দেশখনক আশ্বাস প্ৰদান কৰিব খুজিছো যে ৰাষ্ট্ৰ প্ৰগতিৰ পথত আগবাঢ়িছে। ৰাষ্ট্ৰ নতুন শিখৰত উপনীত হোৱাৰ দিশত আগবাঢ়িছে আৰু এই সদনেও ইয়াত নতুন শক্তি সঞ্চাৰৰ বাবে কাম কৰিব। এই বিশ্বাসেৰেই আপোনাসৱক অশেষ ধন্যবাদ জনালো।
****
MJPS/SS/RK/SB
Speaking at the start of the Winter Session of Parliament. May the session witness productive discussions. https://t.co/7e6UuclIoz
— Narendra Modi (@narendramodi) December 1, 2025
No matter which party it is, we should ensure that the new generation of MPs and first-time parliamentarians are given meaningful opportunities: PM @narendramodi
— PMO India (@PMOIndia) December 1, 2025
India has proven that democracy can deliver: PM @narendramodi
— PMO India (@PMOIndia) December 1, 2025
This Winter Session will infuse new energy into our efforts to take the nation forward at an even faster pace: PM @narendramodi
— PMO India (@PMOIndia) December 1, 2025