প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ষোড়শ বিত্ত আয়োগৰ কাৰ্যকালত, অৰ্থাৎ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ বিত্তীয় বৰ্ষলৈকে ‘ডাক পৰিচালনা’ শীৰ্ষক কেন্দ্ৰীয় খণ্ডৰ আঁচনিখন অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই আঁচনিৰ বাবে ১,১৪১ কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিৰ জৰিয়তে ডাক সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰা, পৰিচালনা ব্যৱস্থাৰ দক্ষতা বৃদ্ধি কৰা আৰু সমগ্ৰ দেশতে লজিষ্টিকছ, ই-কমাৰ্চ তথা ডিজিটেল সেৱা প্ৰদানৰ বৰ্ধিত চাহিদা পূৰণ কৰাত সহায় কৰাৰ লক্ষ্য লোৱা হৈছে।
বিশ্বৰ অন্যতম বৃহৎ ডাক সেৱাৰ নেটৱৰ্ক হিচাপে ভাৰতীয় ডাক বিভাগৰ অধীনত থকা ১.৬৫ লাখ ডাকঘৰৰ ভিতৰত ১,৪৯,৬৫৫টা ডাকঘৰেই গ্ৰাম্য অঞ্চলত অৱস্থিত। ভাৰতীয় ডাক বিভাগে বিশেষকৈ দূৰৱৰ্তী আৰু সেৱাৰ সুবিধাৰ পৰা বঞ্চিত অঞ্চলবিলাকত চিঠি–পত্ৰ, পাৰ্চেল, বেংকিং, বীমা আৰু নাগৰিককেন্দ্ৰিক অন্যান্য সেৱা প্ৰদানৰ গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে নিৰন্তৰ সেৱা আগবঢ়াই আহিছে।
মূল ডাক সেৱাৰ উপৰি ভাৰতীয় ডাক বিভাগে ডাকঘৰ সঞ্চয় বেংক (POSB), ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক (IPPB), ডাক জীৱন বীমা (PLI), আধাৰ পঞ্জীয়ন আৰু তথ্যৰ সংশোধন, ডাকঘৰ পাছপ’ৰ্ট সেৱা কেন্দ্ৰৰ জৰিয়তে পাছপ’ৰ্ট সেৱা, কেৱাইচি (KYC) সত্যাপন সেৱা আৰু ডাকঘৰ নিৰ্যাৎ কেন্দ্ৰ (DNKs)-ৰ জৰিয়তে গ্ৰাম্য কাৰিকৰসকলক সহায় আগবঢ়োৱাৰ দৰে বিভিন্ন পদক্ষেপৰ জৰিয়তে বিস্তৃত জনসেৱা প্ৰদান কৰি আহিছে।
এই আঁচনিৰ জৰিয়তে ডাক সেৱাৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ, অন্তিম পৰ্যায়লৈকে ডাক সামগ্ৰী আৰু পাৰ্চেলৰ বিতৰণ ব্যৱস্থা শক্তিশালীকৰণ, লজিষ্টিকছৰ দক্ষতা বৃদ্ধি, বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰসাৰ আৰু সমগ্ৰ দেশতে গ্ৰাহককেন্দ্ৰিক সেৱা প্ৰদানৰ মান উন্নত কৰাত সহায় কৰা হ’ব। এই প্ৰস্তাৱে ডিজিটেল ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ বহল লক্ষ্যসমূহৰ সৈতেও সংগতি ৰাখিছে।
এই আঁচনিখন ২০২৬–২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০–৩১ বিত্তীয় বৰ্ষলৈকে পাঁচ বছৰৰ সময়ছোৱাত ৰূপায়ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
ডাক পৰিচালনা আঁচনিখনৰ অধীনত তলত উল্লেখ কৰা ছয়খন উপ–আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে:
১) গ্ৰাম্য ব্যৱসায় আৰু ডাক সেৱাৰ নেটৱৰ্কৰ সুবিধা – ১২০ কোটি টকা: বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ডাকঘৰসমূহৰ আন্তঃগাঁথনিৰ উন্নীতকৰণ, একক ব্ৰেণ্ডিং আৰু সম্পদৰ উন্নত ব্যৱহাৰত গুৰুত্ব আৰোপ কৰি এই ডাকঘৰসমূহক দক্ষ আৰু নাগৰিককেন্দ্ৰিক সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। এই উপ–আঁচনিখনে বিত্তীয় অন্তৰ্ভুক্তি, ডিজিটেল সংযোগ আৰু স্থানীয় অৰ্থনৈতিক উন্নয়ন শক্তিশালী কৰাৰ লগতে অন্তিম পৰ্যায়লৈকে সেৱা প্ৰদানৰ ব্যৱস্থা উন্নত কৰা আৰু সেৱাৰ সুবিধাৰ পৰা বঞ্চিত অঞ্চলসমূহত ডাক সেৱা তথা নাগৰিককেন্দ্ৰিক অন্যান্য সেৱাৰ উপলব্ধতা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে।
২) ডাক সামগ্ৰী পৰিবহণ নেটৱৰ্কৰ অনুকূলীকৰণ – ৫৭৫ কোটি টকা: কেন্দ্ৰীকৃত বিতৰণ ব্যৱস্থা, যান্ত্ৰিকীকৰণ, উন্নত ডাক প্ৰযুক্তি (APT 2.0)-ৰ অধীনত অত্যাধুনিক তথ্য–প্ৰযুক্তিগত সমাধান, ভৌগোলিক তথ্য ব্যৱস্থা (GIS)-ভিত্তিক সেৱা আৰু উন্নীত আন্তঃগাঁথনিৰ জৰিয়তে ডাক সামগ্ৰী পৰিচালনা ব্যৱস্থাৰ আধুনিকীকৰণৰ লক্ষ্য লোৱা হৈছে। এই আঁচনিৰ অধীনত বিতৰণকাৰী ডাকঘৰসমূহৰ সক্ষমতা বৃদ্ধি, ডাক সামগ্ৰী পৰিচালনা ব্যৱস্থাৰ উন্নীতকৰণ, মেইল মটৰ সেৱা (MMS)-ৰ কৰ্মশালা, পথ পৰিবহণ নেটৱৰ্ক আৰু আধুনিক স্মাৰ্ট ২৪ ঘণ্টাই ৭ দিন খোলা থকা চিঠিৰ ডাক বাকচৰ ব্যৱস্থা শক্তিশালী কৰাও অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ ডাক নেটৱৰ্কৰ পৰিচালন দক্ষতা, স্বচ্ছতা, সেৱাৰ মান আৰু লজিষ্টিকছ ব্যৱস্থাৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰা হ’ব।
৩) পাৰ্চেল নেটৱৰ্কৰ অনুকূলীকৰণ – ২৭৮ কোটি টকা: পাৰ্চেলৰ সৰবৰাহ ব্যৱস্থা সুচল কৰা, পৰিচালনাৰ বিভিন্ন পৰ্যায়ত হস্তান্তৰৰ সংখ্যা হ্ৰাস কৰা, সামৰ্থ্যৰ সীমাবদ্ধতা দূৰ কৰা আৰু পৰিবহণৰ সময় হ্ৰাস কৰাৰ লক্ষ্যৰে পুনৰ–নক্সা প্ৰস্তুত কৰা সজোঁট ব্যৱস্থাৰ সৈতে সংগতি ৰাখি পাৰ্চেল হাব নিৰ্মাণ আৰু পাৰ্চেল পেকেজিং ইউনিট (PPUs)-ৰ সম্প্ৰসাৰণ ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই উপ–আঁচনিখনৰ আন এটা লক্ষ্য হৈছে বিশেষভাৱে নিৰ্মিত সুবিধা, মানবিশিষ্ট সুৰক্ষিত পেকেজিং ব্যৱস্থা আৰু উন্নত পৰিচালন নমনীয়তাৰ জৰিয়তে ই–কমাৰ্চ আৰু গ্ৰাম্য বজাৰৰ পৰা বৃদ্ধি পোৱা পাৰ্চেলৰ চাহিদা পূৰণ কৰা। ইয়াৰ উপৰি গ্ৰাহকৰ আস্থা বৃদ্ধি আৰু লজিষ্টিকছ খণ্ডত ভাৰতীয় ডাক বিভাগৰ প্ৰতিযোগিতামূলক সক্ষমতা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হৈছে।
৪) আন্তঃৰাষ্ট্ৰীয় ডাক সেৱাৰ আন্তঃগাঁথনিৰ উন্নীতকৰণ আৰু সম্প্ৰসাৰণ – ৮ কোটি টকা: বিদেশী ডাকঘৰ (FPOs) আৰু উপ–বিদেশী ডাকঘৰ (SFPOs)-সমূহৰ আন্তঃগাঁথনি উন্নীতকৰণৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ডাক সেৱা শক্তিশালী কৰা আৰু আন্তঃৰাষ্ট্ৰীয় ডাক সামগ্ৰীৰ প্ৰক্ৰিয়াকৰণ ক্ষিপ্ৰতৰ কৰাই এই উপ–আঁচনিখনৰ মূল লক্ষ্য। ইয়াৰ অধীনত ডাক বিভাগ তথা ৰে’ল ডাক সেৱা (RMS) সংমণ্ডলৰ জৰিয়তে বিপণন আৰু বিজ্ঞাপনমূলক কাৰ্যকলাপো অন্তৰ্ভুক্ত কৰা হৈছে। লগতে নিয়ম–নীতিৰ অনুপালন, প্ৰযুক্তিৰ সংহতি আৰু ৰপ্তানি লজিষ্টিকছৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ জৰিয়তে ভাৰতীয় ডাক বিভাগক এক নিৰ্ভৰযোগ্য আন্তঃৰাষ্ট্ৰীয় লজিষ্টিকছ সেৱা প্ৰদানকাৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লোৱা হৈছে।
৫) সেৱাৰ মান উন্নীতকৰণকে ধৰি বিপণনমূলক কাৰ্যকলাপ – ১০০ কোটি টকা: টেলিভিছন, ডিজিটেল মাধ্যম, ৰেডিঅ’, ছপা মাধ্যম আৰু বাহ্যিক প্ৰচাৰ মাধ্যমৰ দ্বাৰা বহুমুখী প্ৰচাৰ অভিযানৰ জৰিয়তে প্ৰসাৰ, ব্ৰেণ্ডিং, জনসম্পৰ্ক আৰু গ্ৰাহকৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাত এই উপ–আঁচনিখনে গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ অধীনত বিভিন্ন অনুষ্ঠান আৰু প্ৰদৰ্শনীত অংশগ্ৰহণ, সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ অভিযান, প্ৰত্যক্ষ বিপণন আৰু বিশেষকৈ গ্ৰাম্য তথা সেৱাৰ সুবিধাৰ পৰা বঞ্চিত অঞ্চলসমূহত তৃণমূল পৰ্যায়ৰ জনসম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ‘ডাক চৌপাল’ৰ কাৰ্যকলাপৰ সম্প্ৰসাৰণো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি সেৱাৰ মান উন্নত কৰা আৰু গ্ৰাহককেন্দ্ৰিক দৃষ্টিভংগী শক্তিশালী কৰাৰ লক্ষ্যৰে আন্তঃগাঁথনিৰ উন্নীতকৰণ, ষ্টুডিঅ’ৰ সুবিধা সৃষ্টি, তথ্য আৰু যোগাযোগ প্ৰযুক্তি (ICT)-ৰ উন্নীতকৰণ, বজাৰ গৱেষণা, প্ৰভাৱশালী ব্যক্তিসকলৰ (Influencers) সৈতে সম্পৰ্ক স্থাপন আৰু তৃতীয় পক্ষৰ জৰিয়তে মূল্যায়ন ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।
৬) ডাক টিকট সংগ্ৰহ (Philately) সম্পৰ্কীয় কাৰ্যকলাপ – ৬০ কোটি টকা: প্ৰদৰ্শনী, আলোচনা–চক্ৰ, কুইজ প্ৰতিযোগিতা, বিদ্যালয়সমূহত ডাক টিকট সংগ্ৰহৰ ক্লাব স্থাপন আৰু সুগন্ধিযুক্ত, হ’ল’গ্ৰাফিক তথা ত্ৰিমাত্ৰিক (3D) ডাক টিকটকে ধৰি উদ্ভাৱনীমূলক ডাক টিকটৰ নক্সা প্ৰস্তুতৰ জৰিয়তে ডাক টিকট সংগ্ৰহৰ প্ৰসাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ কৰা হৈছে। ইয়াৰ অধীনত ডিজিটেল মাধ্যমৰ জৰিয়তে প্ৰচাৰমূলক কাৰ্যকলাপ, ‘আধা আখৰ’ পত্ৰ লিখন প্ৰতিযোগিতা আৰু ‘স্পৰ্শ’ (SPARSH) বৃত্তি আঁচনিৰ দৰে কাৰ্যসূচী, উৎপাদন আৰু অৰ্ডাৰ পূৰণ কেন্দ্ৰসমূহৰ আধুনিকীকৰণ, বজাৰ গৱেষণা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাও অন্তৰ্ভুক্ত কৰা হৈছে। ডাক টিকট সংগ্ৰহক আকৰ্ষণীয় শৈক্ষিক আৰু সাংস্কৃতিক কাৰ্যকলাপ হিচাপে পুনৰুজ্জীৱিত কৰাৰ লগতে পৰিচালন দক্ষতা আৰু ৰাজহ আহৰণৰ সম্ভাৱনা বৃদ্ধি কৰাই এই উপ–আঁচনিখনৰ মূল উদ্দেশ্য।
*****
MJPS/PK