Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভেনিচ আৰ্ট বিয়েনালেত ভাৰতীয় পেভিলিয়নে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পেভিলিয়ন শিতানত সন্মানীয় ভিজিটৰছ লায়ন বঁটা লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ আনন্দ প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভেনিচ আৰ্ট বিয়েনালেত শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পেভিলিয়নৰ বাবে ভাৰতীয় পেভিলিয়নে সন্মানীয় ভিজিটৰছ লায়ন লাভ কৰাত আনন্দ প্ৰকাশ কৰি ইয়াক ভাৰতৰ কলা আৰু সাংস্কৃতি জগতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰিছে।

এক্স–ৰ এটা পোষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছে;

 ‘ভাৰতৰ কলা আৰু সাংস্কৃতি জগতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত!

আনন্দৰ বিষয় যে ভেনিচ আৰ্ট বিয়েনালেৰ ভাৰতীয় পেভিলিয়নে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় পেভিলিয়নৰ বাবে সন্মানীয় ভিজিটৰছ লায়ন বঁটা লাভ কৰিছে।

আমাৰ শিল্পীসকলে ভাৰতৰ সমৃদ্ধ আৰু বৈচিত্ৰপূৰ্ণ সাংস্কৃতিক ঐতিহ্যৰ পৰা অনুপ্ৰেৰণা লৈ কলা জগতলৈ নতুন দৃষ্টিভংগী কঢ়িয়াই আনিছে। এই কৃতিত্বই আৰু বহুতো যুৱ ভাৰতীয়ক কলা অনুসৰণ কৰিবলৈ আৰু নতুন সৃষ্টিশীল দিগন্ত অন্বেষণ কৰিবলৈ অনুপ্ৰাণিত কৰক।’

****

MJPS/SS/SS/MK