Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২১ ফেব্ৰুৱাৰীত এইচচিএল–ফক্সকন যৌথ উদ্যোগ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ ফেব্ৰুৱাৰী, ২০২৬ৰ বিয়লি ৫ বজাত  উত্তৰ প্ৰদেশৰ যমুনা এক্সপ্ৰেছৱে ঔদ্যোগিক উন্নয়ন কৰ্তৃপক্ষ (YEIDA)ত  এইচ চি এল-ফক্সকন যৌথ উদ্যোগ প্ৰকল্প – ইণ্ডিয়া চিপ প্ৰাইভেট লিমিটেডৰ ভূমি পূজন অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষ্যে আয়োজিত  সভাতো ভাষণ  আগবঢ়াব। এইচ চি এল-ফক্সকন অৰ্ধপৰিবাহী সুবিধা  ভাৰতৰ প্ৰযুক্তিগত আত্মনিৰ্ভৰশীলতাৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।  ই ভাৰতক উচ্চমানৰ ইলেক্ট্ৰনিকছ আৰু অৰ্ধপৰিবাহী নিৰ্মাণৰ বাবে এক বিশ্বাসযোগ্য বিশ্বজোৰা  গন্তব্যস্থান হিচাপে পৰিগণিত হোৱাৰ লগতে প্ৰকল্পটোৱে  প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীকো প্ৰতিফলিত কৰিছে।

 

যমুনা এক্সপ্ৰেছৱে ঔদ্যোগিক উন্নয়ন কৰ্তৃপক্ষৰ  এই আউটচ’ৰ্চড ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট (OSAT) সুবিধা ইণ্ডিয়া চিপ প্ৰাইভেট লিমিটেডে স্থাপন কৰিব। ইয়াতঅৰ্ধপৰিবাহী সমাবেশ, পৰীক্ষণ, চিহ্নিতকৰণ আৰু পেকেজিং (ATMP)ৰ বাবে মুঠ ৩,৭০০ কোটি টকাতকৈ অধিক ধন  বিনিয়োগ কৰা হৈছে। ঘৰুৱা উৎপাদন ক্ষমতা শক্তিশালী কৰা, আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰা  আৰু স্থিতিস্থাপক বিশ্ব যোগান শৃংখল গঢ়ি তোলাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি  এই প্ৰকল্পটো স্থাপন কৰা হৈছে । মোবাইল ফোন, টেবলেট, লেপটপ, অটোমোটিভ, কনজিউমাৰ ইলেক্ট্ৰনিকছ আৰু অন্যান্য ডিভাইচৰ দৰে মূল খণ্ডসমূহক সহায় কৰাৰ ক্ষেত্ৰত এই প্ৰকল্পই  গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে ভাৰতৰ অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰই এক নতুন গতি লাভ কৰিব। লগতে  উদ্ভাৱন, দক্ষতা বিকাশ আৰু প্ৰযুক্তি হস্তান্তৰক লাভাৱান্বিত কৰিব। এই প্ৰকল্পই অভিযন্তা, কাৰিকৰী লোক  আৰু পেছাদাৰীসকলৰ বাবে হাজাৰ হাজাৰ প্ৰত্যক্ষ তথা পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি কৰিব।  লগতে আনুষংগিক উদ্যোগসমূহৰ বৃদ্ধিৰ অনুঘটক হিচাপেও প্ৰকল্পটোৱে  কাম কৰিব বুলি আশা  কৰা হৈছে।

 

এইচ চি এল–ফক্সকনৰ যৌথ উদ্যোগে বিশ্বৰ অৰ্ধপৰিবাহী পৰিবেশত ভাৰতৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ কথাই প্ৰতিফলিত কৰিছে।  ই এক শক্তিশালী আৰু স্বনিৰ্ভৰশীল ইলেক্ট্ৰনিকছ উৎপাদন পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ হিচাবে চিহ্নিত হৈছে।

 

***

MJPS/PKK/DM