পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিত ভ্ৰমণসূচীৰে ২৯–৩০ আগষ্টত উজবেকিস্তান আৰু ২৬সংখ্যক এছ চি অ’ শীৰ্ষ সন্মিলনৰ বাবে ২০২৬ চনৰ ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ কিৰ্গিজ ৰিপাব্লিক ভ্ৰমণ কৰিব।
উজবেকিস্তানৰ ৰাষ্ট্ৰপতি মহামহিম শ্বাভকাট মিৰ্জিঅ’য়েভৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৬ চনৰ ২৯–৩০ আগষ্টত তাছকেণ্টলৈ ৰাষ্ট্ৰীয় ভ্ৰমণ গ্ৰহণ কৰিব। এয়া হ’ব প্ৰধানমন্ত্ৰীগৰাকীৰ চতুৰ্থবাৰৰ বাবে উজবেকিস্তান ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মিৰ্জিঅ’য়েভৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হৈ দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা, ডিজিটেল সংযোগ, শক্তি, শিক্ষা আৰু জনসাধাৰণৰ ক্ষেত্ৰত সহযোগিতা পৰ্যালোচনা কৰি আগন্তুক কাৰ্যপন্থা নিৰ্ধাৰণ কৰিব। বিকশিত ভাৰত ২০৪৭ আৰু উজবেকিস্তান-২০৩০ৰ ভাগ-বতৰা কৰা উন্নয়নমূলক দৃষ্টিভংগীক আগুৱাই নিয়াৰ ক্ষেত্ৰতো তেওঁলোকে মতামত শ্বেয়াৰ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে তাছকেণ্টৰ শাস্ত্ৰী স্মাৰক আৰু তাছকেণ্ট ৰাষ্ট্ৰীয় প্ৰাচ্য অধ্যয়ন বিশ্ববিদ্যালয়ৰ মহাত্মা গান্ধী কেন্দ্ৰও পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে।
তাছকেণ্টৰ পৰা কিৰ্গিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ছাদিৰ জাপাৰোভৰ আমন্ত্ৰণত প্ৰধামন্ত্ৰীয়ে ২০২৬ চনৰ ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ২৬সংখ্যক এছ চি অ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বিস্কেকলৈ যাত্ৰা কৰিব। এই সন্মিলনত চাংহাই সহযোগিতা সংস্থাৰ ২৫ বছৰ সম্পূৰ্ণ হ’ব, যত ২০১৭ চনৰ পৰা ভাৰত পূৰ্ণ সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছিল। প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনত ভাষণ দি সুৰক্ষা, সংযোগ আৰু সম্ভাৱনাৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰাধিকাৰৰ ৰূপৰেখা দাঙি ধৰিব। সন্মিলনৰ মাজতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এছচিঅ’ৰ নেতাসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। তেওঁ লগতে মধ্য এছিয়াৰ চহকী সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা ষষ্ঠ ৱৰ্ল্ড নোমাড গেমছৰ মুকলি অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।
****
MJPS/SS/ST/KD