Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অপৰম্পৰাগত হাইড্ৰ’কাৰ্বনৰ অন্বেষণ আৰু ব্যৱহাৰৰ বাবে নিয়মাৱলীৰ পৰিকাঠামোত কেবিনেটৰ অনুমোদন


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে শ্বেল তেল/গেছ, কয়লা বেড মিথেন (চিবিএম) ইত্যাদিৰ দৰে অপৰম্পৰাগত হাইড্ৰকাৰ্বনৰ অন্বেষণ তথা ব্যৱহাৰৰ বাবে নিয়মাৱলীৰ পৰিকাঠামোত অনুমোদন প্ৰদান কৰিছে৷ উপলব্ধ ভূমিত অপৰম্পৰাগত হাইড্ৰকাৰ্বনৰ ক্ষমতাৰ ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত অনুজ্ঞাপত্ৰধাৰী/পট্টাধাৰী ঠিকাদাৰসমূহক উৎসাহিত কৰাৰ বাবে বৰ্তমান উৎপাদন অংশীদাৰীত্ব ঠিকা, চিবিএম ঠিকা আৰু মনোনীত ক্ষেত্ৰৰ অধীনত ইয়াক অনুপালন কৰা হব৷

লাভসমূহঃ

· এই নীতিৰ দ্বাৰা বৰ্তমান ব্যৱস্থাৰ ক্ষেত্ৰত সম্ভাৱিত হাইড্ৰ’কাৰ্বনৰ ভাণ্ডাৰৰ ব্যৱহাৰৰ বাবে ক্ষমতা বৃদ্ধি হ’ব, যি এতিয়ালৈ অন্বেষণ কৰা নাই আৰু যাৰ ব্যৱহাৰ এতিয়ালৈ হোৱা নাই৷

· এই নীতিৰ প্ৰণয়নৰ দ্বাৰা নতুন হাইড্ৰ’কাৰ্বনৰ অন্বেষণৰ সম্বন্ধত অন্বেষণ আৰু উৎপাদন গতিবিধিত নতুন বিনিয়োগ তথা পৰিণামস্বৰূপ ঘৰুৱা উৎপাদনত বৃদ্ধিৰ আশা কৰা হ’ব৷

· অতিৰিক্ত হাইড্ৰ’কাৰ্বন সংসাধনৰ অন্বেষণ আৰু ব্যৱহাৰৰ দ্বাৰা নতুন বিনিয়োগ, আৰ্থিক গতিবিধিত ক্ষীপ্ৰতা তথা অতিৰিক্ত নিয়োগ সৃষ্টি হোৱাৰ আশা প্ৰকাশ কৰা হৈছে, ইয়াৰ দ্বাৰা সমাজৰ বিভিন্ন বৰ্গৰ লাভ হ’ব৷

· ইয়াৰ দ্বাৰা নতুন, অভিনৱ আৰু উৎকৃষ্ট প্ৰদ্যোগিকীৰ সম্ভাৱনা বৃদ্ধি হ’ব আৰু অপৰম্পৰাগত হাইড্ৰ’কাৰ্বনৰ ব্যৱহাৰৰ বাবে নতুন প্ৰদ্যোগিকী সহযোগিতাৰ পথ মুকলি হ’ব৷

পৃষ্ঠভূমিঃ

পিএছচিৰ উপলব্ধ নীতি অনুসৰি বৰ্তমানৰ ঠিকাদাৰসকলক পূৰ্বৰে পৰা অনুজ্ঞাপত্ৰ আৰু পট্টাত আৱণ্টিত ক্ষেত্ৰত চিবিএম অথবা অপৰম্পৰাগত হাইড্ৰ’কাৰ্বনৰ অন্বেষণ আৰু ব্যৱহাৰৰ অনুমতি নাই৷ এইদৰে চিবিএমক বাদ দি অন্যান্য ঠিকাদাৰসকলে অন্য হাইড্ৰ’কাৰ্বনৰ অন্বেষণ আৰু ব্যৱহাৰ কৰিব নোৱাৰে৷ পিএছচি আৰু চিবিএম ব্ল’কত বিভিন্ন ঠিকাদাৰৰ অধীনত এই সময়ত যি ভূমিখণ্ড উপলব্ধ আছে তথা মনোনীত ব্যৱস্থাত ৰাষ্ট্ৰীয় তেল কোম্পানীসমূহে ভাৰতৰ গেদীয় বেচিনৰ এক বৃহৎ অংশ৷

প্ৰাৰম্ভিক অধ্যয়নত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় এজেন্সীসকলে মূল্যায়ন কৰিছে যে পাঁচটা ভাৰতীয় গেদীয় বেচিনত ১০০-২০০ টিচিএফৰ সীমাত সম্ভাৱিত শ্বেল গেছ সংসাধন উপলব্ধ আছে৷ কাম্বে, কৃষ্ণা-গোদাৱৰী, কাবেৰী ইত্যাদিৰ দৰে বেচিনত শ্বেল তেল/গেছ হোৱাৰ অধিক সম্ভাৱনা আছে য’ত জৈৱিক সম্পদেৰে পূৰ্ণ শ্বেল উপলব্ধ আছে৷ পিএছইৰ পূৰ্ব-নৱ অন্বেষণ অনুজ্ঞাপত্ৰ নীতি (এনইএলপি)/এনইএলপিৰ ব্যৱস্থাৰ অধীনত ৭২,০২৭ বৰ্গ কিলোমিটাৰ ক্ষেত্ৰ আৰু চিবিএম নীতিৰ অধীনত ৫২৬৯ বৰ্গ কিলোমিটাৰ ক্ষেত্ৰক পৰম্পৰাগত অথবা অপৰাম্পৰাগত হাইড্ৰ’কাৰ্বনৰ ব্যৱহাৰ আৰু অন্বেষণৰ বাবে মুকলি কৰা হৈছে৷ এই নীতিৰ অনুমোদনৰ পিছত ‘অনন্য হাইড্ৰ’কাৰ্বন সংসাধন প্ৰকাৰ’ৰ স্থানত ‘সমান অনুজ্ঞাপত্ৰ নীতি’ প্ৰৱৰ্তন হ’ব, যি হাইড্ৰ’কাৰ্বন অন্বেষণ তথা অনুজ্ঞাপত্ৰ নীতি (এইচইএলপি) তথা অন্বেষিত লঘূ ক্ষেত্ৰ (ডিএছএফ) নীতিত এই সময় প্ৰৱৰ্তিত হ’ব৷

পিএছচি ব্ল’কত নতুন হাইড্ৰ’কাৰ্বন অন্বেষণ নীতিৰ ব্যয় পুনৰুদ্ধাৰ আৰু পেট্ৰ’লিয়াম গতিবিধিৰ সঞ্চালনৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে নীতিগত বিত্তীয় তথা নীতি সম্বন্ধীয় চৰ্তসমূহ সহায়ক হয়৷ চিবিএম নীতিৰ ক্ষেত্ৰত পেট্ৰ’লিয়াম লাভ/উৎপাদন স্তৰীয় জমাৰ অতিৰিক্ত ১০ শতাংশ দৰ তথা এই বিষয়ত উপলব্ধ দৰতকৈ অধিকসমূহক চৰকাৰৰ সৈতে নতুন অন্বেষণৰ সম্বন্ধত সহযোগিতা কৰিব লাগিব৷ মনোনীত ব্ল’কৰ বাবে অন্বেষণ/পট্টা অনুজ্ঞাপত্ৰৰ উপলব্ধ বিত্তীয় আৰু নীতি চৰ্তৰ অধীনত অপৰম্পৰাগত হাইড্ৰ’কাৰ্বনৰ অন্বেষণ তথা ব্যৱহাৰৰ অনুমতিৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব৷   

 

****

AKT/SH/MANN