পি এম ইণ্ডিয়া
মহামহিম,
বন্ধুসকল,
মই এটা সৰল পৰীক্ষাৰ উল্লেখেৰে আৰম্ভ কৰিব বিচাৰিছোঁ।
আপোনালোকে যদি আপোনালোকৰ চিকিৎসা সম্পৰ্কীয় প্ৰতিবেদন ‘এআই এপ্’ এটাত ‘আপলোড’ কৰে, ই শব্দৰ দুৰ্বোধ্যতা আঁতৰাই সহজ-সৰল ভাষাত তথ্য-পাতিসমূহৰ ব্যাখ্যা কৰিব পাৰে, আপোনালোকৰ স্বাস্থ্যৰ স্থিতি অৱগত কৰিব পাৰে। কিন্তু, আপোনালোকে যদি একেটা ‘এপ্’-কে বাওঁ হাতেৰে লিখা কোনোবা এগৰাকীৰ ছবি আঁকিবলৈ কয়, ‘এপ্’-টোৱে খুবেই সম্ভৱতঃ সোঁ হাতেৰে লিখি থকা কোনোবা এগৰাকীৰ ছবি আঁকিব। কাৰণ সেইটোৱেই হৈছে প্ৰশিক্ষণ প্ৰদানকাৰী তথ্যই বিস্তাৰ কৰা আধিপত্য।
ইয়েই প্ৰতীয়মান কৰে যে যদিও ‘এআই’-ৰ ইতিবাচক সম্ভাৱনা সঁচায়ে আশ্চৰ্যজনক যদিও এতিয়াও ইয়াৰ বহুতো পক্ষপাতিত্ব আছে, যাৰ বিষয়ে আমি সাৱধানে চিন্তা কৰিব লাগিব। সেয়েহে এই সন্মিলন আয়োজনৰ বাবে আৰু মোক ইয়াৰ সহ-সভাপতিত্ব কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনৰ ওচৰত কৃতজ্ঞ।
বন্ধুসকল,
‘এআই’-য়ে ইতিমধ্যে আমাৰ ৰাজনীতি, আমাৰ অৰ্থনীতি, আমাৰ নিৰাপত্তা আৰু আনকি আমাৰ সমাজকো পুনৰাই গঢ় দিছে। ‘এআই’-য়ে এই শতিকাত মানৱতাৰ বাবে সংহিতা লিখি আছে। কিন্তু, ই মানৱ ইতিহাসৰ অন্যান্য প্ৰযুক্তিৰ সাফল্যসমূহতকৈ বহুত বেলেগ।
‘এআই’ এক অভূতপূৰ্ব পৰিমাপ আৰু গতিত বিকশিত হৈ আছে। আৰু অধিগৃহীত হৈছে আৰু অধিক দ্ৰুততাৰে নিয়োজিত হৈছে। সীমাৰ ইপাৰ-সিপাৰ সামৰি এক গভীৰ পাৰস্পৰিক নিৰ্ভৰশীলতাও আছে। সেয়েহে, ইয়াৰ শাসন-বিধি আৰু মানক প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক গোলকীয় প্ৰচেষ্টাৰ প্ৰয়োজন আছে, যি আমাৰ অংশীদাৰী মূল্যবোধ বৰ্তাই ৰাখিব, বিপদাশংকাবোৰৰ সমাধান কৰিব, আৰু বিশ্বাস গঢ়ি তুলিব।
পিচে, কেৱল বিপদাশংকা আৰু প্ৰতিদ্বন্দ্বিতা নিয়ন্ত্ৰিত কৰিবলৈকে শাসন-বিধিৰ প্ৰয়োজন নহয়। ই উদ্ভাৱনক উদগণি দিয়া, আৰু ইয়াক বিশ্ব-কল্যাণৰ বাবে নিয়োজিত কৰাৰ বাবেও প্ৰয়োজন। সেয়েহে, আমি গভীৰভাৱে চিন্তা কৰিব লাগিব আৰু উদ্ভাৱন আৰু শাসন-বিধিৰ বিষয়ে মুকলিকৈ আলোচনা কৰিব লাগিব।
বন্ধুসকল,
স্বাস্থ্য, শিক্ষা, কৃষি আৰু বহু খণ্ডৰ উন্নতি সাধন কৰি ‘এআই’-য়ে লাখ লাখ জীৱন পৰিৱৰ্তিত কৰাত সহায় কৰিব পাৰে। ই এনে এখন পৃথিৱী সৃষ্টি কৰাত সহায় কৰিব পাৰে য’ত বহনক্ষম উন্নয়ন লক্ষ্যৰ যাত্ৰা সহজ আৰু দ্ৰুত হৈ উঠিব।
এয়া সম্ভৱ কৰিবলৈ আমি সম্পদ আৰু প্ৰতিভাৰ সমাহাৰ ঘটাব লাগিব। আমি ‘মুক্ত-উৎস প্ৰণালী’ বিকশিত কৰিব লাগিব, যি বিশ্বাস আৰু স্বচ্ছতা বঢ়াই তোলে। আমি পক্ষপাতিত্বৰ পৰা মুক্ত হৈ মানসম্পন্ন ‘ডাটা ছেট’ নিৰ্মাণ কৰিব লাগিব। আমি প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণৰ দিহা কৰাৰ লগতে জন-কেন্দ্ৰিক প্ৰয়োগৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব। আমি চাইবাৰ নিৰাপত্তা, অপ-প্ৰচাৰ আৰু ‘ডীপ-ফে’ক’ সম্পৰ্কীয় উদ্বেগবোৰ সমাধান কৰিব লাগিব। আৰু, প্ৰযুক্তি কাৰ্যকৰী আৰু উপযোগী হ’ব পৰাকৈ স্থানীয় পৰিস্থিতিতন্ত্ৰত নিহিত হৈ থকাটোকো আমি নিশ্চিত কৰিব লাগিব।
বন্ধুসকল,
চাকৰি হেৰুৱাবলগীয়া হোৱাটো ‘এআই’-ৰ আটাইতকৈ ভয়ংকৰ ব্যাঘাত। কিন্তু, ইতিহাসে দেখুৱাই আহিছে প্ৰযুক্তিৰ বাবেই কাম নোহোৱা হৈ নাযায়। ইয়াৰ প্ৰকৃতি পৰিৱৰ্তিত হয় আৰু নতুন প্ৰকাৰৰ চাকৰিৰ সুযোগ সৃষ্টি হয়। আমি ‘এআই’-সঞ্চলিত ভৱিষ্যতৰ বাবে আমাৰ মানুহখিনিক দক্ষতা আৰু পুনৰ দক্ষতাসম্পন্ন কৰি তোলাত বিনিয়োগ কৰিব লাগিব।
বন্ধুসকল,
‘এআই’-ৰ উচ্চ শক্তিৰ তীব্ৰতা নিৰীক্ষণৰ প্ৰয়োজন যে থাকিব তাত কোনো সন্দেহ নাই। ইয়াৰ ভৱিষ্যতক ইন্ধন যোগাবলৈ সেউজ শক্তিৰ প্ৰয়োজন হ’ব।
ভাৰত আৰু ফ্ৰান্সে সূৰ্যৰ শক্তি ব্যৱহাৰ কৰিবলৈ ‘আন্তৰ্জাতিক সৌৰ মিত্ৰতা’-ৰ দৰে পদক্ষেপৰ জৰিয়তে বছৰ বছৰ ধৰি একেলগে কাম কৰি আহিছে। আমি আমাৰ অংশীদাৰিত্ব ‘এআই’-লৈ আগুৱাই নিয়াৰ লগে লগেই এক ‘স্মাৰ্ট আৰু দায়িত্বশীল ভৱিষ্য’ত গঢ়ি তোলাৰ বাবে স্থিৰতাৰ পৰা উদ্ভাৱনলৈ এক স্বাভাৱিক প্ৰগতি সূচিত হ’ব।
একে সময়তে বহনক্ষম ‘এআই’-ৰ অৰ্থ কেৱল পৰিচ্ছন্ন শক্তি ব্যৱহাৰ কৰাই নহয়। ‘এআই’ আৰ্হিসমূহো আকাৰ, ‘ডাটা’-ৰ প্ৰয়োজনীয়তা আৰু সম্পদৰ প্ৰয়োজনীয়তাত দক্ষ আৰু বহনক্ষম হ’ব লাগিব। যি কি নহওক, মানুহৰ মগজুৱে বেছিভাগ ‘লাইটবাল্ব’তকৈ কম শক্তি ব্যৱহাৰ কৰি কবিতা ৰচনা আৰু মহাকাশ যানৰ নক্সা তৈয়াৰ কৰিবলৈ সক্ষম হয়।
বন্ধুসকল,
ভাৰতে অতি কম খৰচতে ১.৪ বিলিয়নতকৈয়ো অধিক লোকৰ বাবে সফলতাৰে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি নিৰ্মাণ কৰিছে। এয়া এক মুক্ত আৰু সুলভ নেটৱৰ্ক-ক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। আমাৰ অৰ্থনীতিৰ আধুনিকীকৰণ, শাসনৰ সংস্কাৰ আৰু আমাৰ জনসাধাৰণৰ জীৱন পৰিৱৰ্তনৰ বাবে ইয়াৰ নিয়মাৱলী আৰু বিভিন্ন প্ৰয়োগ আছে।
আমি আমাৰ ‘ডাটা এমপাৱাৰমেণ্ট এণ্ড প্ৰটেকশন আৰ্কিটেকশ্যাৰ’ৰ জৰিয়তে ‘ডাটা’-ৰ শক্তি উন্মুক্ত কৰিছোঁ। আৰু, আমি ডিজিটেল বাণিজ্যৰ গণতান্ত্ৰিক কৰাৰ লগতে সকলোৰে বাবে উপলব্ধ কৰিছোঁ। এই দৃষ্টিভংগী হৈছে ভাৰতৰ ‘ৰাষ্ট্ৰীয় এআই মিছন’-ৰ ভেটি।
সেয়েহে, আমাৰ ‘জি-২০’ – অধ্যক্ষতাৰ সময়ত আমি ‘ভালৰ বাবে আৰু সকলোৰে বাবে এআই’-ক দায়িত্বশীলভাৱে ব্যৱহাৰ কৰাৰ প্ৰসংগত এক সহমত সৃষ্টি কৰিছিলোঁ। আজি, ভাৰতে ‘এআই অভিগ্ৰহণ’, আৰু ‘ডাটা গোপনীয়তা’ৰ ক্ষেত্ৰত প্ৰযুক্তি-আইনী সমাধানত আগবাঢ়ি আছে।
আমি ৰাজহুৱা কল্যাণৰ বাবে ‘এআই এপ্লিকেশ্যন’ বিকশিত কৰি আছো। আমাৰ ওচৰত পৃথিৱীৰ অন্যতম বৃহৎ ‘এআই প্ৰতিভা পুল’ আছে। ভাৰতে আমাৰ বৈচিত্ৰ্যৰ কথা বিবেচনা কৰি নিজৰ বৃহৎ ভাষাৰ আৰ্হি নিৰ্মাণ কৰি আছে। ‘কম্পিউট শক্তি’ৰ দৰে সম্পদ একত্ৰিত কৰাৰ বাবে আমাৰ ওচৰত এক অনন্য ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰ্হি আছে। ইয়াক আমাৰ ষ্টাৰ্ট-আপ আৰু গৱেষকসকলৰ বাবে এক সুলভ ব্যয়ত উপলব্ধ কৰা হয়। আৰু, এআই ভৱিষ্যত ভালৰ বাবে আৰু সকলোৰে বাবে নিশ্চিত কৰিবলৈ ভাৰতে ইয়াৰ অভিজ্ঞতা আৰু দক্ষতা সহভাগ কৰিবলৈ সাজু আছে।
বন্ধুসকল,
আমি ‘এআই’ যুগৰ আৰম্ভণিতে আছোঁ যিয়ে মানৱতাৰ গতিপথ গঢ়ি তুলিব। কিছুমান মানুহে যন্ত্ৰবোৰ মানুহৰ বুদ্ধিমত্তাত উৎকৃষ্ট হোৱাৰ বিষয়ে চিন্তা কৰে। কিন্তু, আমাৰ সামূহিক ভৱিষ্যতৰ চাবিকাঠি আমাৰ মানুহৰ বাহিৰে আন কাৰো হাতত নাই।
সেই দায়িত্ববোধে আমাক পথ প্ৰদৰ্শন কৰিব লাগিব।
ধন্যবাদ।
***
MJPS/SR/KB
Addressing the AI Action Summit in Paris. https://t.co/l9VUC88Cc8
— Narendra Modi (@narendramodi) February 11, 2025
AI is writing the code for humanity in this century. pic.twitter.com/dpCdazKoKZ
— PMO India (@PMOIndia) February 11, 2025
There is a need for collective global efforts to establish governance and standards that uphold our shared values, address risks and build trust. pic.twitter.com/E4kb640Qjk
— PMO India (@PMOIndia) February 11, 2025
AI can help transform millions of lives by improving health, education, agriculture and so much more. pic.twitter.com/IcVPKDdgpk
— PMO India (@PMOIndia) February 11, 2025
We need to invest in skilling and re-skilling our people for an AI-driven future. pic.twitter.com/WIFgF28Ze3
— PMO India (@PMOIndia) February 11, 2025
We are developing AI applications for public good. pic.twitter.com/WM7Pn0N5jv
— PMO India (@PMOIndia) February 11, 2025
India is ready to share its experience and expertise to ensure that the AI future is for Good, and for All. pic.twitter.com/it92oTnL8E
— PMO India (@PMOIndia) February 11, 2025