Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছচিঅ’ সন্মিলনৰ আঁৰত ম্যানমাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু শান্তি আয়োগৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হ্লাইঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

এছচিঅ’ সন্মিলনৰ আঁৰত ম্যানমাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু শান্তি আয়োগৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হ্লাইঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা সন্মিলনৰ আঁৰত ম্যানমাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু শান্তি আয়োগৰ অধ্যক্ষ ছিনিয়ৰ জেনেৰেল মিন আং হ্লাইঙৰ সৈতে এখনি বৈঠকত মিলিত হয়।

ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে চুবুৰীয়া প্ৰথম, এক্ট ইষ্ট আৰু ইণ্ডো-পেচিফিক নীতিৰ অংশ হিচাপে ম্যানমাৰৰে সম্পৰ্কক গুৰুত্ব প্ৰদান কৰি আহিছে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত পৰ্য্যালোচনাৰে উন্নয়ন অংশীদাৰিত্ব, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সীমান্ত ব্যৱস্থাপনা আৰু সীমান্ত বাণিজ্যকে প্ৰমুখ্য কৰি দ্বিপাক্ষিক সহযোগিতাৰ কেইবাটাও দিশত আগন্তুক পথ সম্পৰ্কে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে অব্যাহত সংযোগ প্ৰকল্পৰ অগ্ৰগতিৰ ফলশ্ৰুতিত দুয়োখন দেশৰ জনসাধাৰণৰ মাজত অধিক পাৰস্পৰিক কাৰ্য্য-কলাপ বৃদ্ধি পাব, একে সময়তে ভাৰতৰ এক্ট ইষ্ট নীতিত কল্পনা কৰা অনুসৰি আঞ্চলিক সহযোগিতা আৰু সংহতিৰ প্ৰসাৰ ঘটিব।

প্ৰধানমন্ত্ৰীয়ে ম্যানমাৰৰ আগন্তুক নিৰ্বাচন সকলোৰে অংশগ্ৰহণেৰে ন্যায্য আৰু সৰ্বাংগীনভাৱে অনুষ্ঠিত হ’ব বুলি আশা প্ৰকাশ কৰে। তেখেতে কয় যে ভাৰতে ম্যানমাৰৰ-নেতৃত্বাধীন আৰু ম্যানমাৰে-চালিত কৰা শান্তি প্ৰক্ৰিয়াক সমৰ্থন কৰে, ইয়াৰ বাবে শান্তিপূৰ্ণ আলোচনা আৰু পৰামৰ্শই হৈছে একমাত্ৰ উপায়।

প্ৰধানমন্ত্ৰীয়ে ম্যানমাৰৰ উন্নয়নমূলক প্ৰয়োজনীয়তাক সমৰ্থন কৰিবলৈ ভাৰতৰ প্ৰস্তুতিৰ কথা দোহাৰে।

 

***

MJPS/ST/SB