Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ড° এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকীত প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ  প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে ড° এ পি জে আব্দুল কালামক এগৰাকী দূৰদৰ্শী প্ৰেৰণাদায়ক  ব্যক্তি, অসাধাৰণ বিজ্ঞানী, সু-পৰামৰ্শদাতা আৰু এজন মহান দেশপ্ৰেমিক হিচাপে স্মৰণ কৰা হয়।

এক্সৰ এটা  পোষ্টত  প্ৰধানমন্ত্ৰীয়ে কয়

“মৃত্যু বাৰ্ষিকীত, আমাৰ প্ৰিয় প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামক শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁকএগৰাকী দূৰদৰ্শী প্ৰেৰণাদায়ক  ব্যক্তি, অসাধাৰণ বিজ্ঞানী, সু-পৰামৰ্শদাতা আৰু এজন মহান দেশপ্ৰেমিক হিচাপে স্মৰণ কৰা হয়।আমাৰ দেশৰ প্ৰতি তেওঁৰ সমৰ্পণ আছিল অনুকৰণীয়। তেওঁৰ চিন্তাধাৰাই ভাৰতৰ যুৱক-যুৱতীসকলক এখন উন্নত তথা  শক্তিশালী ভাৰত গঢ়াৰ দিশত অৰিহণা যোগাবলৈ প্ৰেৰণা যোগায়।”

 

***

MJPS/VJ/DM