Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে কন্যা শিশুৰ অদম্য মানসিকতা আৰু সফলতাক প্ৰধানমন্ত্ৰীৰ অভিবাদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে কন্যা শিশুৰ অদম্য আত্মা আৰু সফলতাক অভিবাদন জনাইছে। শ্ৰী মোদীয়ে সকলো ক্ষেত্ৰতে প্ৰতিগৰাকী কন্যা শিশুৰ সমৃদ্ধ সম্ভাৱনীয়তাক স্বীকৃতি দিছে। শ্ৰী মোদীয়ে কয় যে যোৱা এটা দশকত আমাৰ চৰকাৰে এনে এখন ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে বহুতো প্ৰচেষ্টা হাতত লৈছে য’ত প্ৰতিগৰাকী কন্যা শিশুৱে শিকাৰ, বিকাশৰ আৰু সমৃদ্ধ হোৱাৰ সুযোগ লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়,

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে কন্যা শিশুৰ অদম্য মানসিকতা আৰু সফলতাক শ্ৰদ্ধাঞ্জলি জনাইছো। আমি সকলো ক্ষেত্ৰতে প্ৰতিগৰাকী কন্যা শিশুৰ সমৃদ্ধ সম্ভাৱনীয়তাক স্বীকাৰ কৰিছো। তেওঁলোক হ’ল পৰিৱৰ্তন সাধক, যিসকলে আমাৰ দেশ আৰু সমাজক উন্নত কৰিছে। বিগত দশকসমূহত আমাৰ চৰকাৰে এনে এখন ৰাষ্ট্ৰ গঢ়াৰ বাবে প্ৰয়াস কৰি আহিছে য’ত প্ৰতিগৰাকী কন্যা শিশুৱে শিকিবলৈ, বিকাশ লাভ কৰিবলৈ আৰু সমৃদ্ধ হোৱাৰ সুযোগ পাব।

DS/ST