পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ডিচেম্বৰৰ দিনৰ প্ৰায় ১ বজাত নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত মহান তামিল কবি তথা স্বাধীনতা সংগ্ৰামী সুব্ৰমণিয়া ভাৰতীৰ সম্পূৰ্ণ ৰচনাৰ সংকলন উন্মোচন কৰিব।
সুব্ৰমণীয়া ভাৰতীৰ লেখাই মানুহৰ মনত দেশপ্ৰেমৰ জগাই তুলিছিল, জনসাধাৰণৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পৰা ভাষাত ভাৰতীয় সংস্কৃতি আৰু দেশৰ আধ্যাত্মিক ঐতিহ্যৰ সাৰমৰ্ম জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। তেওঁৰ সম্পূৰ্ণ ৰচনাসমূহৰ ২৩খণ্ডৰ সংকলনখনি ছীনি বিশ্বনাথনে সংকলন আৰু সম্পাদনা কৰিছে। গ্ৰন্থখন প্ৰকাশ কৰিছে এলায়েন্স পাব্লিচাৰ্ছে। সংকলনটোত সুব্ৰমণীয়া ভাৰতীৰ লেখাৰ সংস্কৰণ, ব্যাখ্যা, নথি, পটভূমিৰ তথ্য আৰু দাৰ্শনিক উপস্থাপন আদিৰ বিশদ বিৱৰণ সন্নিবিষ্ট কৰা হৈছে।
***
MJPS/SR/DB