Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সামাজিক ন্যায় আৰু বিকশিত ভাৰতৰ প্ৰতি সংবিধান কেনেদৰে আমাৰ চিৰন্তন দিকনিৰ্দেশক হৈ আছে সেই বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা প্ৰবন্ধ শ্বেয়াৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য’ত সংবিধান কেনেদৰে সামাজিক ন্যায় আৰু বিকশিত ভাৰতৰ প্ৰতি আমাৰ চিৰন্তন দিকনিৰ্দেশক হৈ আছে সেই বিষয়ত আলোকপাত কৰা হৈছে।

শ্ৰী মেঘৱালে ৰাষ্ট্ৰ নিৰ্মাণত সাংবিধানিক মূল্যবোধৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰাৰ লগতে ভাৰতৰ বাবে বাবাচাহেব আম্বেদকাৰৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ দিশে লৈ যোৱা, পিছপৰা শ্ৰেণী, অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী আৰু মহিলাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বিষয়ত গুৰুত্ব আৰোপ কৰা কল্যাণমূলক পদক্ষেপ তথা যুগান্তকাৰী সাংবিধানিক ব্যৱস্থাসমূহৰ ওপৰত আলোকপাত কৰে।

এক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পোষ্ট কৰিছেঃ

“সংবিধান সামাজিক ন্যায় আৰু বিকশিত ভাৰতৰ প্ৰতি আমাৰ চিৰন্তন দিকনিৰ্দেশক হৈ আছে।

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী @arjunrammeghwal- এ কল্যাণমূলক পদক্ষেপ আৰু যুগান্তকাৰী সাংবিধানিক ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰিছে যিয়ে দেশক ভাৰতৰ বাবে বাবাচাহেব আম্বেদকাৰৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ দিশে লৈ গৈছে।

তেওঁ পিছপৰা শ্ৰেণী, অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী আৰু মহিলাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। ইয়াৰ লগতে তেওঁ ৰাষ্ট্ৰ নিৰ্মাণত সাংবিধানিক মূল্যবোধৰ আৱশ্যকতা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে।”

****

NKRM/SS/SS/NB