Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেন্দ্ৰীয় কেবিনেটে পিপিপিৰ জৰিয়তে ছয়টা বিমানবন্দৰ-আহমেদাবাদ, জয়পুৰ, লক্ষ্ণৌ, গুৱাহাটী, থিৰুৱনন্তপুৰম আৰু মাংগালুৰুক লীজত দিয়াৰ বাবে অনুমোদন প্ৰদান কৰিছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নিম্নোল্লিখিত বিষয়সমূহত অনুমোদন প্ৰদান কৰিছেঃ

. পিপিপিএচি জৰিয়তে পিপিপিৰ অধীনত পৰিচালন, প্ৰৱন্ধন আৰু বিকাশৰ বাবে ভাৰতীয় বিমানপত্তন প্ৰাধিকৰণ (এএআই)ৰ ছয়টা বিমানবন্দৰআহমেদাবাদ, জয়পুৰ, লক্ষ্ণৌ, গুৱাহাটী, থিৰুৱনন্তপুৰম আৰু মাংগালুৰুক লীজত দিয়াৰ বাবে সিদ্ধান্তমূলক অনুমোদন৷

. পিপিপিএচিৰ কাৰ্যক্ষেত্ৰৰ বাহিৰৰ কোনো বিষয়ত সিদ্ধান্ত লোৱাৰ বাবে নীতি আয়োগৰ মুখ্য কাৰ্যাহী বিষয়া (চিইঅ’)ৰ নেতৃত্বত নগৰ বিমান মন্ত্ৰালয়ৰ সচিব, আৰ্থিক বিষয়ৰ বিভাগৰ সচিব তথা ব্যয় বিভাগৰ সচিবক অন্তৰ্ভুক্ত কৰি সচিবসমূহৰ এক অধিকাৰপ্ৰাপ্ত সংস্থাৰ গঠন৷

লাভঃ

. বুনিয়াদী আন্তঃগাঁথনি পৰিযোজনাত পিপিপিৰ পৰা সাৰ্বজনিক ক্ষেত্ৰত আৱশ্যকীয় বিনিয়োগ একত্ৰিত কৰাৰ উপৰিও সেৱা যোগান, বিশেষজ্ঞতা, উদ্যমিতা তথআ ব্যৱহাৰিক কৌশলত দক্ষতা লাভ হব৷

. হায়দৰাবাদ আৰু বেংগালুৰুত গ্ৰীণ ফীল্ড বিমানবন্দৰৰ বিকাশৰ বাবে পিপিপি মণ্ডলৰ দ্বাৰা বুনিয়াদী আন্তঃগাঁথনিত বিমানবন্দৰসমূহত বিশ্বমানৰ বুনিয়াদী আন্তঃগাঁথনি স্থাপন, বিমানবন্দৰলৈ অহা যাত্ৰীসকলৰ কুশল আৰু সময়োপযোগী সেৱা প্ৰদান কৰা আৰু বিনা কোনো বিনিয়োগৰ দ্বাৰা ভাৰতীয় বিমান প্ৰাধিকৰণৰ ৰাজহ বৃদ্ধি কৰিবলৈ সহায় লাভ লাভ কৰিছে৷ বৰ্তমানে পিপিপি মণ্ডলৰ অধীনত ব্যৱস্থাপনা কৰা বিমানবন্দৰত দিল্লী, মুম্বাই, বেংগালুৰু, হায়দৰাবাদ আৰু কোচিও অন্তৰ্ভুক্ত আছে৷

. ভাৰতত পিপিপি বিমানবন্দৰে বিমানবন্দৰ সেৱা গুণগতমানৰ ৰূপত বিমানবন্দৰ আন্তঃৰাষ্ট্ৰী পৰিষদ (এচিআই)ৰ দ্বাৰা নিজৰ সম্বন্ধিত শ্ৰেণীসমূহত শীৰ্ষৰ পাঁচটা বিমানবন্দৰত মূল্যাংকন লাভ কৰিছে৷

. এই পিপিপি অভিজ্ঞতাই বিশ্বস্তৰীয় বিমানবন্দৰ নিৰ্মাণ কৰাত সহায় কৰিছে৷ ই দেশৰ অন্য প্ৰান্তত বিমানবন্দৰৰ বিকাশ আৰু এয়াৰ নেভিগেচন বুনিয়াদী আন্তঃগাঁথনিত ধ্যান কেন্দ্ৰীভূত কৰি ৰাজহ বৃদ্ধিত ভাৰতীয় বিমান প্ৰাধিকৰণকো সহায় কৰিছে৷

পৃষ্ঠভূমিঃ

ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাত বৃদ্ধিৰ সৈতে অধিকাংশ বিমানবন্দৰত ক্ৰমান্বয়ে বৃদ্ধি পোৱা ভিৰ তথা এক দশকতকৈও অধিক সময়ৰ পূৰ্বে ব্যক্তিগতকৰণ কৰা পাঁচটা বিমানবন্দৰত শক্তিশালী যাতায়াত বৃদ্ধিয়ে অনেক আন্তঃৰাষ্ট্ৰীয় পৰিচালক তথা বিনিয়োগকাৰীৰ ধ্যান ইয়াৰ ওপৰত কেন্দ্ৰীভূত কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় আগ্ৰহৰ ৰূপত বুনিয়াদী আন্তঃগাঁথনি ক্ষেত্ৰত বিমানবন্দৰ এক শীৰ্ষৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰ৷ আন্তঃৰাষ্ট্ৰীয় পৰিষদ আৰু বিনিয়োগকাৰীয়ে তিনিচাৰি মিলিয়নতকৈ অধিক যাত্ৰীৰ ক্ষমতাযুক্ত ব্ৰাউনফীল্ড বিমানবন্দৰৰ প্ৰসাৰণত অধিক আগ্ৰহ প্ৰকাশ কৰিছে৷ বিমানবন্দৰ ক্ষেত্ৰই পিপিপি মডেলক আঁকোৱালি লোৱাৰ পৰা প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই)ক আকৰ্ষিক কৰাৰ এক তাৎক্ষণিক অৱকাশ উপলব্ধ কৰাব পাৰে৷

সেইবাবে ভাৰতীয় বিমান প্ৰাধিকৰণৰ ছয়টা বিমানবন্দৰআহমেদাবাদ, জয়পুৰ, লক্ষ্ণৌ, গুৱাহাটী, থিৰুৱনন্তপুৰম আৰু মাংগালুৰুক প্ৰথম পৰ্যায়ত লীজত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ইয়াৰ দ্বাৰা ভাৰতীয় বিমান প্ৰাধিকৰণৰ ৰাজহ বৃদ্ধিত তথা নিয়োজন সৃষ্টিত আৰু সম্বন্ধীয় বুনিয়াদী আন্তঃগাঁথনিৰ ৰূপত এই ক্ষেত্ৰসমূহৰ আৰ্থিক বিকাশ হোৱাৰ অনুমান কৰা হৈছে৷

 

 

 

****

AKT/NW/SH/MANN