প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধান দিৱস উপলক্ষে সকলো নাগৰিকক শুভেচ্ছা জনাইছে। বাবাচাহেব ড০ বি আৰ আম্বেদকাৰ আৰু সংবিধান সভাৰ সকলো মহান ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ দ্বাৰা প্ৰণোদিত সংবিধান ভাৰতীয় গণতন্ত্ৰৰ অমূল্য ঐতিহ্য যি বিকশিত ভাৰতৰ সংকল্পক বাস্তৱায়িত কৰাত দেশক পথ প্ৰদৰ্শন কৰি থাকিব।
শ্ৰী মোদীয়ে লগতে সংবিধানত সন্নিবিষ্ট মূল্যবোধসমূহ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰি সঠিক আলোচনা তথা জ্ঞানী আৰু বিজ্ঞসকলৰ দ্বাৰা সু-সংজ্ঞায়িত নীতি -আদৰ্শসমূহ কিদৰে চিৰস্থায়ী হয় সেই বিষয়ে প্ৰতিফলিত কৰা এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে।
এক্স-ত প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰিছেঃ
“সংবিধান দিৱসত সমূহ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছো।
এই পবিত্ৰক্ষণত পূজ্য বাবাচাহেব আৰু সংবিধান সভাৰ সকলো মহান ব্যক্তিলৈ মোৰ শ্ৰদ্ধা আৰু প্ৰণাম।
সংবিধানৰ ৰূপত তেওঁলোকে আগবঢ়োৱা উপহাৰ ভাৰতীয় গণতন্ত্ৰৰ মূল্যৱান সম্পদ, যিয়ে আমাক উন্নত ভাৰতৰ সংকল্প বাস্তৱায়িত কৰাত পথ প্ৰদৰ্শন কৰি থাকিব।
আমাৰ সংবিধানৰ প্ৰণেতাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা আৰু ইয়াৰ অন্তৰ্নিহিত মূল্যবোধসমূহ শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰাৰ এক উপলক্ষ- সংবিধান দিৱসৰ শুভেচ্ছা।
बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः।
कथञ्चिन्न विलीयन्ते विद्वद्भिश्चिन्तिता नयाः॥”
सभी देशवासियों को संविधान दिवस की हार्दिक शुभकामनाएं।
इस पावन अवसर पर पूज्य बाबासाहेब एवं संविधान सभा की समस्त महान विभूतियों को मेरा नमन और वंदन।
संविधान के रूप में उनके द्वारा दी गई सौगात भारतीय लोकतंत्र की अनमोल धरोहर है, जो विकसित भारत के संकल्प को साकार करने में हमारा मार्गदर्शन करती रहेगी।
Greetings on Constitution Day, a day to pay homage to the makers of our Constitution and an occasion to reaffirm our commitment to strengthening the values enshrined in it.
बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः।
कथञ्चिन्न विलीयन्ते विद्वद्भिश्चिन्तिता नयाः॥
— Narendra Modi (@narendramodi) November 26, 2026
****
NKRM/SS/SS/NB
सभी देशवासियों को संविधान दिवस की हार्दिक शुभकामनाएं। इस पावन अवसर पर पूज्य बाबासाहेब एवं संविधान सभा की समस्त महान विभूतियों को मेरा नमन और वंदन। संविधान के रूप में उनके द्वारा दी गई सौगात भारतीय लोकतंत्र की अनमोल धरोहर है, जो विकसित भारत के संकल्प को साकार करने में हमारा मार्गदर्शन करती रहेगी। Greetings on Constitution Day, a day to pay homage to the makers of our Constitution and an occasion to reaffirm our commitment to strengthening the values enshrined in it. बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः। कथञ्चिन्न विलीयन्ते विद्वद्भिश्चिन्तिता नयाः॥
— Narendra Modi (@narendramodi) November 26, 2026