Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হিমাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্য খনৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশক প্ৰকৃতি আৰু সংস্কৃতিৰ এক অনন্য সংগমস্থলী বুলি অভিহিত কৰে।

তেওঁ ৰাজ্যখনৰ বাসিন্দাসকলক তেওঁলোকৰ উল্লেখযোগ্য প্ৰতিভা আৰু বীৰত্বৰ বাবে প্ৰশংসা কৰি তেওঁলোকে সদায় ভাৰত মাতৃৰ সেৱাত  নিজকে উৎসৰ্গা কৰা বুলি উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ জনসাধাৰণৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি  শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দেৱভূমিৰ অবিৰত সমৃদ্ধিৰ বাবেও প্ৰাৰ্থনা জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

“প্ৰকৃতি আৰু সংস্কৃতিৰ সংগমস্থলী হিমাচল প্ৰদেশৰ বাসিন্দা মোৰ পৰিয়ালৰ সকলো সদস্যলৈ ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত বহু শুভেচ্ছা। তেওঁলোকৰ অসাধাৰণ প্ৰতিভা আৰু সাহসেৰে তেওঁলোকে সদায় ভাৰত মাতৃৰ সেৱা কৰি আহিছে। মই   তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ লগতে এই পবিত্ৰভূমিৰ  সমৃদ্ধি  কামনা কৰিলোঁ।”

 

***

MJPS/ST/DM